নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নলবাৰীৰ বালি মেধিপাৰাত মৃতদেহ উদ্ধাৰ

নিয়মীয়া বাৰ্তা, ২৭ জুন : নলবাৰী জিলাৰ পশ্চিম নামবৰভাগ গাঁও পঞ্চায়তৰ বালি গাঁৱৰ মেধিপাৰা চ’কৰ সমীপত নলবাৰী-কৈঠালকুছি-হাৰিভাঙা সংযোগী লোকনিৰ্মাণ পথৰ এটি কালভাৰ্টৰ তলত আজি এটা মৃতদেহ উদ্ধাৰ হোৱা ঘটনাত বৃহত্তৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ উদ্ধাৰ হোৱা মৃতদেহটো বেলশৰ থানাৰ অন্তৰ্গত মাক্ৰাপাৰৰ মিস্ত্ৰী কাম কৰি পৰিয়াল পোহপাল দিয়া বিপিন ঠাকুৰীয়া (৪০)ৰ বুলি চিনাক্ত কৰে৷ পিছত ঘটনাস্থলীত টিহু আৰক্ষী উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে নলবাৰীলৈ প্ৰেৰণ কৰে ।

প্ৰেৰক শৈলেন বৰ্মন

You might also like