নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্য কঁপোৱা শিহৰণকাৰী ঘটনা : উদ্ধাৰ ছাত্ৰৰ মৃতদেহ

📌 শোকাকুল শৈক্ষিক নগৰ টংলা,দল-সংগঠনৰ  কঠোৰ ভাষাৰে গৰিহণা
📌 হত্যাকাৰীক ফাঁচিৰ দাবীত আছুৰ উত্তাল প্ৰতিবাদ
📌ঘটনাৰ সম্পকৰ্কত দুজনক আটক
📌হত্যাকাৰীক কঠোৰ হাতেৰে শাস্তি প্ৰদানৰ আশ্বাস শীৰ্ষ আৰক্ষী বিষয়াৰ 
নিয়মীয়া বাৰ্তা, ২১ ডিচেম্বৰ : ঘৰৰপৰা পৰীক্ষা দিবলৈ যোৱা টংলাৰ কেন্দ্ৰীয় জাতীয় বিদ্যালয়ৰ ছাত্ৰ গৌৰৱ শৰ্মা আৰু ভাতৃ কৌশিক শৰ্মা ঘৰ আৰু বিদ্যালয় এখনো নাপালে। কালিৰে পৰা নিৰুদ্দেশ হৈ থকা ওদালগুৰি জিলাৰ শৈক্ষিক, বৌদ্ধিক আৰু সাংস্কৃতিক নগৰৰূপে যাক আমি গৌৰৱ কৰি আহিছোঁ শৈক্ষিক নগৰক অলংকৃত কৰি দুটি দেৱ শিশু তথা ছাত্ৰৰ ডিঙি কাটি হত্যা কৰা ঘটনাই সমগ্ৰ ৰাজ্যকে কপাই তুলিছে।নিশংস,বৰ্বৰতা আৰু শিহৰণকাৰী ভাষাৰে বুজাব নোৱাৰা মৰ্মান্তিক ঘটনাক সৰ্বত্ৰে সকলোৱে একেমুখে গৰিহণা দিয়াই নহয় অতি শীঘ্ৰে দোষীক কৰায়ত্ত কৰি কঠোৰ শাস্তি প্ৰদান কৰিবলৈ দাবী জনাইছে। উল্লেখ্য যে ওদালগুৰি জিলাৰ টংলা যোৰপুখুৰী পাৰৰ নিৰ্বাসী পিতৃ মহেন্দ্ৰ শৰ্মা, মাতৃ গীতা শৰ্মাৰ দুই পুত্ৰ ক্ৰমে ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ গৌৰৱ শৰ্মা, আৰু পঞ্চম শ্ৰেণীৰ ছাত্ৰ কৌশিক শৰ্মা কালি পুৱা ঘৰৰপৰা বিদ্যালয়লৈ চলি থকা পৰীক্ষা দিবলৈ ওলাই গৈছিল।টংলা কেন্দ্ৰীয় জাতীয় বিদ্যালয়ৰ ছাত্ৰ গৌৰৱ শৰ্মা আৰু কৌশিক শৰ্মা বিদ্যালয়লৈ যোৱা পথৰ পৰাই নিৰুৰ্দিষ্ট হৈ আছিল। ঘৰৰপৰা পৰীক্ষা দিবলৈ যোৱা ছাত্ৰদ্বয় বিদ্যালয়ত অনুপস্থিতিত দেখিবলৈ পাই বিদ্যালয় কতৃপক্ষই পৰিয়ালক অৱগত কৰাতহে ঘটনাটো পোহৰলৈ আহে। পৰিয়ালৰলোকে ছাত্ৰ গৌৰৱ শৰ্মা আৰু কৌশিক শৰ্মাৰ সন্ধানত খা খবৰ কৰে যদিও কোনোধৰণৰ সন্ধান উলিয়াব নোৱাৰি স্থানীয় টংলা আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে। ঘটনাৰ খবৰ বিয়পি পৰাৰ লগে লগে সমগ্ৰ অঞ্চলটিত এক উৎকণ্ঠা সৃষ্টি হোৱা লগতে মানুহৰ মাজত তীব্ৰ উত্তেজনাৰো সৃষ্টি হয় ছাত্ৰ দুজনক লৈ। অৱশেষত আজি টংলাৰ নিকতৱৰ্তী  মুৰমেলা বটাবাৰীৰ সস্ত্ৰপাৰাৰ নাইকা নদীৰ বুকুত ঘন জংঘলৰ মাজত ছাত্ৰ গৌৰৱ শৰ্মা আৰু কৌশিক শৰ্মাক ডিঙি কাটি হত্যা কৰি পেলাই থৈ যোৱা মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাই সমগ্ৰ ৰাজ্যকে জোকাৰি গৈছে। একাংশ দানৱ ৰূপী মানৱে দুই নিৰ্দোষী,নিৰপৰাধী ছাত্ৰ আৰু দেৱ শিশুক নৃশংসভাবে ডিঙিত কাটি হত্যা কৰি পেলাই থৈ যোৱা কাৰ্যত শোকাকুল হৈ পৰে সভ্য সমাজৰ প্ৰতিজন ব্যক্তি। ঘটনাৰ সম্পকৰ্কত জানিবলৈ পৰামতে গাওঁখনৰ কোনো পৰিয়ালৰ লোকে উক্ত ঠাইত মুকলিকৈ শৌচ কৰিবলৈ আহোতে ছাত্ৰ দুজনৰ মৃতদেহ প্ৰত্যক্ষ কৰে। এনেদৰেই সমগ্ৰ ৰাজ্য কপাইযোৱা  শিহৰণকাৰী ঘটনাটো বিয়পিবলৈ ধৰাত ঘতনাস্থলীত হাজাৰ হাজাৰ লোকৰ সমাৱেশ ঘটে। এনে বৰ্বৰতা ঘটনাক বিভিন্ন দল -সংগঠন আৰু ব্যক্তি বিশেষে কঠোৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে  হত্যাকাণ্ডৰ সৈতে জড়িত কালপিতক অতি শীঘ্ৰে কৰায়ত্ত কৰি উচিত শাস্তি দিবলৈ দাবী জনাইছে। সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্য নিবৰ্বাহক সদস্য চিন্টুমনি চক্ৰৱৰ্তীয়ে মানৱ স্বাধীনতাক ভুলুণ্ঠিত কৰা এয়া এক নজিৰবিহীন ঘটনা বুলি অভিহিত কৰে আৰু শীঘ্ৰে ক্ষীপ্ৰ তদন্ত আৰম্ভ কৰি দোষীক কৰায়ত্ত কৰিবলৈ দাবী জনাইছে। মাতৃৰ বেদনা মাতৃয়েহে বুজিব আৰু কোনেও বুজি নাপায়। আৰক্ষীক শীঘ্ৰে কালপিতক কৰায়ত্ত কৰি জনাই একাংশ মাতৃয়ে দোষীক ফাচি কাঠত ওলোমাবলৈ  দাবী জনায়। একাংশ মহিলাই আমাক আইনী সুৰক্ষা লাগে বুলিও দাবী জনাইছে। আনহাতে প্ৰাক্তন ছাত্ৰ নেতা তথা অসম গণ পৰিষদৰ ওদালগুৰি জিলা সমিতিৰ সভাপতি যতীন কুমাৰ ডেকা, ভাৰতীয় জনতা পাৰ্টীৰ ওদালগুৰি জিলা সমিতিৰ সাধাৰণ সম্পাদক জয়কান্ত শৰ্মা, নৱনিৰ্বাচিত সভাপতি অৰ্পণা মেধি , সম্পাদক জৌশ্ৰাং বড়ো, ৰাজ্য সভাৰ প্ৰাক্তন সাংসদ ছান্তিয়ুচ কুজুৰে দোষীক কৰায়ত্ত কৰি উচিত শাস্তি প্ৰদান কৰিবলৈ দাবী জনাইছে। ইফালে দুজনকৈ ছাত্ৰ চহৰৰ মাজমজিয়াৰ পৰা নিৰুদ্দেশ হোৱাৰ পাছতো টংলাৰ মূল সংযোগী পথ সমূহৰ ওপৰত কিয় আৰক্ষীয়ে নাকাবন্ধি নাইবা তালাচী চলোৱা নাচিল বুলিও প্ৰশ্ন তুলিছে।কিয় আৰু কোনে এনে হিদয় বিদাৰক ঘটনা কৰিলে তাৰ কিন্তু বাতৰি সংগ্ৰহ কৰা সময়লৈকে ৰহস্য ভেদ হোৱা নাই। একাংশই ঘটনাৰ সৈতে পাৰিবাৰিক সংঘাত থাকিব পাৰে বুলি সন্দেহ ব্যক্ত কৰে!নেপালৰ পৰা বাটি বাৰী বিক্ৰী কৰি টংলাত বসবাস কৰিবলৈ লোৱা মহেন্দ্ৰ শৰ্মাৰ দুজনীকৈ পত্নীৰে এজনীয়ে পঞ্জাৱত থকাৰ বিপৰীতে আনগৰাকী তথা গীতা শৰ্মা টংলাতে থাকিবলৈ লয়।ইয়াৰে জানিব পৰামতে পঞ্জাৱত থকা জনীৰ এটি পুত্ৰ সন্তান আৰু এজনী কন্যা সন্তানৰ বিপৰীতে মহেন্দ্ৰ শৰ্মা আৰু গীতা শৰ্মাৰ টংলাৰ গৃহত দুজনকৈ পুত্ৰ সন্তান আছিল ইয়াৰে গৌৰৱ শৰ্মা আৰু কৌশিক শৰ্মা। সদৌ অসম ছাত্ৰ সন্থা টংলা আঞ্চলিক সমিতিয়ে বিয়লি হত্যা কাৰীক অতি শীঘ্ৰে কৰায়ত্ব কৰি শাস্তি প্ৰদানৰ দাবীত টংলাত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে। ঘটনাৰ সম্পকৰ্কত সোধপোচৰ বাবে দুজনক আটক কৰিছে আৰক্ষীয়ে। ঘটনা স্থলীত আৰক্ষী অধীক্ষক পুস্কিন জৈন, অপৰাধ অনুসন্ধান শাখাৰ মুজাফৰ হুছেইন , ভেৰগাওঁ মহকুমাৰ মহকুমা আৰক্ষী বিষয়া দুৰ্গা কিংকৰ শৰ্মা, আৰু টংলা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিশ্বজিৎ মেধি উপস্থিত থাকে আৰু তদন্ত অব্যাহত ৰাখে।
প্ৰেৰক বাপন শৰ্মা
You might also like