নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চাৰিদুৱাৰৰ চটাই গাৰোগাঁৱত বন্যহস্তীৰ মৃতদেহ উদ্ধাৰ

নিয়মীয়া বাৰ্তা, ৮ মাৰ্চ : শোণিতপুৰৰ অসম-অৰুণাচল সীমান্তৱৰ্তী চাৰিদুৱাৰৰ চটাই গাৰোগাঁৱত আজি এটা বন্যহস্তীৰ মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাই অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঘটনাৰ বিৱৰণী অনুসৰি, চটাই গাৰোগাঁও বনগাঁৱৰ একাংশ ৰাইজে আজি পুৱা গাঁওখনৰ সমীপৰ জংঘলত এটা বন্যহস্তীৰ মৃতদেহ প্ৰত্যক্ষ কৰি স্থানীয় চাৰিদুৱাৰ বনাঞ্চলিক বিষয়া কাৰ্যালয়ত খবৰ দিয়ে। পিছত ঘটনাস্থলীত চাৰিদুৱাৰৰ বনবিষয়াগৰাকীৰ সৈতে বনবিভাগৰ এটা দল ঘটনাস্থলীত উপস্থিত হয়। মৃতদেহ পৰ্যবেক্ষণ কৰি খবৰ দিয়া হয় বন্যজন্তু চিকিৎসকক। চিকিৎসক উপস্থিত হৈ মৃত হাতীটোৰ দেহ পৰীক্ষা কৰাৰ অন্তত দেহ আঘাতৰ চিন প্ৰত্যক্ষ কৰে। এই আঘাতলৈ লক্ষ্য কৰি হাতীটো শাৰীৰিক অসুস্থতাৰ বাবেই মৃত্যুক সাৱটি লোৱা বুলি থাৱৰ কৰা হৈছে। বাতৰি লিখাৰ সময়ত হাতীটোৰ মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰা হৈছে। মৃত মাইকী হাতীটোৰ বয়স ৩৫ বছৰ মান হ’ব বুলি বন বিভাগে জনাইছে।

প্ৰেৰক প্ৰাঞ্জল বৰা

You might also like