বহিঃৰাজ্যত উদ্ধাৰ ঢকুৱাখনাৰ যুৱকৰ মৃতদেহ
নিয়মীয়া বাৰ্তা, ২৯ ফেব্ৰুৱাৰী : পুনৰ বহিঃৰাজ্যত মৃত্যু অসমৰ যুৱকৰ ৷ কৰ্মৰ সন্ধানত ঢকুৱাখনাৰ শিঙিয়াৰ মজিন শইকীয়া নামৰ প্ৰায় ৩৫ বছৰীয়া যুৱকজনৰ ৰহস্যজনকভাবে মৃত্যু হয় অন্ধপ্ৰদেশত।বুধবাৰে বিয়লি অন্ধপ্ৰদেশৰ অংগোল নামৰ স্থানত আৰক্ষীয়ে উদ্ধাৰ কৰে মজিন শইকীয়াৰ মৃতদেহ৷এতিয়া মজিনৰ মৃত্যুৰ খবৰ পাই শোকত ভাগি পৰিছে মাতৃৰ লগতে পৰিয়ালৰ লোক। ঘটনাৰ বিবৰণী অনুসৰি ঘিলামৰা আৰক্ষী থানাৰ অন্তৰ্গত শিঙিয়া গাঁৱৰ মজিন শইকীয়াই যোৱা ২৪ ফেব্ৰুৱাৰীত কৰ্মসংস্থাপন বিচাৰি স্বগৃহৰ পৰা ওলাই গৈছিল কেৰেলালৈ বুলি। মনত পুহি ৰখা অযুত সপোন বাস্তৱায়িত কৰিবলৈ বুলি ডিব্ৰুগড়ৰ পৰা ৰে’লযোগে কেৰেলালৈ যাত্ৰা কৰা মজিনৰ ২৬ ফেব্ৰুৱাৰীৰ নিশালৈকে পৰিয়ালৰ লোকৰে হৈছিল যোগাযোগ। ইয়াৰ পিছতে বন্ধ আছিল মজিনৰ ম’বাইল ফোন।পৰৱৰ্তী সময়ত ২৭ফেব্ৰুৱাৰীৰ নিশা নিজকে অন্ধপ্ৰদেশৰ আৰক্ষী বুলি চিনাকি দিয়া এজন অজ্ঞাত ব্যক্তিয়ে ফোনযোগে যুৱকজনক ট্ৰেইনৰ পৰা গতিয়াই দিয়া বুলি মজিন শইকীয়াৰ পৰিয়ালক অৱগত কৰে।পৰৱৰ্তী সময়ত অতি মুমূৰ্ষু অৱস্থাত যুৱকজনক উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰোৱা বুলিও জানিবলৈ দিয়ে অজ্ঞাত ব্যক্তিজনে।পিছত উদগ্ৰীৱ পৰিয়ালৰ লোকে বাৰম্বাৰ উক্ত ব্যক্তিজনৰ সৈতে ফোন যোগে সংযোগ কৰাৰ চেষ্টা কৰিও বিফল হয়।ঘৰৰ একমাত্ৰ কৰ্মক্ষম যুৱকজনৰ এনে যোগাযোগবিহীন অৱস্থাৰ মাজেৰে দুৰ্ভগীয়া পৰিয়ালটোৱে বিনিদ্ৰ ৰজনী কটোৱাৰ সময়তে বুধবাৰে বিয়লি অজ্ঞাত সূত্ৰৰ পৰা আহে সেই মৰ্মান্তিক খবৰটো।যুৱকজনৰ মৃত্যুৰ খবৰ লাভ কৰি শোকত ভাগি পৰিছে পৰিয়াল।বৃদ্ধ মাতৃক এৰি থৈ যোৱা দৰিদ্ৰ পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী যুৱকজনৰ মৃত্যুত হাহাকাৰ অৱস্থা পৰিয়ালৰ ৷ এতিয়া মজিনৰ মৃতদেহ বাসগৃহলৈ আনিবলৈও অসমৰ্থ পৰিয়ালৰ লোক।তেওঁলোকৰ আৰ্থিক অৱস্থাৰ বাবে পুত্ৰৰ নশ্বৰ দেহ ঘৰলৈ আনিবলৈ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে ঢকুৱাখনাৰ বিধায়ক নৱ কুমাৰ দলেৰ সহায় বিচাৰিছে পৰিয়ালৰ লোকে ৷ইফালে যুৱকজনৰ এই আকস্মিক মৃত্যুক সহজে মানি ল’ব পৰা নাই পৰিয়ালৰ লোকে।ৰে’লযোগে কেৰালালৈ যাত্ৰা কৰি থকাৰ পথতে মজিন শইকীয়াৰ মৃত্যুৰ ঘটনাই পৰিয়ালতোৰ মাজত গভীৰ ৰহস্যৰ সৃষ্টি কৰিছে।
প্ৰেৰক পুলকজ্যোতি বৰা