নিয়মীয়া বাৰ্তা ডিজিটেল, ৬ মাৰ্চঃ নলবাৰী জিলাৰ কৰিয়া নিৱাসী সমাজকৰ্মী গিৰিশ দাসৰ আজি দিনৰ ১১ বজাত গুৱাহাটীৰ ডাউনটাউন চিকিৎসালয়ত মৃত্যু হয়। মানৱতাবাদী আৰু বিজ্ঞানমনস্কতাৰ প্ৰতি সুগভীৰ আস্থাশীল, মানৱহিতৈষী ব্যক্তিগৰাকীৰ শেষ ইচ্ছা অনুসৰি আজি তেওঁৰ মৰণোত্তৰ দেহ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত দান কৰা হয়। তাৰ পূৰ্বে তেওঁৰ চকুৰ কৰ্ণিয়া দুজন দৃষ্টিহীন লোকক দৃষ্টিদানৰ উদ্দেশ্যে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ চকু চিকিৎসকসকলে সংগ্ৰহ কৰে। এইক্ষেত্ৰত প্ৰয়াত দাসৰ পৰিয়ালৰ উদ্যোগ আছিল প্ৰশংসনীয়। এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষৰ হৈ প্ৰয়াত গিৰীশ দাসৰ দেহ মৰ্যাদাসহকাৰে গ্ৰহণ কৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ এনাটমি বিভাগৰ মুৰব্বী অধ্যাপক ডাঃ সত্যজিত মিত্রই। চমু ভাষণত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ উপাধ্যক্ষ ডা: জয়দেৱ শৰ্মাই মানৱতাবাদী ব্যক্তিগৰাকীৰ মহান দানৰ শলাগ লয়। অনুষ্ঠানত উপস্থিত থাকে এনাটমী বিভাগৰ অধ্যাপক-অধ্যাপিকাসহ কেইবাগৰাকীও শিক্ষক-কৰ্মচাৰী আৰু ছাত্র-ছাত্রী। গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোত প্ৰয়াত দাসৰ পৰিয়ালৰ উপৰি বহু বিশিষ্ট ব্যক্তি, ইলোৰা বিজ্ঞান মঞ্চৰ যুগ্ম সম্পাদক জগদীশ দত্ত, মনোজ ৰায় প্ৰমুখ্যে মঞ্চৰ বহুকেইজন কৰ্মকৰ্তাই অংশগ্ৰহণ কৰি বিজ্ঞানমনস্ক আৰু মানৱহিতৈষী সমাজকৰ্মীগৰাকীৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে। উল্লেখ্য যে প্ৰয়াত দাসে ইলোৰা বিজ্ঞান মঞ্চৰ জৰিয়তে চিকিৎসা বিজ্ঞানৰ উৎকৰ্ষ সাধন আৰু মানৱ কল্যাণৰ হকে মৰণোত্তৰ দেহদানৰ শেষ ইচ্ছা-পত্ৰত স্বাক্ষৰ কৰি ৰাখিছিল ইলোৰা বিজ্ঞান মঞ্চই মানৱহিতৈষী তথা বিজ্ঞানমনস্ক সমাজকৰ্মী গিৰীশ দাসৰ অকাল বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে আৰু তেওঁৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিছে। মঞ্চই তেওঁৰ শোকবিহ্বল পৰিয়ালৰ প্ৰতি জ্ঞাপন কৰিছে গভীৰ সমবেদনা। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৫৫ বছৰ। তেওঁ পত্নী অলকা তালুকদাৰ, তিনি কন্যাৰ লগতে আত্মীয়-স্বজন আৰু বহু গুণমুগ্ধক এৰি গৈছে।