নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মানকাচৰত কন্যা শিশুৰ মৃতদেহ উদ্ধাৰ

🔹 পাৰিবাৰিক কন্দলৰ বাবেই হত্যাৰ অভিযোগ

নিয়মীয়া বাৰ্তা, ৬ জুলাই : দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ মানকাচৰ থানাৰ অন্তৰ্গত হাটশিঙিমাৰীৰ সমীপৰ পাগলাৰতলৰ পৰা কেইদিনমান পূৰ্বে নিৰুদ্দেশ হৈছিল ৰেজ্জাক সেখৰ ছয় বছৰীয়া কন্যা পাৰবিন‍া খাতুন নামৰ কণমানিটি। আজি নিৰুদ্দিষ্ট পাৰবিন‍া খাতুনৰ মৃতদেহ পুখুৰীত উপঙি থকা অৱস্থাত প্ৰত্যক্ষ কৰে স্থানীয় ৰাইজে। পিছত ৰাইজৰ খবৰৰ ভিত্তিত মানকাচৰ আৰক্ষী আৰু খাৰুৱাবান্ধা আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে আৰু প্ৰাথমিক তদন্ত কৰি দুজন লোকক আটক কৰে। মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰী মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰে। পৰিয়ালৰ লোকৰ অভিযোগ মতে, পাৰিবাৰিক কন্দলৰ বাবেই আত্মীয় শিশুটিক অপহৰণ কৰি হত্যা কৰা হৈছে। এতিয়া মৰণোত্তৰ পৰীক্ষাৰ পিছতহে প্ৰকৃত সত্য উদঘাটন হ’ব।

প্ৰেৰক ফাৰহাদ আহমেদ

 

You might also like