নিয়মীয়া বাৰ্তা, ১৮ জুলাই : বাঘবৰৰ আলোপতি আৰক্ষী থানা এলেকাৰ মাজৰচৰৰ বিশিষ্ট ব্যৱসায়ী তথা বাঘমাৰাচৰ সমবায় সমিতিৰ এজেণ্ট মহম্মদ আলী (৫৩) যোৱা ১৫ জুলাইৰ নিশা প্ৰায় ১০ বজাত নগৰবেৰাৰ পৰা নিজ ঘৰলৈ গৈ থাকোঁতে নাৱৰ পৰা পিছলি পৰি নৈৰ বুকুত সন্ধানহীন হৈ থকাৰ অন্তত আজি দিনৰ প্ৰায় ১০ বজাত দলগোমাৰ সমীপৱৰ্তী পাখিউৰা চৰৰ নৈৰ ঘাটত একাংশই মৃতদেহ এটা পানীৰ সোঁতত উটি যোৱা প্ৰত্যক্ষ কৰি পাৰলৈ নিয়ে আৰু বাতৰিত পোৱা মতে পৰিয়ালৰ লোকৰে যোগাযোগ কৰে। সেইমৰ্মে পৰিয়ালৰ লোকে গৈ মৃতদেহটো মহম্মদ আলীৰে বুলি চিনাক্ত কৰে | স্মৰ্তব্য যে নিখোজ হোৱাৰ পিছৰ দিনটোতে এছডিআৰএফ বাহিনীয়ে নৈৰ বুকুত দিনজোৰা অভিযান চলায়ো সফল হ’ব পৰা নাছিল |
প্ৰেৰক সঞ্জীৱ কুমাৰ দাস