নিয়মীয়া বাৰ্তা, ৫ জুনঃ বিগত ৩ জুনৰ নিশা ধুবুৰী চহৰৰ যোগমায়া পাৰঘাটৰ সমীপৰ বৰলুইতত সন্ধানহীন হোৱা যুৱকজনৰ নিথৰ দেহ আজি উদ্ধাৰ হৈছে। আজি পুৱা ধুবুৰীৰ পঞ্চুঘাট অঞ্চলৰ বিকি মালো নামৰ সেই যুৱকজনৰ মৃতদেহটো যোগমায়া পাৰঘাটৰ সমীপৰ লুইতত ওপঙি উঠে। সেয়া প্ৰত্যক্ষ কৰি যুৱকজনৰ সন্ধানত অভিযান চলাই থকা এছডিআৰএফ বাহিনীৰ এটা দলে মৃতদেহটো নৈখনৰ পৰা উদ্ধাৰ কৰে। ধুবুৰীৰ স্থানীয় এটি ব্যৱসায়িক প্ৰতিষ্ঠানত কৰ্মৰত মৃত যুৱকজনে মাতৃ-পিতৃক উদ্দেশ্যি যোগমায়া পাৰঘাটৰ পৰা বৰলুইতত জঁপিয়াই মৃত্যুবৰণ কৰিব বুলি ক্ষমা বিচাৰি এটি টোকা নিজ গৃহত এৰি যোৱা বুলি প্ৰকাশ।