নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জোনাইত দোকান গৃহত অচিনাক্ত মহিলাৰ মৃতদেহ উদ্ধাৰ

নিয়মীয়া বাৰ্তা,  ২১ আগষ্ট : জোনাইত ৰুকচিনত অৰ্ধনিৰ্মিত দোকান গৃহত অচিনাক্ত মহিলাৰ  মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ জানিব পৰা মতে, সোমবাৰে দিনৰ ১২ বজাত জোনাই মহকুমাৰ অসম-অৰুণাচল সীমান্তৰ ৰুকচিনৰ এটা অৰ্ধনিৰ্মিত গৃহত অচিনাক্ত মহিলাৰ মৃতদেহটো প্ৰথমে প্ৰত্যক্ষ কৰে মেজিক পিকআপ বাহনৰ কেইজনমান চালকে। লগে লগে জোনাই আৰক্ষীক খবৰ দিয়াত  আৰক্ষী উপস্থিত হৈ  মৃতদেহ উদ্ধাৰ কৰে ৷ মৃত মহিলাগৰাকীক চিনাক্ত কৰিব পৰা হোৱা নাই। ইফালে, মহিলাগৰাকী মানসিক বিকাৰগ্ৰস্ত আছিল বুলি জানিবলৈ দিয়ে স্থানীয় ৰাইজে ৷ মৃতদেহটো জোনাই আৰক্ষীয়ে উদ্ধাৰ কৰি তদন্ত অব্যাহত ৰাখিছে ৷
প্ৰেৰক কৰবী দলে
You might also like