নিয়মীয়া বাৰ্তা, ২০ ফেব্ৰুৱাৰী : মুৰ্কংচেলেকৰ পৰা গুৱাহাটী অভিমুখী লাচিত এক্সপ্ৰেছত আজি এগৰাকী মহিলা যাত্ৰীৰ মৃতদেহ উদ্ধাৰ হয়। পুৱা লাচিত এক্সপ্ৰেছখন ৰঙিয়াত ৰখাৰ পিছতে ৰেল কৰ্তৃপক্ষই বিশেষভাৱে সক্ষম লোকৰ দবাত এটি মহিলাৰ মৃতদেহ থকা বুলি অৱগত হয়। লগে লগে ৰেল আৰক্ষীয়ে দবাটোৰ পৰা মৃতদেহটো উদ্ধাৰ কৰে। ৰঙা ৰঙৰ শাৰী-ব্লাউজ পৰিহিতা মহিলাগৰাকীৰ আনুমানিক বয়স ৪৫ বছৰ হব বুলি ৰেল আৰক্ষীয়ে জানিব দিয়ে। মৃত মহিলাগৰাকীৰ পৰিচয় বৰ্তমানলৈ জানিব পৰা হোৱা নাই। ৰঙিয়া ৰেল আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰিছে । কোনো লোকে মহিলাগৰাকীৰ পৰিচয় জানিলে ৰঙিয়া ৰেল আৰক্ষীৰ লগত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে।
প্ৰেৰক ফাৰুক হুছেইন