মৰিয়নি মহাবিদ্যালয়ত ব’হাগী আদৰণি অনুষ্ঠান
বিশেষ বাৰ্তা, ৮ এপ্ৰিলঃ মৰিয়নি মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ উদ্যোগত আজি দিনজোৰা কাৰ্য্যসূচীৰে অসমীয়া বাপতি সাহোন ৰঙালী বিহুৰ আদৰণি অনুষ্ঠান অনুষ্ঠিত কৰা হয়। অনুষ্ঠানৰ আৰম্ভণিতে মহাবিদ্যালয়ৰ অধ্যক্ষ ড° হৰেন গোৱালা প্ৰমুখ্যে জ্যেষ্ঠ সকলক এখনকৈ থুৰীয়া তামোলেৰে আদৰণি জনোৱা হয়। অধ্যক্ষ ড° হৰেন গোৱালাই সকলোকে উদ্দ্যেশি শুভেচ্ছাবাণী প্ৰদান কৰে। তেওঁ ৰঙালী বিহুৰ ওলগ জনোৱাৰ লগতে বিহুৱে সকলোৰে মাজত সমন্বয়ৰ সৃষ্টি কৰে বুলি মন্তব্য কৰে। ব’হাগ বিহু বৃহত্তৰ অসমীয়া জাতিৰ স্বাভিমান আৰু ই সম্প্ৰীতিৰ প্ৰতীক বুলিও লগতে মন্তব্য কৰে। অসমীয়া বিভাগৰ ছাত্ৰ ছাত্ৰীসকলে বিহু পৰিৱেশন কৰাৰ লগতে মহাবিদ্যালয়খনৰ অন্যান্য বিভাগৰ ছাত্ৰ-ছাত্ৰীসকলেও বিহুনাম আৰু বিহুনাচ পৰিৱেশন কৰি উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰে । ছাত্ৰ ছাত্ৰীৰ ওপৰিও মহাবিদ্যালয়ৰ জ্যেষ্ঠ অধ্যাপিকা অৰ্চনা শইকীয়া, অধ্যাপক বনমালী বৰি, কৰুণা কলিতা, কাৰ্যালয়ৰ কৰ্মচাৰী ফটিক বৰা আদিয়ে বিহুগীত পৰিৱেশন কৰি অনুষ্ঠানটো অধিক মনোগ্ৰাহী কৰি তোলে। অনুষ্ঠানত ছাত্ৰ ছাত্ৰীৰ লগতে অধ্যাপক-অধ্যাপিকাসকলেও বিহু নাচ পৰিৱেশন কৰে। আনহাতে, ছাত্ৰ ত্ৰিদীপ দাস, শান্তনু দাস, দেৱজিত গগৈ, দীপাংকৰ দাস আদিয়ে ঢোল, তাল, পেঁপা বজাই সকলোকে আপ্লুত কৰে। অসমীয়া বিভাগৰ অধ্যাপিকা ৰিম্পী লাহন আৰু ড° সুগন্ধি দাসে আঁত ধৰা অনুষ্ঠানটোত অসমীয়া বিভাগৰ মুৰব্বী ড° মানৱী গগৈয়ে আদৰণি ভাষণ আগবঢ়ায়। অসমীয়া বিভাগৰ জ্যেষ্ঠা অধ্যাপিকা ড° বাণী বৰাই বিহু সম্পৰ্কে বক্তব্য প্ৰদান কৰে। উল্লেখযোগ্য যে, বিগত কেইবাটাও বছৰ অসমীয়া বিভাগে ব’হাগ বিহুৰ আদৰণি অনুষ্ঠান ব’হাগী আদৰণি অনুষ্ঠিত কৰি আহিছে ।
প্ৰেৰক দিব্যজ্যোতি শইকীয়া