নিয়মীয়া বাৰ্তা, ১ আগষ্ট : ভাৰতীয় জনতা পাৰ্টী কৃষক মৰ্চা অসম প্ৰদেশৰ সভাপতিৰ নিৰ্দেশ মৰ্মে কৃষক মৰ্চা বালিপৰা মণ্ডলৰ উদ্যোগত বালিপৰা মণ্ডলৰ অন্তৰ্গত বোকাগাঁও পথাৰত আজি ভূঁই ৰোৱা কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। উক্ত কাৰ্যসূচীত ৰঙাপৰা বিধানসভা সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টীৰ জ্যেষ্ঠ নেতা তথা ৰাজ্যিক কৃষক মৰ্চাৰ প্ৰাক্তন উপ-সভাপতি মৃণাল শইকীয়া উপস্থিত থাকি ভূঁই ৰোৱা কাৰ্যসূচীৰ বিষয়ত সাৰুৱা মন্তব্য আগবঢ়ায়। অনুষ্ঠানটোত বালিপৰা মণ্ডলক প্ৰতিনিধিত্ব কৰি ৰাজ্যিক কৃষক মৰ্চাৰ কাৰ্যনিৰ্বাহকৰ পদ অলংকৃত কৰা দীনেশ মিলিৰ লগতে বালিপৰা মণ্ডলৰ পৰা প্ৰতিনিধিত্ব কৰি কৃষক মৰ্চা শোণিতপুৰ জিলাৰ কাৰ্যনিৰ্বাহকৰ দায়িত্ব লাভ কৰা যুৱ কাৰ্যকৰ্তা মানস প্ৰতিম দাসক কৃষক মৰ্চা বালিপৰা মণ্ডলৰ তৰফৰ পৰা একোখনকৈ ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয়। উক্ত অনুষ্ঠানত ৰাজ্যিক কৃষক মৰ্চাৰ কাৰ্যনিৰ্বাহক সদস্য অপূৰ্ব সেন ডেকা, কৃষক মৰ্চা বালিপৰা মণ্ডলৰ সমূূহ কাৰ্যকৰ্তাৰ লগতে কৃষকসকল উপস্থিত থাকে।
প্ৰেৰক প্ৰাঞ্জল প্ৰতিম