অসম-নাগালেণ্ড সীমান্তৰ বোকাজানত ক’ৰোনাত আক্ৰান্তৰ সংখ্যা ৪ জনলৈ বৃদ্ধি
নিয়মীয়া বাৰ্তা, ২৬ মে’: ৰাজ্যত দৈনিক বৃদ্ধি পাইছে ক’ৰোনাত আক্ৰান্তৰ সংখ্যা। আজি পুৱা স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই টুইট যোগে ঘোষণা কৰা ৪৭ জন ক’ভিড আক্রান্তৰ ভিতৰত ২ জন বোকাজান মহকুমাত কোৱাৰেণ্টাইন হৈ আছিল।
ইয়াৰে ভাৰত মহাতো বিহাৰৰ পৰা ২১ মে’ তাৰিখে ৰাজধানী এক্সপ্ৰেছ যোগে আহি ২২ মে’ তাৰিখে ডিমাপুৰত নামি বোকাজানত কোৱাৰেণ্টাইন হৈ আছিল । তেওঁৰ ঘৰ বোকাজান মহকুমাৰ ঘৰীয়ালডুবিত।
আনহাতে আনজন আক্ৰান্ত গিদিয়ন মমিন আহিছিল বিশেষ ৰেল যোগে ১৮ মে’ত । পাছত তেওঁ ২০ তাৰিখৰ পৰা বোকাজানত কোৱাৰেণ্টাইন হৈ আছিল। তেওঁৰ ঘৰ বালিপথাৰত বুলি জানিব পৰা গৈছে।
ইতিমধ্যে দুয়োজনকে ডিফু অসামৰিক চিকিৎসালয়ৰ পুৰণা ভৱনলৈ লৈ যোৱা হৈছে । য’ত আজিৰে পৰা আৰম্ভ হ’ব ক’ভিড-১৯ আক্ৰান্ত ৰোগীৰ চিকিৎসা। এই চিকিৎসালয়ত ৫০ জন ৰোগীক চিকিৎসা কৰাৰ ব্যৱস্থা আছে ।
এই দুজনৰ সৈতে বোকাজানত বৰ্তমানলৈকে ক’ৰোনাত আক্ৰান্তৰ সংখ্যা চাৰিজনলৈ বৃদ্ধি পালে।
ইয়াৰ পূৰ্বে আক্ৰান্ত বোকাজান মহকুমাৰ ডিলাইৰ প্ৰেম তামাং নামৰ যুৱকজন বৰ্তমান MMC ত চিকিৎসাধীন হৈ আছে আৰু আনজন ক’ৰোনাত আক্ৰান্ত মহেন্দ্ৰ হেমৰম গোলাঘাটত চিকিৎসাধীন হৈ আছে।