নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুজনকৈ নিৰাপত্তাৰক্ষী থকা তেলচোৰ দীননাথক গ্রেপ্তাৰ কৰিবলৈ গৈ হাবাথুৰি খাইছে চিআইডি

নিয়মীয়া বার্তা, ৪ জুনঃ  অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান বিভাগ চমুকৈ চিআইডিৰ অতর্কিত অভিযানৰ পিছত পোহৰলৈ আহিছে কার্বি আংলঙৰ খটখটীত অব্যাহত থকা চোৰাং তেলৰ বেহাৰ ন ন তথ্য৷

বুধবাৰে অসম আৰক্ষীৰ মুখ্য কার্যালয়ৰ পৰা প্রেৰণ কৰা এক বিবৃতিত সোমবাৰে চিআইডিয়ে খটখটীত চলোৱা অভিযানত দীননাথ প্রসাদ শ্বাহৰ খটখটীস্থিত গুদামত ১৮ খনকৈ তেলৰ টেংকাৰ উদ্ধাৰ হোৱা বুলি কোৱা হৈছে৷ বিবৃতিটোত চিআইডিৰ অভিযানকাৰী দলটোৱে ৪৯০০ লিটাৰ কেৰাচিন, ৮০০ লিটাৰ ডিজেল, ২৪০০ লিটাৰ পেট্র’ল, ৫ লিটাৰ মবিলজাতীয় সামগ্রী উদ্ধাৰ হোৱা বুলি সদৰী কৰিছে৷ এই সন্দর্ভত চিআইডিয়ে ভাৰতীয় দণ্ডবিধিৰ ১২০ (বি)/৩৭৯/৪১১/২৮৫ ধাৰা, পেট্র’লিয়াম আইনৰ ২৩নং ধাৰা আৰু অত্যাৱশ্যকীয় সামগ্রী আইনৰ ৭নং ধাৰাৰ অধীনত ১২/২০২০ নম্বৰত এটা গোচৰ ৰুজু কৰিছে৷ এই গোচৰৰ অধীনত উক্ত গুদামটোত থকা সমীৰ কুমাৰ গুপ্তা ওৰফে বাবলু গুপ্তা, অমল বুদাথাকি, সন্তোষ তামাং, বিকাশ মোক্তান, নবীন ভূজেল, নাৰদ ওৰাং আৰু জিতুমণি গগৈ নামৰ ৭জন চোৰাং তেল চুৰিত জড়িত লোকক গ্রেপ্তাৰ কৰি ন্যায়িক জিম্মালৈ প্রেৰণ কৰিছে৷

আনহাতে এই গোচৰটোৰ মূল অভিযুক্ত দীননাথ শ্বাহ, পিণ্টু শ্বাহ আৰু শ্রীকান্ত জয়ছোৱাল পলাতক হৈ থকা বাবে এওঁলোকৰ সন্ধানত চিআইডিয়ে অভিযান চলোৱা বুলি বিবৃতিটোত প্রকাশ৷ অসম আৰক্ষীয়ে সদৰী কৰা মতে, নাগালেণ্ড–মণিপুৰল যোৱা পেট্র’লজাত সামগ্রীৰ টেংকাৰৰ পৰা খটখটীত অব্যাহত থকা তেল চুৰি কাণ্ডৰ সৈতে দীননাথ প্রসাদ শ্বাহ, পিণ্টু শ্বাহ আৰু শ্রীকান্ত জয়ছোৱাল প্রত্যক্ষভাৱে জড়িত আৰু তেল চুৰি চক্রৰ মূল খলনায়ক৷ উল্লেখ্য যে এই তিনি তেল চুৰিৰ খলনায়কৰ নেতৃত্বতে খটখটীত চলি আহিছে তেল চুৰিৰ এক বৃহৎ চোৰাং কাৰবাৰ৷ অসমৰ বিভিন্ন তেল কোম্পানীৰ পৰা নাগালেণ্ড আৰু মণিপুৰলৈ যোৱা সকলো টেংকাৰেই দীননাথ শ্বাহৰ গুদামত ৰখাই তাৰ পৰা বৃহৎ পৰিমাণৰ তেল চুৰি কৰি উক্ত টেংকাৰত ৰাসায়নিক দ্রব্য মিহলাই মণিপুৰ আৰু নাগালেণ্ডলৈ প্রেৰণ কৰা হয়৷ বৃহত্তৰ বোকাজান অঞ্চলত থকা ১০টা টেংকাৰ ষ্টেণ্ডত এনেদৰে চলে তেল চুৰি কাণ্ড৷

আনহাতে কার্বি আংলঙৰ বোকাজান–খটখটীয়ে নহয়, গোলাঘাটৰ থুৰামুখ–সাৰৰগাঁও– গঢ়ি উঠিছে তেল চুৰিৰ আন এক ক’লা সাম্রাজ্য৷ এই তেল চোৰৰ খলনায়কসকলৰ দপদপনিত এতিয়া ত্রস্তমান আৰক্ষী–প্রশাসনো৷ তাৎপর্যপূর্ণভাৱে এই সমগ্র তেল চুৰি কাণ্ডৰ মূল খলনায়ক দীননাথ প্রসাদ শ্বাহক লৈ এতিয়া সৃষ্টি হৈছে তীব্র চাঞ্চল্য৷ যোৱা বর্ষৰ জুলাই মাহত ৰঙিয়াত তেল চুৰি কাণ্ডত গ্রেপ্তাৰ হোৱা দীননাথ প্রসাদ শ্বাহ কাৰাগাৰৰ পৰা মুকলি হৈয়েই খটখটীত পুনৰ আৰম্ভ কৰে তেল চুৰিৰ নতুন অধ্যায়৷ কাৰাগাৰ ফেৰৎ দীননাথে এইবাৰ খটখটীত ভৰি থৈছিল দিছপুৰৰ এক প্রভাৱশালী চক্রৰ পৃষ্ঠপোষকতাত৷ দিছপুৰৰ এই চক্রটোৰ ছত্রছায়াতে কাৰাগাৰৰ পৰা মুক্ত দীননাথ প্রসাদ শ্বাহক আনকি কার্বি আংলং আৰক্ষীয়ে দুজনকৈ নিৰাপত্তাৰক্ষী দিবলৈ বাধ্য হয়৷ দুজনকৈ নিৰাপত্তাৰক্ষীৰে দিছপুৰৰ আশীর্বাদত বলীয়ান দীননাথ প্রসাদ শ্বাহে আৰম্ভ কৰে তেল চুৰিৰ নতুন অধ্যায়৷ এতিয়া দীননাথৰ চোৰাং তেলৰ সাম্রাজ্যত চিআইডিয়ে অভিযান চলোৱাৰ পিছত আৰক্ষীয়ে পলাতক ঘোষণা কৰা দীননাথ শ্বাহে দিছপুৰৰ পৰা কাৰ নিৰাপত্তা লাভ কৰিছে, সেয়া এক বৃহৎ প্রশ্ণ হৈ পৰিছে৷ স্বাভাৱিকতেই দুজনকৈ নিৰাপত্তাৰক্ষী থকা ব্যক্তি এজনক আৰক্ষীয়ে গ্রেপ্তাৰ কৰিবলৈ হাবাথুৰি খাবলগীয়া হোৱা বিষয়টোৱে সৃষ্টি কৰিছে তীব্র ৰহস্য৷ কার্যতঃ দিছপুৰৰ প্রভাৱশালী চক্রটোৰ বলতে বলীয়ান হোৱা দীননাথ প্রসাদ শ্বাহক কার্বি আংলং আৰক্ষীয়ে নোম এডালো লৰাব নোৱাৰাটো স্বাভাৱিক যদিও চিআইডিয়ে অভিযান চলায়ো গ্রেপ্তাৰ কৰিব নোৱাৰাটো তাৎপর্যপূর্ণ হিচাপে বিবেচিত হৈছে৷

খটখটীৰ তেল চুৰি কাণ্ডৰ সৈতে দিছপুৰৰ প্রভাৱশালী চক্রৰ যে অশুভ মিতিৰালি আছে, সেয়া দীননাথক গ্রেপ্তাৰৰ ক্ষেত্রত চিআইডি ব্যর্থ হোৱা বিষয়টোৱে উন্মোচিত কৰি তুলিছে৷ উল্লেখ্য যে দীননাথ, জয়ছোৱাল আদিৰ নেতৃত্বতে এতিয়া কার্বি আংলং জিলাৰ খটখটী হৈ পৰিছে অপৰাধৰ ভূস্বর্গ৷ তেল চুৰি, বার্মিজ চুপাৰি, চোৰাং কাঠ, ড্রাগ্ছ আদিৰ এতিয়া ৰম্যভূমি খটখটী৷ আনকি খটখটীত গঢ়ি উঠিছে অবৈধ মাৰণাস্ত্রৰ ৰমৰমীয়া বেহাও৷ নাগালেণ্ড আৰু মণিপুৰলৈ যোৱা ৩৯নং ৰাষ্ট্রীয় ঘাইপথ এতিয়া অপৰাধীৰ গ্রীন কৰিড’ৰত পৰিণত হৈছে৷ দীননাথ প্রসাদ শ্বাহ, শ্রীকান্ত জয়ছোৱাল আদিৰ দৰে খলনায়কৰ নেতৃত্বত খটখটীত গঢ়ি উঠিছে চোৰাং ব্যৱসায়ৰ ক’লা সাম্রাজ্য৷ তাৎপর্যপূর্ণভাৱে এই সাম্রাজ্যত দিছপুৰৰ আশীর্বাদ দীননাথৰ দৰে কুখ্যাত অপৰাধীয়ে লাভ কৰাটো হৈ পৰিছে আজিৰ তাৰিখত জটিল সমীকৰণ৷

You might also like