কাৰ্বি আংলং আৰক্ষীৰ বৃহৎ সফলতাঃ বৃহৎ অস্ত্ৰভাণ্ডাৰ সহ আটক ৩ চোৰাং চিকাৰী; উৎখাত শিবিৰ
নিয়মীয়া বাৰ্তা, ২জুনঃ অসম গৌৰৱ কাজিৰঙাৰ এশিঙিয়া গড় সুৰক্ষিত নহয় চোৰাং চিকাৰীৰ লুলোপ দৃষ্টিৰ পৰা ৷ বিগত সময়ত কাৰ্বি আংলংৰ ডলামৰা থানাত পঞ্জীয়ন হৈ থকা ৪/২০২০ নম্বৰৰ গোচৰৰ ভিত্তিত কাৰ্বি আংলংৰ আৰক্ষী অধীক্ষক দেৱজিৎ দেউৰীৰ নেতৃত্বত আৰু উপ আৰক্ষী অধীক্ষকৰ লগতে আৰক্ষীৰ এটা বৃহৎ দলে যোৱা নিশা কাৰ্বি আংলংৰ ডিফু, বকলিয়া, ধনশিৰিৰ পৰা পৃথকে পৃথকে তিনটা চোৰাং চিকাৰী আটক কৰিবলৈ সক্ষম হোৱাৰ লগতে সিহঁতৰ স্বীকাৰোক্তিৰ ভিত্তিত বকলিয়া থানাৰ অন্তৰ্গত টেকৰাজান পাহাৰত অভিযান চলাই এটা শিবিৰ উৎখাত কৰি জব্দ কৰে বৃহৎ পৰিমাণৰ অত্যাধুনিক মৰণাাস্ত্ৰ ৷
আটকাধীন চোৰাং চিকাৰী কেইটা হ’ল ক্ৰমে মণিপুৰ চুড়াচান্দপুৰৰ ডেভিড চিয়ামা , নগাওঁ জখলাবন্ধাৰ বিকি থাপা আৰু নগাঁও নপানীৰ চিমন লাকৰা ৷
উক্ত চোৰ কেইটাই কাজিৰঙাত শেহতীয়াকৈ সংঘটিত গড় চিকাৰ ঘটনাৰ লগত জড়িত থকাৰ কথা স্বীকাৰ কৰিছে যি ঘটনা সন্দৰ্ভত গোলাঘাটৰ বোকাখাত থানাত ইতিমধ্যেই ১৩১/২০২০ নম্বৰত এটা গোচৰ পঞ্জীয়ন হৈ আছে ৷
কাৰ্বি আংলংৰ বিভিন্ন স্থানৰ পৰা আটক কৰা চোৰাং চিকাৰী কেইটাৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাই জিলাখনৰ বকলিয়া থানাৰ অন্তৰ্গত টেক্ৰাজান পাহাৰত এটা শিবিৰ উৎখাত কৰে যদিও আৰক্ষীৰ অভিযানৰ উমান পাই অস্ত্ৰ শস্ত্ৰ এৰি তাত থকা চোৰাং চিকাৰী কেইটা পলাই যায় বুলি সন্দেহ কৰা হৈছে ৷
দুৰ্গম পাহাৰত অৱস্থিত উক্ত শিবিৰটো আৰক্ষীয়ে উৎখাত কৰাৰ লগতে এটা এ.কে.৮১ ৰাইফল, এটা এ.কে ৫৬ ৰাইফল, এটা দুনলীয়া বন্দুক , ৪০০ টা সজীৱ গুলী আৰু শিবিৰত ব্যৱহৃত বিভিন্ন সামগ্ৰী জব্দ কৰে ৷
আনহাতে আৰক্ষীৰ সুত্ৰই প্ৰকাশ কৰে যে শেহতীয়াকৈ কাজিৰঙাত হত্যা কৰি গড়ৰ খৰ্গ লৈ উধাও হোৱা এই চোৰাং চিকাৰী দলটোৰ থংবই পেইটে নামৰ মণিপুৰৰ চুড়াচান্দপুৰৰ এটা চোৰাং চিকাৰী যোৱা ২৮ মেত ডিফু থানাৰ অন্তৰ্গত ধনশিৰীত আৰক্ষীৰে হোৱা সংঘৰ্ষত নিহত হোৱাৰ বিপৰীতে আন তিনিটা চোৰাং চিকাৰী এতিয়াও খৰ্গ সহ পলাই আছে ৷ পলাতক চোৰাং চিকাৰী কেইটা মণিপুৰ চুড়াচান্দপুৰৰ ক্ৰমে জনথাং ওৰফে থাংবই , ম’মাউন পেইটে আৰু নাংমিনুল কুকি ৷ কাৰ্বি আংলং আৰক্ষীয়ে খৰ্গসহ উক্ত চোৰাং চিকাৰী কেইটাক কৰায়ত্ব কৰিবলৈ অভিযান অব্যাহত ৰাখিছে ৷
চাওক ভিডিঅ’-