নিয়মীয়া বাৰ্তা, ১৮ জুলাইঃ বাক্সা জিলাৰ শালবাৰী মহকুমাৰ অন্তৰ্গত ওদালগুৰীত আজি পুৱাৰ ভাগত এক পথ দুৰ্ঘটনা সংঘটিত হয়। কাঠভৰ্তি বলেৰ’ পিকআপ ভানৰ খুন্দাত গুৰুতৰভাৱে আহত হয় এগৰাকী ব্যক্তি। লাৱদাংগুৰী উপ আৰক্ষী চকীৰ অন্তৰ্গত সদাব্যস্ত ওদালগুৰী চ’কত সংঘটিত হয় দুৰ্ঘটনাটো। প্ৰাপ্ত খবৰ অনুসৰি তীব্ৰ বেগত আহা কাঠভৰ্তি AS28 C1898 নম্বৰৰ বলেৰ’ পিকআপ বাহনখনে আন এখন যাত্ৰীবাহী বলেৰ’ বাহনত খুণ্ডা মাৰি পথৰ কাষতে থকা পংকজ ঠাকুৰীয়া নামৰ ব্যক্তিগৰাকীক খুণ্ডা মাৰে । তাৰ পিছতেই স্থানীয় ৰাইজৰ সহযোগত তেজে তুমুৰালি হৈ পৰা ব্যক্তিগৰাকীক চিকিৎসায়ললৈ প্ৰেৰণ কৰা হয়। ইফালে, দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতেই উত্তপ্ত পৰিবেশৰ সৃষ্টি হয়। এই ঘটনাক লৈ স্থানীয় লাৱদাংগুৰী আৰক্ষীৰ বিৰুদ্ধে বিভিন্ন অভিযোগ উত্থাপন কৰে তীব্ৰ ক্ষোভ উজাৰে সচেতন ৰাইজে। কেৱল দুচকীয়া বাহন আৰু ই-ৰিক্সাতেই নজৰ ৰখা আৰক্ষীৰ সন্মুখেৰে এনে কাঠভৰ্তি বাহন তীব্ৰ বেগেৰে কেনেদৰে পাৰ হ’ব পাৰে তাক লৈও ক্ষোভ উজাৰে স্থানীয় লোকে। আনফালে, ঘটনা সংঘটিত হোৱাৰ পিছতেই স্থানীয় লাৱদাংগুৰী আৰক্ষী উপস্থিত হৈ দুয়োখন বাহন জব্দ কৰি আৰক্ষী চকীলৈ লৈ যায় আৰু তদন্ত অব্যাহত ৰখা বুলি জানিবলৈ দিয়ে। উল্লেখ্য যে, বাক্সাৰ শালবাৰীৰ বিভিন্ন প্ৰান্তত অবৈধ কাঠৰ কুণ্ডাৰ বাহন, শিল-বালীৰ অতিৰিক্ত বহন কঢ়িওৱা ডাম্পাৰ, ট্ৰেক্টৰৰ দৌৰাত্ম্যত অতিস্থ্য হৈ পৰিছে সাধাৰণ পথাচাৰী। যাৰ ফলত নিতৌ বৃদ্ধি পাইছে দুৰ্ঘটনাৰ সংখ্যা ।
প্ৰেৰক লৱ কুমাৰ দাস