নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তেজপুৰত বলীউডৰ অভিনেত্ৰী পুনম ধিলন আৰু জিনত আমান, গণেশ মন্দিৰত কৰিলে পূজা

বিশেষ বাৰ্তা, তেজপুৰ, ২৪মাৰ্চঃ সংস্কৃতি নগৰী তেজপুৰলৈ আহেন বলীউডৰ এসময়ৰ দুই মোহময়ী অভিনেত্ৰী পুণম ধিলন আৰু জিনত আমান। দুয়োগৰাকী অভিনেত্ৰীয়ে তেজপুৰৰ ঐতিহাসিক গণেশ মন্দিৰত কালি উপস্থিত হৈ পূজা-অৰ্চনা কৰে৷ উল্লেখযোগ্য যে, তেজপুৰৰ  ব্যৱসায়ী প্ৰকাশ আগৰৱালাৰ আমন্ত্ৰণমৰ্মে তেজপুৰত উপস্থিত হোৱা দুয়োগৰাকী জ্যেষ্ঠ অভিনেত্ৰীয়ে কয় যে, এইবাৰ ভ্ৰমণত তেওঁলোকে কি কি স্থান দৰ্শন কৰিব সেয়া পূৰ্বে নিৰ্ধাৰণ হোৱা নাই ৷ দুদিনতে ৰাজ্যখনৰ সকলো উল্লেখযোগ্য স্থান দৰ্শন কৰাতো সম্ভৱ নহয় বুলি উল্লেখ কৰি দুয়োগৰাকী অভিনেত্ৰীয়ে আৰু কয় যে, অসমখন ঈশ্বৰে বিশেষভাৱে সৃষ্টি কৰা ৰাজ্য৷ ইয়াৰ সৌন্দৰ্য আৰু মানুহৰ ব্যৱহাৰত মুগ্ধ বুলি প্ৰকাশ কৰি অভিনেত্ৰীদ্বয়ে লগতে কয় যে, তেওঁলোকে এইবাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ যাব নোৱাৰিব যদিও তেওঁলোকে পুণৰ অসম ভ্ৰমণৰ পৰিকল্পনা কৰিছে আৰু তেতিয়াই ৰাজ্যখনৰ দৰ্শন কৰিবলগীয়া স্থানসমূহলৈও যাব৷ হৰিহৰ যুদ্ধ, মহাভৈৰৱ মন্দিৰৰ প্ৰসংগত অভিনেত্ৰী পুনম ধিলনে কয় যে ইমান পৌৰাণিক গাঁথাৰে উদ্ভাসিত তেজপুৰৰ বিষয়ে আৰু অধিক জানিবৰ বাবে তেওঁ আগ্ৰহী৷ তেজপুৰৰ গণেশ মন্দিৰৰ সৌন্দৰ্য আৰু ইয়াৰ প্ৰাচীন আভাষৰ বাবেও তেওঁলোক মুগ্ধ হোৱাৰ বিষয়ে প্ৰকাশ কৰে৷ আনহাতে, বহুল চৰ্চিত হিন্দী ছবি “কাশ্মীৰ ফাইলচ” এতিয়ালৈকে চোৱা নাই বুলিও অভিনেত্ৰী ধিলনে প্ৰকাশ কৰি লগতে কয় যে, ছবিখন চোৱাৰ ইচ্ছা তেওঁৰ আছে৷ তেওঁ লগতে অসমকলৈয়ো ছবি নিৰ্মাণৰ কথা চিন্তা কৰা হ’ব বুলি মন্তব্য কৰে।
You might also like