নিয়মীয়া বাৰ্তা ৭ জুনঃ শনিবাৰে ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ পিছতে বঙাইগাঁও জিলাৰ আমতোলাৰ এগৰাকী ছাত্রীয়ে চিপ লৈ আত্মহত্যা কৰে৷ শনিবাৰে পুৱাৰ ভাগত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ঘোষিত ফলাফলত নাম নাছিল অভয়াপুৰী থানাৰ অন্তর্গত টুলুঙীয়া আমতোলা গাঁৱৰ জুৰি ৰায় নামৰ ছাত্রীগৰাকীৰ৷ ফলাফল ঘোষণাৰ পিছতেই ছাত্রীগৰাকীয়ে নিজ ঘৰৰ বাথৰুমলৈ যায় আৰু তাতে চিপ লয়৷ পৰিয়ালৰ লোকে বহু সময় ধৰি বাথৰুমৰ পৰা ওলাই নহা দেখি দর্জা ভাঙি ভিতৰত প্রৱেশ কৰি জুৰিক চিপ লোৱা অৱস্থাত প্রত্যক্ষ কৰে৷ লগে লগে উদ্ধাৰ কৰি চিকিৎসালয়লৈ নিয়ে যদিও ইতিমধ্যে মৃত্যু হোৱাৰ কথা ঘোষণা কৰে৷ জুৰিয়ে ফলাফল বেয়া হোৱাৰ বাবেই আত্মহননৰ পথ লোৱা বুলি চর্চিত হৈছে৷ অভয়াপুৰীৰ এখন ব্যক্তিগত বিদ্যালয়ৰ ছাত্রী আছিল জুৰি৷