নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বঙাইগাঁৱত ক’ৰোনা আক্রান্ত পাঁচ ব্যক্তিৰ ভ্রমণ বৃত্তান্ত প্রকাশঃ সামাজিক সংক্রমণৰ শংকা

নিয়মীয়া বাৰ্তা ৬মেঃ বঙাইগাঁও জিলাত ক’ৰোনা ভাইৰাছত আক্রান্ত পাঁচগৰাকী লোকৰ সংস্পর্শলৈ অহা লোকসকলৰ তালিকা তথা ভ্রমণ বৃত্তান্ত প্রকাশ কৰিছে৷ সেই অনুসৰি মাণিকপুৰৰ আফিয়া তাবাটচুমে দিল্লীৰ নিজামুদ্দিন মার্কাজ ফেৰৎ চাপৰৰ ককাক জামাতুদ্দিন হাজীৰ পৰা সংক্রমণৰ লগতে ভাকাৰিভিটাৰ মীনা বিশ্বকর্মাৰ বহিঃৰাজ্য ভ্রমণৰ ফলত সংক্রমণ নিশ্চিত হৈছে যদিও বাকীসকলৰ গাত ক’ৰোনা ভাইৰাছ সংক্রমণৰ কাৰণ বর্তমানলৈ পোহৰলৈ অহা নাই৷ প্রশাসনে লাভ কৰা তথ্য মতে বঙাইগাঁও শ্বহীদ বেদীৰ নিৱাসী তথা স্বাস্থ্য বিভাগৰ চাফাই কর্মী ববিতা বাচফৰে যোৱা ২০ মার্চত উত্তৰ বঙাইগাঁৱৰ এছ বি আই লাইফ ইঞ্চুৰেঞ্চৰ কার্যালয়লৈ আহে, এক এপ্রিলৰ পৰা ৭ এপ্রিললৈ বৰপাৰা পাহাৰতলীত থকা বন্ধুৰ ঘৰলৈ যায়, ১১ এপ্রিলত এছ বি আইৰ মায়াপুৰীত থকা ই–কর্ণাৰলৈ যায়, ১৬ এপ্রিলৰ পৰা ৩০ এপ্রিললৈ চাৰিগৰাকী বন্ধুক সাক্ষাৎ কৰে, ১৮ এপ্রিলৰ পৰা ২৯ এপ্রিললৈ চুবুৰীয়া আঠগৰাকী বন্ধুক লগ পায় আৰু বঙাইগাঁও খণ্ড প্রাথমিক স্বাস্থ্য কেন্দ্রৰ চৰকাৰী আৱাসত এজনৰ ঘৰত চুলি কটা আৰু ফেচিয়েল কৰাৰ লগতে যোৱা ৩০ এপ্রিলত ক’ৰোনা ভাইৰাছৰ দ্বাৰা আক্রান্ত হোৱা বুলি ধৰা পৰে৷
ইফালে, অভয়াপুৰী আমগুৰি দ্বিতীয় খণ্ডৰ দীপক মল্লিকে সৰু বেমাৰৰ বাবে ২৫ এপ্রিলত আমগুৰি ক্ষুদ্র প্রাথমিক চিকিৎসালয়লৈ যায়, ২৫ এপ্রিলত ব্যক্তিগত কামত হীৰাপাৰা আৰু ৰৌমাৰীলৈ যায়, ২৬ এপ্রিলত আমগুৰি দ্বিতীয় খণ্ডৰ পৰা তৰমুজ ক্রয় কৰি অভয়াপুৰী নগৰ, ঘিলাগুৰি ইকৰাবাৰী, লালমাটি–দুৰামাৰী আদি ঠাইত ঘৰে ঘৰে বিক্রী কৰে, ২৮ এপ্রিলত নিজ গাঁৱত লগৰীয়াৰ সৈতে লুডু খেলে আৰু একেদিনাই সন্তানৰ টিকাকৰণৰ বাবে স্বাস্থ্যকেন্দ্রলৈ যায় আৰু আইএলআই নিৰীক্ষণৰ বাবে চেম্পল প্রদান কৰে, যোৱা ২৯ এপ্রিলত গাঞ্জা বিক্রী হোৱা ঠাইলৈ যায়৷ ইফালে, চাপৰাকাটাত ভাৰাতীয়া হিচাপে থকা এম পি ডব্লিউ কর্মী অনুপম ঠাকুৰীয়াই ২৪ এপ্রিলত গাঁওসমূহত নিৰীক্ষণৰ বাবে যায়, ২৫ এপ্রিলত মেলেৰিয়া দিৱসৰ বাবে বীৰঝৰা চাহ বাগিচাত দহ মিনিটৰ বাবে যায় আৰু এএছটিচিৰ বাছ আস্থানৰ মাজৰ এটিএমৰ পৰা ধন উলিয়াই আইএল আই নিৰীক্ষণৰ বাবে চেম্পল প্রদান কৰে, পোপৰাগাঁৱৰ পুৰণিপাৰা, খাৰিজা দোলাইগাঁও, ভাওৰিয়াকাটা, ৰাভাপাৰা, নয়াপৰা দ্বিতীয় খণ্ডত তেজৰ নমুনা সংগ্রহ কৰে, চাপৰাকাটা ৰে’লগেটৰ বিভিন্ন দোকানলৈ যায় আৰু চাপৰাকাটাৰ দোকানত চাহ খায়৷ এই তিনিওজনৰে এই বিৱৰণীসমূহ লক্ষ্য কৰিলে ৰোগবিধ সংক্রমণৰ কাৰণ সন্দর্ভত জানিব পৰা নাযায়৷
এনেক্ষেত্রত ৰোগবিধ সামাজিক সংক্রমণৰো শংকা কৰা হৈছে৷ আনফালে, ভাকাৰিভিটাৰ মীনা বিশ্বকর্মাৰ পুত্র–বোৱাৰীয়ে যোৱা ২০ মার্চত লোকমান্য তিলক এক্সপ্রেছযোগে বঙাইগাঁৱলৈ আহে, ১৯ এপ্রিলত বীৰঝৰা চাহ বাগিচাত এজন লোকৰ ঘৰত শ্রাদ্ধ খাবলৈ গৈ নিশা যাপন কৰে, ২১ এপ্রিলত সৰভোগলৈ যায়, ২৫ এপ্রিলত কাহ আৰু পেটৰ অসুখৰ বাবে ৰে’লৱে হাস্পতালৰ পৰা চিভিললৈ প্রেৰণ কৰে আৰু আইএলআই পৰীক্ষাৰ বাবে চেম্পল লৈ ১০৮ যোগে ঘৰলৈ আহে, ২৭ এপ্রিলত সৰভোগৰ এছবিআইত যায় আৰু অচিনাকি বাহনত উঠি চাপাগুৰিলৈ আহে৷ আনহাতে, মাণিকপুৰ লুংজাৰ–শালমাৰাৰ আফিয়া তাবাটুচুমে যোৱা ১৯ এপ্রিলত দিনৰ ১১মান বজাত চাপৰত থকা জামালুদ্দিন হাজীৰ ঘৰলৈ যায়৷ কিশোৰীগৰাকীয়ে ২৬ এপ্রিলত ১১মান বজাত বিজনীত বজাৰ কৰি চিআৰপিএফ জোৱানৰ সৈতে ঘৰলৈ যায়৷ যোৱা ২৮ এপ্রিলত কিশোৰীগৰাকীৰ আৰু বাকী চাৰিগৰাকীৰ যোৱা ৩০ এপ্রিলত ক’ৰোনা ভাইৰাছৰ দ্বাৰা আক্রান্ত হোৱা বুলি ধৰা পৰে৷ পাঁচগৰাকী লোকৰ সৈতে বহু লোক সংস্পর্শলৈ অহাটো নিশ্চিত হোৱাত প্রশাসনৰ বাবে এক চিন্তাৰ কাৰক হৈ পৰিছে৷ এইসকল লোকৰ সংস্পর্শলৈ অহা লোকসকলক প্রশাসনৰে যোগাযোগ কৰিবলৈ অনুৰোধ জনোৱা হৈছে৷

You might also like