নিয়মীয়া বাৰ্তা ২ অক্টোবৰঃ দহ দিনৰ লুকাভাকুৰ অন্তত অৱশেষত আৰক্ষীৰ জালত পৰিল উপ–পৰিদর্শক নিযুক্তি কেলেংকাৰিৰ খলনায়ক, বিজেপি নেতা দিবন ডেকা৷ব বুধবাৰে মাজনিশা অসম আৰক্ষীৰ অতিৰিক্ত আৰক্ষী সঞ্চালকপ্রধান জি পি সিঙৰ হাতত ধৰা দিয়ে নিযুক্তি কেলেংকাৰিত জড়িত শাসকীয় দলৰ নেতাজনে৷ নিশাটো কাহিলিপাৰাত থকা অসম আৰক্ষীৰ বিশেষ শাখাৰ কার্যালয়ত তেওঁক ৰখা হয়৷ তাৰ পিছত বৃহস্পতিবাৰে ক্রাইম ব্রাঞ্চে ধৃত ডেকাক কামৰূপ (মহানগৰ)ৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰায়৷ ন্যায়ালয়ে তেওঁক ৫ দিনৰ আৰক্ষীৰ জিম্মালৈ প্রেৰণ কৰে৷ উল্লেখ্য যে যোৱা ২০ ছেপ্টেম্বৰত উপ–পৰিদর্শক পদৰ পৰীক্ষাৰ প্রশ্নকাকত ফাদিল হোৱাৰ পিছত ৰহস্যজনকভাৱে চিআইডিৰ জিম্মাৰ পৰাই উধাও হৈছিল দিবন ডেকা৷ এইগৰাকী দিবন ডেকাই গৌতম মেছ নামৰ এজন যুৱকৰ জৰিয়তে এছ আই পৰীক্ষাৰ প্রশ্নকাকত আগতীয়াকৈ প্রেৰণ কৰিছিল ৰাজ্যিক পর্যায়ৰ আৰক্ষী নিযুক্তি ব’ৰ্ডৰ অধ্যক্ষ প্রদীপ কুমাৰলৈ৷ তাৰ পিছত প্রদীপ কুমাৰে দিবন ডেকা–গৌতম মেছক লগত লৈ গৈ চিআইডিত এজাহাৰ দাখিল কৰে৷ কিন্তু ২০ ছেপ্টেম্বৰৰ নিশা তথ্য–প্রমাণ নথকাৰ অজুহাতত চিআইডিয়ে দুয়োজনকে যাবলৈ দিয়ে৷ পৰৱর্তী সময়ত এছআই পৰীক্ষা আগতীয়াকৈ অনুষ্ঠিত কৰা গণেশগুৰিৰ থেংক ইউ লজৰ স্বত্বাধিকাৰী প্রাঞ্জল শর্মাক গ্রেপ্তাৰৰ পিছতে প্রশ্নকাকত ফাদিলৰ লগত দিবন ডেকা প্রত্যক্ষভাৱে জড়িত থকাৰ তথ্য পোহৰলৈ আহে৷ নিযুক্তি কেলেংকাৰিত দিবন ডেকা জড়িত থকাৰ স্পষ্ট তথ্য প্রকাশ পোৱাৰ পিছতো আৰক্ষীয়ে তেওঁৰ সন্ধান লাভ কৰা নাছিল৷ তাৰ মাজতে যোৱা মঙলবাৰে নিশা খবৰ ওলায় যে দিবন ডেকা আত্মসমর্পণৰ বাবে সাজু হৈছে৷ কিন্তু সেইদিনাও তেওঁৰ কোনো খবৰ পোৱা নগ’ল৷ অৱশেষত বুধবাৰে নিশা দিবনে সংবাদ মাধ্যমলৈ ফোন কৰি আত্মসমর্পণৰ বাবে গুৱাহাটীলৈ আহি থকাৰ কথা জানিবলৈ দিয়ে৷ এই খবৰ প্রকাশ পোৱাৰ পিছত গুৱাহাটীৰ সকলো প্রৱেশ পথতে কটকটীয়া তালাচীৰ ব্যৱস্থা গ্রহণ কৰা হয়৷ কিন্তু সকলো জল্পনা–কল্পনাৰ ওৰ পেলাই নিশা প্রায় ১১.৪০ বজাত পাটাছাৰকুছিত এডিজিপি জি পি সিঙৰ ওচৰত ধৰা দিয়ে দিবন ডেকাই৷
উল্লেখ্য যে ২০ ছেপ্টেম্বৰৰ দিনা এইগৰাকী বিজেপি নেতা চিআইডি কার্যালয়ৰ পৰা ওলাই যোৱাৰ পিছত শেষবাৰৰ বাবে লোকেচন ধৰা পৰিছিল ক্ষেত্রীৰ ওচৰত৷ সন্দেহ কৰা হৈছিল যে ৰাষ্ট্রীয় ঘাইপথেৰে তেওঁ বহিঃৰাজ্যলৈ ৰাওনা হৈছে৷ কিন্তু প্রকৃততে দিবন ডেকাই ক্ষেত্রীৰ ওচৰত ম’বাইল অফ কৰি পুনৰ উভতি আহিছিল সোণাপুৰলৈ আৰু তাত এখন ৰিজ’টত আশ্রয় লৈছিল৷ সেই সময়তে প্রশ্নকাকত ফাদিলৰ লগত দিবন ডেকাৰ ভূমিকাক লৈ তীব্র বিতর্কৰ সৃষ্টি হয়৷ ৰিজ’টৰ পৰিৱেশ নিৰাপদ নেদেখি তেওঁ নিজৰ জন্মগাঁও নলবাৰীৰ বৰভাগৰ ননৈত উপস্থিত হয়৷ নিজৰ বাসগৃহত থকাৰ সলনি ওচৰতে থকা এখন ফার্ম হাউছত কেইদিনমান আত্মগোপন কৰি থাকে৷ তাৰ পৰাই পৰিয়ালৰ লগতে অধিবক্তাৰ সৈতে যোগাযোগ চলাই যায়৷ কিন্তু অধিবক্তাৰ তৰফৰ পৰা আত্মসমর্পণৰে পৰামর্শ দিয়া হয়৷ ইপিনে, নিজ দলৰ চৰকাৰেই দিবনক সহায় কৰিবলৈ অস্বীকাৰ কৰে৷ প্রতিকূল পৰিস্থিতিত এইবাৰ ৰাজ্যৰ বাহিৰলৈ পলাই যোৱাৰ সিদ্ধান্ত ল’লে তেওঁ৷ সেই উদ্দেশ্যে তেওঁ উপস্থিত হয় বঙাইগাঁৱত৷ বঙাইগাঁও দিবনৰ দ্বাৰা সংঘটিত দুর্নীতিৰ আন এক অভিকেন্দ্র৷ কিয়নো পৰীক্ষা অনুষ্ঠিত কৰাৰ দায়িত্ব লাভ কৰা এটা কোম্পানীৰ স্বত্বাধিকাৰীৰ ঘৰ বঙাইগাঁৱত৷ তেওঁলোকে সন্মিলিতভাৱে দুর্নীতিত জড়িত থকাৰ অভিযোগ আছে৷ বঙাইগাঁৱৰ বিভিন্ন স্থানত বাহৰ পাতি দিবন ডেকাই ৰাজ্যৰ বাহিৰলৈ ওলাই যাব পৰা পথৰ সন্ধান কৰে৷ কিন্তু আৰক্ষীয়ে তেওঁৰ বিৰুদ্ধে ‘লুক আউট’ নটিচ জাৰি কৰাত সেই পথো প্রায় অৱৰুদ্ধ হৈ পৰে৷ সমানে দল আৰু পৰিয়ালৰ পৰাও আত্মসমর্পণৰ বাবে হেঁচা বাঢ়ি আহে৷ উপায়হীন হৈ দিবন ডেকাই আত্মসমর্পণৰ সিদ্ধান্ত লয়৷ সেইমর্মে বুধবাৰে বগা ৰঙৰ এখন স্ক’ৰপিঅ’ গাড়ীত পত্নীসহ তেওঁ বঙাইগাঁৱৰ পৰা গুৱাহাটী অভিমুখে ৰাওনা হয়৷ ইয়াৰ লগে লগে সক্রিয় হৈ উঠে ক্রাইম ব্রাঞ্চ, চিআইডিৰ লগতে আৰক্ষী বাহিনী৷ ইপিনে দিবন ডেকাৰ ‘মুভমেণ্ট’ৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখি এডিজিপি জি পি সিং নিজৰ সুৰক্ষা বাহিনী লগত লৈ গুৱাহাটীৰ পৰা বাহিৰলৈ ওলাই যায়৷ পাটাছাৰকুছিত জি পি সিঙৰ কনভয় আৰু দিবন ডেকাৰ গাড়ী মুখামুখি হয়৷ দিবনৰ লগত আছিল পত্নী আৰু এজন বন্ধু৷ আৰক্ষীৰ নির্দেশত অভিযুক্ত দিবন গাড়ীৰ পৰা নামি আহে৷ নিৰাপত্তাৰক্ষীয়ে তেওঁৰ তালাচী লৈ দুই পেকেট ‘কমলা পছন্দ’ গুট্খা আৰু পাঁচশ টকীয়া নোটৰ এটা বাণ্ডিল লাভ কৰে৷ গুট্খাৰ পেকেটকেইটা পেলাই দিয়াৰ লগতে ধনখিনি বিভাৰাণী কলিতাক হস্তান্তৰ কৰে৷ পত্নীয়ে জি পি সিঙক অনুৰোধ কৰে– ‘মানুহজনক আপোনাৰ হাততে গতালোঁ৷ সুস্থ শৰীৰে ওভতাই পাওঁ যেন’৷ সিঙে উত্তৰ দিলে– ‘আইন মতে সকলো প্রক্রিয়া আগবাঢ়িব’৷ ইয়াৰ পিছত কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে তেওঁক কাহিলিপাৰাৰ বিশেষ শাখাৰ কার্যালয়লৈ লৈ অনা হয়৷ নিশাটো তাতেই কটায় দিবন ডেকাই৷ বুধবাৰে নিশা তেওঁক কোনো সোধা–পোছা কৰা নহ’ল৷ আজিও শীর্ষ বিষয়াসকল অসম আৰক্ষী দিৱসৰ কার্যসূচীতে ব্যস্ত থাকিবলগীয়া হোৱা বাবে বিশেষ জেৰাৰ সন্মুখীন নহ’ল৷ দুপৰীয়াৰ ভাগত প্রশ্নকাকত ফাদিলৰ ঘটনাত অভিযুক্ত বিজেপি নেতাজনক ক্রাইম ব্রাঞ্চৰ ১৩/২০২০নং গোচৰত চিজেএম আদালতত হাজিৰ কৰোৱা হয়৷ ন্যায়ালয়ে তেওঁক ৫ দিনৰ আৰক্ষীৰ জিম্মালৈ প্রেৰণ কৰে৷ কাইলৈৰ পৰা আৰক্ষীয়ে তেওঁৰ জেৰা আৰম্ভ কৰিব৷ দিবন ডেকাৰ জেৰাই এছআই নিযুক্তি কেলেংকাৰি সন্দর্ভত বহু বিস্ফোৰক তথ্য পোহৰলৈ অনাটো নিশ্চিত৷