🔹 ২১ কৃতী শিক্ষাৰ্থীক বঁটা প্ৰদান
নিয়মীয়া বাৰ্তা, ২৯ মে’ : সদৌ দৰং জিলা কোচ ৰাজবংশী সন্মিলনীৰ অন্তৰ্গত বোনমাঝা শাখা কোচ ৰাজবংশী সন্মিলনীৰ উদ্যোগত “বিশেষ অভিনন্দন” অনুষ্ঠান অনুষ্ঠিত হৈ যায়। ২০২৩-২৪ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত কৃতিত্ব অৰ্জন কৰা ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে বোনমাঝা শাখা কোচ ৰাজবংশী সন্মিলনীয়ে এই বিশেষ অভিনন্দন অনুষ্ঠান অনুষ্ঠিত কৰে। যোৱা ২৬ মে’ত বগাচলা ৰাজহুৱা নামঘৰত বোনমাঝা শাখা কোচ ৰাজবংশী সন্মিলনীৰ সভাপতি তনুৰাম ডেকাৰ পৌৰোহিত্যত অনুষ্ঠিত সভা উদ্বোধন কৰে যুৱ নেতা অমিয় কুমাৰ ডেকাই। আদৰণী ভাষণ প্ৰদান কৰে বোনমাঝা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক নৱজ্যোতি ডেকাই। সভাত অংশগ্ৰহণ কৰি ওদালগুৰি জিলাৰ শিশু সুৰক্ষা বিষয়া গৌতম চহৰীয়া, দৰং জিলা পৰিষদৰ প্ৰাক্তন সভাপতি ধীৰেন্দ্ৰ ডেকা, অন্যান্য পিছপৰা শ্ৰেণী পৰিষদৰ সভাপতি জিণ্টু বৰুৱা, বিষ্ণু জ্যোতি হাইস্কুলৰ প্ৰধান শিক্ষক ৰবীন্দ্ৰ বৰুৱা, ষ্টেট বেংক অৱ ইণ্ডিয়া দৰংগা মেলাৰ শাখা প্ৰৱন্ধক নীলমণি বড়া আদিয়ে অনুপ্ৰেৰণামূলক বক্তব্য প্ৰদান কৰি ছাত্ৰ-ছাত্ৰীসকলক উৎসাহিত কৰে। বোনমাঝা শাখা কোচ ৰাজবংশী সন্মিলনীৰ সম্পাদক নগেন বৰুৱাই আঁত ধৰা অভিনন্দন অনুষ্ঠানত সন্মিলনীৰ অন্তৰ্গত ২১গৰাকী ছাত্ৰ-ছাত্ৰীক আৰু অঞ্চলটোৰ ২১গৰাকী বিশেষ ব্যক্তিৰ সোঁৱৰণী বঁটাৰে সম্বৰ্ধনা জনোৱা হয়। এই বঁটাত আছে এখনকৈ আওচাই, এটাকৈ স্মাৰক আৰু অভিনন্দন পত্ৰ। অভিনন্দন জনোৱা কৃতী ছাত্ৰ-ছাত্ৰীসকল ক্ৰমে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ বৰপথাৰৰ ধৃতালি ডেকা, কৌস্তভ মণি ডেকা, দীপজ্যোতি ডেকা, কৌশিক ডেকা, বিষ্ণুপুৰৰ জিজ্ঞাসী চলিহা, মৃণ্ময় ডেকা, পলাশ চলিহা, বগাচলাৰ বিতোপন বৰুৱা, বৰবড়ীৰ নিশিতা চহৰীয়া, ধৃতিস্মিতা বড়া, উচ্চতৰ মাধ্যমিকৰ ভেৰুৱাৰ দিপজ্যোতি ডেকা, টেঙেৰাৰ মীনাক্ষি বড়া, ভাস্বতী বৰুৱা, বৰপথাৰৰ অনন্যা ডেকা, শিখাৰাণী ডেকা, চিংকিমণি ডেকা, নয়না ডেকা, চিবিএছইৰ বিষ্ণুপুৰৰ অংকিতা ডেকা আৰু বৰপথাৰৰ প্ৰণামিকা ডেকা। দৰং জিলা কোচ ৰাজবংশী সন্মিলনীৰ সহ: সম্পাদক তপন ৰাজবংশী, দৰং জিলা পৰিষদৰ প্ৰাক্তন সদস্যা জয়শ্ৰী ডেকা, আন্ধেৰীঘাট সাহিত্য সভাৰ সভাপতি কুঁহি চহৰীয়া, কুলদীপ চহৰীয়া প্ৰমুখ্যে শাখাৰ অন্তৰ্গত ভালেসংখ্যক বিশিষ্ট ব্যক্তি, অভিভাৱক উপস্থিত থাকে। ইফালে, অনুষ্ঠানৰ আৰম্ভণিতে নামঘৰীয়া পদেশ্বৰ ডেকাই বন্তি প্ৰজ্বলন কৰি কাৰ্যসূচীৰ শুভাৰম্ভণি কৰে।
প্ৰেৰক চক্ৰধৰ ডেকা