নিয়মীয়া বাৰ্তা, ২৪ আগষ্ট : কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও সদৰ চহৰৰ উচ্চ শিক্ষাৰ পীঠস্থান গোসাঁইগাঁও মহাবিদ্যালয়ত তিনিদিনীয়াকৈ গ্ৰন্থমেলাৰ আয়োজন কৰা হৈছে৷ বঙাইগাৱঁৰ মণ্ডল বুক চেন্টাৰ নামৰ প্ৰতিষ্ঠানে তিনিদিনীয়াকৈ অনুষ্ঠিত কৰা এই গ্ৰন্থমেলাখন যোৱা ২৩ আগষ্টত আনুষ্ঠানিকভাবে উদ্বোধন কৰে উপাধ্যক্ষ ধনঞ্জয় ব্ৰহ্মই৷ গোসাঁইগাঁও মহাবিদ্যালয়ৰ সহযোগত প্ৰথমবাৰৰ বাবে আয়োজিত গ্ৰন্থ মেলাত চিন্তাশীল লেখকৰ ইংৰাজী, অসমীয়া, বড়ো, হিন্দী আদি বিভিন্ন ভাষাৰ আপুৰুগীয়া কাব্য, উপন্যাস, কবিতা, গল্প, প্ৰৱন্ধ, অনুবাদক গ্ৰন্থৰ উপৰি পাঠ্যপুথি আদিসহ বিভিন্ন আপুৰুগীয়া পৌৰাণিক কাব্যগ্ৰন্থ, ধৰ্মগ্ৰন্থ, হাতপুথি উপলব্ধ হৈছে৷ গ্ৰন্থমেলাৰ বাকৰিত মহাবিদ্যালয়ৰ শিক্ষক, কৰ্মচাৰী সহ ছাত্ৰ ছাত্ৰৰ উপৰি আন বহু বিদ্যালয়, মহাবিদ্যালয়ৰ শিক্ষক, কৰ্মচাৰী, অভিভাৱক, সদাশয় পাঠক আৰু গ্ৰন্থ প্ৰেমী পঢ়ুৱৈ সকলে নিজৰ পছন্দৰ গ্ৰন্থ, পাঠ্যপুথি আদি সংগ্ৰহ কৰা পৰিলক্ষিত হৈছে৷ বিগত দুটা দিনত গ্ৰন্থপ্ৰেমীৰ আশাব্যঞ্জক সঁহাৰি লাভ কৰা বুলি স্বত্বাধিকাৰী বিজয় কুমাৰ মণ্ডলে প্ৰতিবেদকৰ আগত প্ৰকাশ কৰা৷ ইয়াৰোপৰি গোসাঁইগাওঁ মহাবিদ্যালয়ৰ উপাধ্যক্ষ ধনঞ্জয় ব্ৰহ্মৰ লগতে অধ্যাপক সকলেও গ্ৰন্থমেলাত মহকুমাৰ গ্ৰন্থ প্ৰমী সদাশয় ৰাইজৰ সহায় সহযোগ কামনা কৰিছে৷ ইফালে গোসাঁইগাঁও মহাবিদ্যালয়ত আয়োজন গ্ৰন্থমেলাৰ যোগেদি বহু গ্ৰন্থপ্ৰেমী আৰু বিদ্যানুৰাগীয়ে উপকৃত হ’ব বুলিও বহু জনে আশা প্ৰকাশ কৰি মহাবিদ্যালয়ৰ এনে প্ৰচেষ্টাৰ শলাগ লৈছে৷
প্ৰেৰক ৰুবুল পাঠক