নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পলিটিকেল হিষ্ট্রী অব আছাম শীৰ্ষক গ্ৰন্থ উন্মোচন মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

🔴ইতিহাস অধ্যয়ন আৰু প্রণয়নৰ ক্ষেত্রত তথ্যক গোপন তথা বিকৃত হবলৈ এৰি দিয়া উচিত নহয়ঃ মুখ্যমন্ত্রী

🔴অসমৰ ইতিহাসৰ গুৰুত্বপূর্ণ অংশবোৰৰ পুনৰীক্ষণৰ ওপৰত মুখ্যমন্ত্রীৰ গুৰুত্ব

🔴এই গ্রন্থখনৰ দ্বিতীয় আৰু তৃতীয় খণ্ড প্রকাশৰ বাবে চিন্তা–চর্চা কৰা হৈছেঃ মুখ্যমন্ত্রী

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৫ জানুৱাৰীঃ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি জনতা ভৱন চৌহদৰ লোকসেৱা ভৱনৰ সংবাদ সন্মিলন কক্ষত আয়োজিত এক গাম্ভীর্যপূর্ণ অনুষ্ঠানত অসম প্রকাশন পৰিষদে প্রকাশ কৰা পলিটিকেল হিষ্ট্রী অব আছাম শীর্ষক গ্রন্থৰ প্রথম খণ্ডৰ শুভ উন্মোচন কৰে৷ উল্লেখ্য যে অসমৰ ভাগ্যলিপি নির্ণয় কৰা গুৰুত্বপূর্ণ মুহূর্তসমূহৰ নির্মোহ বিশ্লেষণেৰে ১৯৪৭ চনৰ পৰা ১৯৭১ চনলৈ অসমৰ ৰাজনৈতিক ইতিহাসৰ এক কাল পৰিক্রমা সামৰি বিশিষ্ট ইতিহাসবিদ ড০ ৰাজেন শইকীয়াৰ সম্পাদনাত এই গ্রন্থখন প্রস্তুত কৰা হৈছে৷ গ্রন্থ উন্মোচনী সভাত ভাষণ প্রদান কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে পলিটিকেল হিষ্ট্রী অব আছাম শীর্ষক গ্রন্থখনৰ প্রথম খণ্ডৰ যোগেদি স্বাধীনতাৰ দোকমোকালিৰ পৰা ১৯৭১ চনৰ অসমৰ ৰাজনৈতিক ঘটনাপ্রৱাহ সামৰি লোৱা হৈছে৷ গ্রন্থখনৰ জৰিয়তে সামগ্রিকভাৱে ১৯৪৭ চনৰ পৰা ২০২০ চনৰ আৰম্ভণিৰ সময়ছোৱালৈকে অসমৰ ৰাজনৈতিক ইতিহাস লিপিবদ্ধ কৰি ৰাখিবলৈ চিন্তা-চৰ্চা কৰা হৈছে৷ সেয়েহে আজি মুকলি কৰা খণ্ডটোৰ উপৰি আন দুটা খণ্ড প্রকাশ কৰা হব বুলিও মুখ্যমন্ত্রী ড০ শৰ্মাই কয়৷ গ্রন্থখনৰ প্রথম খণ্ডটোত স্বৰাজোত্তৰ অসমৰ প্রথম ২৪-২৫ বছৰৰ প্রায়বিলাক জ্বলন্ত সমস্যা আৰু সেইসমূহৰ মোকাবিলা কৰিবলৈ চলা প্রচেষ্টা তথ্যভিত্তিকভাৱে পাঠক সমাজৰ আগত তুলি ধৰিবলৈ কৰা প্রয়াস নিতান্তই প্রশংসনীয় বুলিও মুখ্যমন্ত্রী ড০ শৰ্মাই কয়৷ গ্রন্থখনৰ মুঠ আঠোটা অধ্যায়ৰ শিৰোনামকেইটাই তাৰ স্পষ্ট আভাস দিয়ে বুলি মুখ্যমন্ত্রী ড০ শৰ্মাই মন্তব্য কৰে৷ গ্রন্থখনত গোপীনাথ বৰদলৈৰ মুখ্যমন্ত্রিত্বৰ বিষয়ে গুৰুত্বসহ আলোচনা কৰা হৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শৰ্মাই কয় যে গুৱাহাটী বিশ্ববিদ্যালয় প্রতিষ্ঠাকে ধৰি আন কেইবাখনো গুৰুত্বপূর্ণ অনুষ্ঠান স্থাপনৰ জৰিয়তে তেওঁ কেৱল অসমৰে নহয়, সমগ্র উত্তৰ পূর্বাঞ্চলৰ বিকাশৰ ভেটি স্থাপন কৰি গৈছে৷ ভাৰতৰত্ন গোপীনাথ বৰদলৈৰ পিছত বিষ্ণুৰাম মেধি, বিমলাপ্রসাদ চলিহা আৰু মহেন্দ্র মোহন চৌধুৰীৰ মুখ্যমন্ত্রিত্বৰ সময়ছোৱাত প্রধান ঘটনাপঞ্জী গ্রন্থখনত আলোচনা কৰা হৈছে বুলিও মুখ্যমন্ত্রী ড০ শৰ্মাই কয়৷ তেওঁ লগতে কয় যে গ্রন্থখনৰ প্রথমটো অধ্যয়ত প্রাচীন কামৰূপৰ ঐতিহাসিক যুগৰ পৰা স্বাধীনতালৈকে অসমৰ ইতিহাসত আটাইবোৰ উজ্জ্বল মুহূর্ত – কুমাৰ ভাস্কৰ বর্মনৰ পৰা আৰম্ভ কৰি ৰজা পৃথু, শ্রীমন্ত শংকৰদেৱ, লাচিত বৰফুকন, আনন্দৰাম ঢেকিয়াল ফুকনৰ পৰা লক্ষ্মীনাথ বেজবৰুৱালৈকে, লগতে অসমৰ অর্থনীতিৰ এক সংক্ষিপ্ত পৰিচয় আৰু অসমৰ চাহৰ দুশ বছৰৰ ইতিহাস দাঙি ধৰিবলৈ কৰা প্রয়াস অসমৰ বুৰঞ্জীৰ লগত পৰিচয় নথকাসকলৰ বাবে বিশেষকৈ অসমৰ বাহিৰৰ পাঠকসকলৰ বাবে বিশেষভাৱে সহায়ক হব৷ অসমৰ বুৰঞ্জী সাহিত্যৰ এক দীর্ঘ পৰম্পৰা আছে বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শৰ্মাই কয় যে সেই পৰম্পৰাক লৈ প্রতিজন অসমীয়াই গৌৰৱবোধ কৰে৷ অসমত আহোম ৰাজত্ব প্রতিষ্ঠাৰ লগে লগে বুৰঞ্জী ৰচনাৰ সূচনা হৈছিল বুলি উল্লেখ কৰি তেওঁ কয় যে এই বুৰঞ্জীত দেখা আৰু শুনা সমকালীন সকলো ৰাজনৈতিক ঘটনাৰ বিৱৰণ সন্নিবিষ্ট কৰা হৈছিল৷ আহোম ৰাজত্ব কালত আৰম্ভ হোৱা বুৰঞ্জী ৰচনাৰ এই পৰম্পৰা নানা উত্থান-পতন আৰু ৰাজনৈতিক পট পৰিৱর্তনৰ পাছতো অব্যাহত আছিল বুলি তেওঁ কয়৷ মুখ্যমন্ত্রী ড০ শৰ্মাই লগতে কয় যে ড০ সূর্যকুমাৰ ভূঞা, হিতেশ্বৰ বৰবৰুৱা, কনকলাল বৰুৱা, পদ্মনাথ গোহাঞিবৰুৱা, হেৰম্বকান্ত বৰপূজাৰী আদি বিশিষ্ট অসমীয়া পণ্ডিতে বুৰঞ্জী বিষয়টো আধুনিক ৰূপত সজাই পৰাই তুলিছিল৷ বুৰঞ্জী বিষয়টো অধিক জনপ্রিয় কৰি তোলাত এইসকলৰ প্রভূত অৱদান আছে বুলিও তেওঁ মন্তব্য কৰে৷ মুখ্যমন্ত্রী ড০ শৰ্মাই কয় যে স্বৰাজোত্তৰ ভাৰতৰ ৰাজনৈতিক ইতিহাস সম্পর্কে ৰাষ্ট্রীয় প্রেক্ষাপটত বহুতো গ্রন্থ ৰচনা হৈছে৷ তাৰ বিপৰীতে ৰাজ্যসমূহৰ স্বাধীনতাৰ পিছত ৰাজনৈতিক ইতিহাসসম্বলিত গ্রন্থৰ সংখ্যা তেনেই সীমিত৷ অসমো এই ক্ষেত্রত ব্যতিক্রম নহয় বুলি মন্তব্য কৰি তেওঁ কয় যে অসম চৰকাৰে ইংৰাজ আমোলৰ ৰাজনৈতিক ইতিহাস অর্থাৎ ১৮২৮ চনৰ ইয়াণ্ডাবু সন্ধিৰ পৰা ১৯৪৭ চনৰ স্বাধীনতাৰ দিনটোলৈকে প্রায় ১২০ বছৰৰ ইতিহাস প্রকাশ কৰিবলৈ সিদ্ধান্ত লয় আৰু তিনিটা খণ্ডত পলিটিকেল হিষ্ট্রী অব আছাম নামৰ গ্রন্থখন প্রকাশ কৰে৷ সেই গ্রন্থখনৰ প্রথম খণ্ডই ১৮২৬ চনৰ পৰা ১৯১৯ চনৰ অসমৰ ৰাজনৈতিক ইতিহাস সামৰি লৈছে৷ ১৯৭৭ চনৰ জানুৱাৰীত প্রকাশিত প্রথম খণ্ডটোৰ সাধাৰণ সম্পাদক আছিল হেৰম্বকান্ত বৰপূজাৰী আৰু সম্পাদক আছিল ক্রমে এছ কে বৰপূজাৰী আৰু অৰুণ চন্দ্র ভূঞা৷ গ্রন্থখনৰ দ্বিতীয় খণ্ডটো প্রকাশ হৈছিল ১৯৭৮ চনৰ অক্টোবৰ মাহত৷ ১৯২০ চনৰ পৰা ১৯৩৯ চনৰ ৰাজ্যৰ ৰাজনৈতিক ইতিহাস সামৰি লোৱা এই খণ্ডটোৰ সম্পাদক আছিল অৰুণ চন্দ্র ভূঞা আৰু শিৱপদ দে৷ সহযোগী সম্পাদক আছিল ক্রমে দিলীপ কুমাৰ গোস্বামী, কেদাৰ নাথ মুখার্জী আৰু ৰমেশ চন্দ্র মেধি৷ মুখ্যমন্ত্রী ড০ শৰ্মাই কয় যে গ্রন্থখনৰ তৃতীয় খণ্ডটোত ১৯৪০ চনৰ পৰা ১৯৪৭ চনৰ অসমৰ ৰাজনৈতিক ইতিহাস প্রকাশ কৰা হৈছিল৷ ১৯৮০ চনৰ জুন মাহত প্রকাশিত খণ্ডটোৰ অৰুণ চন্দ্র ভূঞা আৰু শিৱপদ দেই সম্পাদনা কৰাৰ লগতে তেখেতসকলক দিলীপ কুমাৰ গোস্বামী আৰু ৰমেশ চন্দ্র মেধিৰ উপৰি আদিল-উল-য়াছিন আৰু অমল দত্তই সহযোগিতা কৰিছিল৷ মুখ্যমন্ত্রী ড০ শৰ্মাই লগতে কয় যে তিনিটা খণ্ডত পলিটিকেল হিষ্ট্রী অব আছাম অসমৰ সাংস্কৃতিক ঐতিহ্যৰ মূল্যৱান সম্পদৰূপে বিবেচিত আৰু গৃহীত হৈ আহিছে৷ এই গ্রন্থখন প্রকাশৰ চাৰে চাৰি দশকৰো অধিক সময় পাৰ হৈ গল বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শৰ্মাই কয় যে ইতিহাসবিদ ড০ ৰাজেন শইকীয়াৰ সম্পাদনাত স্বৰাজোত্তৰ অসমৰ প্রথম চৌবিশ-পঁচিশ বছৰৰ ৰাজনৈতিক ইতিহাস প্রকাশৰ এই পদক্ষেপ আৰু গ্রন্থখনৰ উন্মোচনৰ আজিৰ এই দিনটো নিঃসন্দেহে অসমৰ ইতিহাসত এক স্মৰণীয় দিন হিচাপে খোদিত হৈ ৰব৷ মুখ্যমন্ত্রী ড০ শৰ্মাই ইয়াৰ বাবে ইতিহাসবিদ ড০ ৰাজেন শইকীয়া আৰু ইয়াৰ সৈতে জড়িত থকা সকলোলৈকে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে৷ ইতিহাস অধ্যয়ন আৰু প্রণয়নৰ ক্ষেত্রত কোনো কাৰণতে যাতে তথ্যক গোপন তথা বিকৃত হবলৈ এৰি দিয়া নহয়, সেয়া বুৰঞ্জীবিদৰ ক্ষেত্রত এক পালনীয় নীতি বুলি মন্তব্য কৰি তেওঁ কয় যে অসমৰ ক্ষেত্রত ইতিহাসৰ ঘটনা তথা চৰিত্র সমূহৰ বিশ্লেষণৰ ক্ষেত্রত মার্ক্সবাদী ধ্যান-ধাৰণাৰ এক প্রভাৱ সকলো সময়তে সক্রিয় হৈ থাকে৷ বুৰঞ্জী ৰচনাৰ ক্ষেত্রত অতীতৰ ঘটনাৱলীৰ বিশ্লেষণত বর্তমানৰ বিচাৰধাৰাৰ প্রভাৱ থকা উচিত নহয় বুলি তেওঁ কয়৷ মুখ্যমন্ত্রী ড০ শৰ্মাই কয় যে অসমৰ খিলঞ্জীয়া মানুহৰ অধিকাৰ আৰু ন্যায্য প্রাপ্তিৰ আকুতিক তথাকথিত উদাৰতা আৰু ধর্ম নিৰপেক্ষতাৰ আচ্ছাদনেৰে অসমত বাঁওপন্থী আদর্শৰ লোকসকলে আজিও ঢাকি ৰাখিব বিচাৰে৷ ১২০৫ খ্রীষ্টাব্দত অসম আক্রমণ কৰা মহম্মদ বিন বখতিয়াৰ খিলিজিৰ বিষয়ে সকলোৱে জানে বুলি মন্তব্য কৰি মুখ্যমন্ত্রী ড০ শৰ্মাই কয় যে ভাৰতৰ এক বিশাল অঞ্চল আক্রমণ কৰাৰ বিষয়ে আৰু সনাতন ধর্মৰ মন্দিৰসমূহ ভাঙি সনাতন সভ্যতাৰ বৃহৎ ক্ষতি কৰাৰ কথা ইতিহাসত পঢ়িবলৈ পোৱা যায়৷ কিন্তু কামৰূপ আক্রমণ কৰি কামৰূপৰ নৃপতি পৃথুৰ হাতত বখতিয়াৰ খিলিজিয়ে শোচনীয় পৰাজয় স্বীকাৰ কৰাৰ বিষয়টো বুৰঞ্জীৰ পৃষ্ঠাত পঢ়িবলৈ পোৱা নাযায়৷ পৃথুৰ এই বিজয় গাথাৰে আমাৰ ইতিহাস সমৃদ্ধ হোৱা নাই৷ এয়া হৈছে এক ধাৰাবাহিক আৰু প্রণালীবদ্ধ ষড়যন্ত্রৰ বহিঃপ্রকাশ৷ মুখ্যমন্ত্রী ড০ শৰ্মাই কয় যে পলিটিকেল হিষ্ট্রী অব আছাম গ্রন্থখনৰ দ্বিতীয় খণ্ডটো ১৯৭২ চনৰ পৰা ২০০১ চনৰ সময়ছোৱা সামৰি লবলৈ চিন্তা-চৰ্চা কৰা হৈছে৷ গ্রন্থখনৰ তৃতীয় খণ্ডটো ২০০২ চনৰ পৰা ২০২০ চনলৈ আৰু এই খণ্ডটি প্রকাশত পলম হলে ২০২৫ চনলৈকে সামৰি লোৱা হব বুলি তেওঁ কয়৷ অসম আন্দোলনৰ সম্পর্কত তেওঁ কয় যে এই সময়ছোৱাৰ বুৰঞ্জী বাতৰিকাকতত প্রকাশিত সংবাদৰ মাজত সীমাবদ্ধ ৰখা হৈছে৷ এই সময়ছোৱাত চৰকাৰে কি ব্যৱস্থা গ্রহণ কৰিছিল সেয়া ফাইলত উপলব্ধ হৈ আছে৷ গতিকে গৃহ বিভাগে এটা কেবিনেট সিদ্ধান্ত লৈ সকলো তথ্য উপলব্ধ কৰাব লাগে৷ মুখ্যমন্ত্রী ড০ শৰ্মাই কেন্দ্রীয় চৰকাৰৰ আর্কাইভৰ পৰাও বহুতো তথ্য পোৱা যাব বুলিও কয়৷ কেন্দ্র আৰু ৰাজ্য চৰকাৰৰ সহযোগত তেনেবোৰ বিষয় সামৰি এটা প্রাসংগিক বুৰঞ্জী ৰাইজৰ সন্মুখলৈ আনিব পৰা যায় তেনে দিশতো চিন্তা-চৰ্চ্চা প্রসাৰিত কৰিব লাগিব বুলি মুখ্যমন্ত্রী ড০ শৰ্মাই কয়৷ অসম আন্দোলনৰ সময়ত যিবোৰ কার্যবিৱৰণী লিখা হৈছিল সেইবোৰ কোনেও দেখা নাই৷ মুখ্যমন্ত্রী ড০ শৰ্মাই কয় যে এই সকলোবোৰ গৱেষকসকলৰ সন্মুখলৈ লৈ অহাৰ প্রয়োজনীয়তা আছে৷ অনুষ্ঠানত ৰাজ্যসভাৰ সাংসদ তথা মুখ্যমন্ত্রীৰ ৰাজনৈতিক সচিব পৱিত্র মার্ঘেৰিটা, অসম চৰকাৰৰ শিক্ষা উপদেষ্টা অধ্যাপক ড০ ননী গোপাল মহন্ত, আৰক্ষী সঞ্চালকপ্রধান জি পি সিং, অতিৰিক্ত মুখ্য সচিব ড০ ৰবি কোটা, অবিনাশ পুৰুষোত্তম দাস যোশী, গ্রন্থখনৰ সম্পাদক ড০ ৰাজেন শইকীয়া, অসম প্রকাশন পৰিষদৰ উপাধ্যক্ষ সুমন্ত চলিহা প্রমুখ্যে উচ্চপদস্থ বিষয়া তথা গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকে৷

You might also like