গ্ৰন্থ আন্দোলনঃ বৃক্ষৰ তলত ঢকুৱাখনা মহাবিদ্যালয়ৰ মুকলি পুথিভঁৰাল
নিয়মীয়া বাৰ্তা, ২৯ মাৰ্চঃ উত্তৰ অসমৰ উচ্চ শিক্ষাৰ অগ্ৰণী অনুষ্ঠান ঢকুৱাখনা মহাবিদ্যালয়ত আৰম্ভ হৈছে বৌদ্ধিক চিন্তা-চৰ্চাৰ এক অনুশীলন।নৱ প্ৰজন্মৰ বৌদ্ধিক বিকাশৰ কথা চিন্তা কৰি মহাবিদ্যালয়খনে হাতত লৈছে বিশেষ কাৰ্যপন্থা।মহাবিদ্যালয়খনৰ চৌহদৰ এজোপা গছৰ তলত স্থাপন কৰা হৈছে এটা মুকলি পুথিভঁৰাল। মহাবিদ্যালয়খনৰ ৰাজনীতি বিজ্ঞান বিভাগৰ বিশেষ প্ৰচেষ্টাত অনাবিল প্ৰকৃতি আৰু সৌন্দৰ্যৰ মাজত গঢ়ি তোলা ‘ৰিপাব্লিকান ষ্ট্ৰীট লাইব্ৰেৰী’ নামৰ মুকলি পুথিভঁৰালটো গ্ৰন্থপ্ৰেমীৰ বাবে হৈ পৰিছে আকৰ্ষণৰ কেন্দ্ৰবিন্দু।গছৰ তলত ছাত্ৰ-ছাত্ৰী তথা পাঠকসকলক এক সুকীয়া আমেজ দিয়াৰ লগতে ছাত্ৰ-ছাত্ৰীসকলক কিতাপ পঢ়াৰ প্ৰতি আগ্ৰহাৱাম্বিত কৰি তোলাৰ লগতে শাৰীৰিক,মানসিক তথা বৌদ্ধিক চিন্তা বিকাশৰ উদ্দেশ্য এক ব্যতিক্ৰমী চিন্তাৰে ২০২১ চনৰ ১০ ডিচেম্বৰ স্থাপন কৰা হৈছিল মুকলি পুথিভঁৰালটো।ঢকুৱাখনা মহাবিদ্যালয়ৰ অধ্যক্ষকে প্ৰমূখ্য কৰি বিশেষভাৱে ৰাজনীতি বিজ্ঞান বিভাগৰ অধ্যাপক ডঃ পংকজ বৰা আৰু বিভাগটোৰ অন্যান্য অধ্যাপক-অধ্যাপিকা তথা ছাত্ৰ-ছাত্ৰী সকলৰ ইতিবাচক প্ৰচেষ্টাৰ ফলতে এনে এক ব্যতিক্ৰমী অনুষ্ঠানে মহাবিদ্যালয়খনত সুষ্ঠ বাতাবৰণ গঢ়িবলৈ সক্ষম হৈছে ৷পুথিভঁৰালটোত আছে ৫ শতাধিক বিভিন্ন বিষয়ৰ গ্ৰন্থ-আলোচনী।ইয়াৰেই নিজৰ মন পচন্দৰ যিকোনো এখন কিতাপ সংগ্ৰহ কৰি অধ্যয়ন কৰিব পৰা বিশেষ সুবিধা আছে এই বিশেষ পুথিভঁৰালত।নৱ প্ৰজন্মৰ মাজত গ্ৰন্থ অধ্যয়নৰ প্ৰতি আকৃষ্ট কৰিবলৈ ঢকুৱাখনা মহাবিদ্যালয়ে আৰম্ভ কৰা এই বৌদ্ধিক যাত্ৰা সফল হওক।
প্ৰেৰক পুলকজ্যোতি বৰা