‘আছাম এন এথেনিক মোজাইক’ শীৰ্ষক গ্ৰন্থ উন্মোচন ৰিণিকি ভূঞা শর্মাৰ
নিয়মীয়া বাৰ্তা, ২ ফেব্ৰুৱাৰীঃ আজি নেডফি হাউছত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত বিশিষ্ট সাংবাদিক তথা নর্থ ইষ্ট লাইভৰ মুখ্য সম্পাদক ৱাছবিৰ হুছেইন আৰু অসম আৰক্ষীৰ বিশেষ শাখাৰ অতিৰিক্ত আৰক্ষী সঞ্চালকপ্রধান হীৰেন চন্দ্র নাথ সম্পাদিত গ্রন্থ ‘আছাম : এন এথেনিক মোজাইক’ শীর্ষক গ্রন্থখন উন্মোচন কৰা হয়৷ এই কিতাপখন উন্মোচন কৰে প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্টৰ মুখ্য পৰিচালন সঞ্চালিকা ৰিণিকি ভূঞা শৰ্মাই।
উন্মোচনী ভাষণত অনুষ্ঠানৰ মুখ্য অতিথি তথা উন্মোচক ৰিণিকি ভূঞা শর্মাই উচ্চপদস্থ আৰক্ষী বিষয়া হীৰেন চন্দ্র নাথ আৰু সাংবাদিক ৱাছবিৰ হুছেইনৰ সাহিত্য চর্চাৰ শলাগ লৈ গ্রন্থখনে নৱপ্রজন্মক বিভিন্ন জনগোষ্ঠীয় পৰম্পৰা আৰু কলা-সংস্কৃতিৰ সৈতে পৰিচয় কৰাই দিব বুলি মন্তব্য কৰে৷ তদুপৰি দেশৰ বিভিন্ন প্রান্তৰ পৰা আহি অসমবাসীৰ বাবে সেৱা আগবঢ়োৱা প্রশাসনিক বিষয়াসকলে গ্রন্থখনৰ জৰিয়তে ৰাজ্যত বাস কৰা বিভিন্ন জনগোষ্ঠীৰ ঐতিহ্য-পৰম্পৰা আৰু সংস্কৃতিৰ বিষয়ে সম্যক ধাৰণা পাব বুলি উন্মোচক ৰিণিকি ভূঞা শৰ্মাই উল্লেখ কৰে৷
উক্ত অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে অংশ লৈ অসম আৰক্ষীৰ সঞ্চালকপ্রধান ভাস্কৰজ্যোতি মহন্তই কয় যে গ্রন্থখন সময়োপযোগী গ্রন্থ৷ কুৰিটা অধ্যায়ৰ এই গ্রন্থখনে প্রশাসনিক বিষয়াসকলক অসমৰ জাতি–জনগোষ্ঠীৰ বিষয়ে ধাৰণা দিয়াৰ উপৰি ছাত্র–ছাত্রীসকলৰ গৱেষণাৰ সমল হিচাপে বিবেচিত হ’ব৷ তদুপৰি ইংৰাজী মাধ্যমৰ বিদ্যালয়ৰ শিক্ষার্থীসকলে গ্রন্থখন অধ্যয়নৰ পোষকতা কৰে উন্মোচক ভাস্কৰজ্যোতি মহন্তই৷
মুখ্য অতিথি ৰিণিকি ভূঞা শর্মাই বন্তি প্রজ্বলনেৰে শুভাৰম্ভ কৰা অনুষ্ঠানত আৰক্ষী বিষয়া হীৰেন চন্দ্র নাথে আদৰণী ভাষণ আগবঢ়োৱাৰ লগতে সাংবাদিক ৱাছবিৰ হুছেইনে গ্রন্থখনৰ বিষয়ে আলোকপাত কৰে৷ অনুষ্ঠানত এন ছোহানা দেৱী আৰু উপাসনা সিনহাই মণিপুৰী নৃত্য পৰিৱেশন কৰি উপস্থিতসকলক আপ্লুত কৰে৷
অনুষ্ঠানত ‘নিয়মীয়া বার্তা’ কাকতৰ সম্পাদক নৰেশ কলিতা, নিউজ লাইভৰ মুখ্য পৰিচালন সম্পাদক জাৰিৰ হুছেইন, অসম আৰক্ষীৰ অতিৰিক্ত আৰক্ষী সঞ্চালকপ্রধান (আইন শৃংখলা) জি পি সিং, অৱসৰপ্রাপ্ত আৰক্ষী বিষয়া পল্লৱ ভট্টাচার্য, উত্তম বাথাৰী আৰু জয়দীপ শইকীয়াকে ধৰি অর্ধশতাধিক বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷