নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গ্ৰন্থই আজীৱন বন্ধুত্ব পাতে, শিশুসকলৰ বাবে গ্ৰন্থৰ সম বন্ধু নাই- মৃণালিনী দেৱী

🔹 কিৰণবালা গোস্বামী বালিকা বিদ্যাপীঠৰ প্ৰাক্তন ছাত্ৰী সন্মিলনৰ স্মৃতিগ্ৰন্থ উন্মোচন

নিয়মীয়া বাৰ্তা, ৫ নৱেম্বৰ : ”বিশ্বৰ সৰু-বৰ সফলতা অৰ্জন কৰা তথা মহৎ লোকৰ জীৱনী অধ্যয়ন কৰিলে লক্ষ্য কৰা যায় যে তেওঁলোক আটাইৰে জীৱনত ভালেসংখ্যক মূল্যৱান গ্ৰন্থই প্ৰভাৱিত কৰিছে। আমি অভিভাৱকসকলে শৈশৱ কালৰ পৰাই মূল্যৱান গ্ৰন্থৰ সৈতে সম্পৰ্ক স্থাপন কৰি বন্ধুত্ব পাতিবলৈ শিকাব লাগে। সেয়ে যিখিনি গ্ৰন্থ অধ্যয়ন কৰিলে শিশুসকলে উচ্চ পৰ্যায়ৰ মানৱীয় গুণসমূহ আয়ত্ত কৰাৰ লগতে প্ৰেৰণা বা উৎসাহিত হ’ব, তেনে প্ৰকাৰৰ গ্ৰন্থসমূহ প্ৰতিগৰাকী অভিভাৱকে সংগ্ৰহ কৰি দিবলৈ প্ৰয়াস কৰিব লাগে। কিয়নো এই পৃথিৱীত শিশুসকলৰ বাবে গ্ৰন্থৰ সম বন্ধু নাই। সেয়ে গ্ৰন্থ অদ্বিতীয়। গ্ৰন্থই কোনোদিনা প্ৰতাৰণা বা বিশ্বাসঘাতকতা নকৰে বুলি অসম সাহিত্য সভাৰ প্ৰাক্তন উপ-সভাপতি, অখিল ভাৰতীয় সাহিত্য পৰিষদ, অসমৰ সভাপতি তথা বিশিষ্ট সু-সাহিত্যিক, আদৰ্শ মাতৃ বঁটাপ্ৰাপক মৃণালিনী দেৱীয়ে  কয়। নগাঁও জিলাৰ কিৰণবালা গোস্বামী বালিকা বিদ্যাপীঠ, নগাঁৱৰ হীৰক জয়ন্তী গৰকিবলৈ ওলোৱাৰ প্ৰাকক্ষণত বিদ্যাপীঠখনক আন্তৰিকতাৰে মনত লৈ থকা প্ৰাক্তন ছাত্ৰীসকলক একত্ৰিত কৰি কিছু গঠনমূলক আৰু সৃজনমূলক কাম কৰিবলৈ কিছু পৰিকল্পনা কৰি বিদ্যাপীঠখনৰ প্ৰাক্তন ছাত্ৰী সন্মিলন উপলক্ষে প্ৰকাশিত স্মৃতিগ্ৰন্থ ‘প্ৰভাতী’ উন্মোচন কৰি মৃণালিনী দেৱীয়ে গ্ৰন্থৰ লগত সম্পৰ্ক স্থাপন কৰিব পাৰিলে এজন ব্যক্তিক দেশৰ বা বিশ্বৰ জনপ্ৰিয় কবি, সাহিত্যিক, পন্ডিত, শিক্ষাবিদ, দাৰ্শনিক, বৈজ্ঞানিক আদি ৰূপে পৰিচয় দাঙি ধৰাত সহায় কৰে বুলি কয়।

গ্ৰন্থই যে কেৱল ক্ষন্তেকীয়া সময়ৰ বাবে বন্ধুত্ব স্থাপন কৰে এনে নহয়, গ্ৰন্থই আজীৱন বন্ধুত্ব পাতে বুলি কৈ তেওঁ গ্ৰন্থৰ লগত বন্ধুত্ব স্থাপন কৰা মানুহে কোনোদিন এনে বিপদৰ সন্মুখীন হোৱা পৰিলক্ষিত নহয় বা এই ধৰাত নজিৰ নাই। বৰং গ্ৰন্থই সমাজ, ৰাজ্য, দেশ আৰু বিশ্বৰ দাৰ্শনিক, অৰ্থনীতিবিদ, সাহিত্যিক, শিক্ষাবিদ, সু-চিকিৎসক, শিক্ষক, নেতা আদি ৰূপে গঢ়ি উঠিবলৈ লাগতিয়াল গুৰুত্বপূৰ্ণ গুণসমূহ অৰ্জনত নেপথ্যত থাকি সহায় কৰে বুলি কয়। কিৰণবালা গোস্বামী বালিকা বিদ্যাপীঠৰ প্ৰধান শিক্ষয়িত্ৰী অঞ্জলি বৰাৰ সভাপতিত্বত অনুষ্ঠিত প্ৰাক্তন ছাত্ৰী সন্মিলনত নগাঁও জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি পৰাণ কুমাৰ বৰুৱাই সভাখন উদ্বোধন কৰি মহিলাসকলৰ ভূমিকা সম্পৰ্কে বক্তৃতা প্ৰদান কৰে। প্ৰাক্তন ছাত্ৰী সন্মিলনত অসম কৃষি বিশ্ববিদ্যালয়, যোৰহাটৰ অধ্যাপিকা স্বপ্নলী বৰাই বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে। সভাত অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য তথা অখিল ভাৰতীয় সাহিত্য পৰিষদ, অসমৰ কাৰ্যনিৰ্বাহক সদস্য ৰমেন ভৰালীও উপস্থিত আছিল। সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে পৰিস্মিতা শইকীয়াই।

প্ৰেৰক ৰমেন ভৰালী

You might also like