বিশেষ বাৰ্তা, ৭ জানুৱাৰী : দেওবাৰে নগাঁৱৰ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ প্ৰেক্ষাগৃহত উন্মোচন কৰা হয় কবি-সাহিত্যিক প্ৰদীপ কুমাৰ শইকীয়াৰ কাব্যপুথি ‘ছাই বৰণীয়া বৰ্ণমালা’। কাব্যপুথি উন্মোচনী অনুষ্ঠানত উন্মোচক হিচাপে উপস্থিত থাকে কবি-সমালোচক হৰেকৃষ্ণ ডেকা। বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে কবি অনুভৱ তুলসী, পৰাণ কুমাৰ বৰুৱা, ড° শৰৎ বৰকটকী আৰু স্তম্ভ লেখক ৰেজাউল কৰিম।
সাহিত্যিক প্ৰদীপ শইকীয়াই সংবাদ মাধ্যমৰ আগত সদৰী কৰা মতে, এই কাব্যপুথিৰ জৰিয়তে তেওঁ তেওঁৰ ব্যক্তিগত জীৱনৰ অতীত আৰু বৰ্তমানৰ উপৰি সমাজ জীৱন আৰু প্ৰকৃতিৰ ঘটনাপ্ৰবাহক সংপৃক্ত কৰি কাব্যপুথিখন পঢ়ুৱৈ সমাজৰ বাবে প্ৰস্তুত কৰি তুলিছে। কাব্যপুথি উন্মোচনী অনুষ্ঠানত নগাঁও জিলাৰ বহুসংখ্যক স্বনামধন্য ব্যক্তিৰ উপৰি কেইবাজনো কবি, সাহিত্যিক আৰু সাংবাদিক উপস্থিত থাকে।
প্ৰেৰক কনক হাজৰিকা