১৬ ছেপ্টেম্বৰত ২৫টা চিনেমা হলত একেলগে শুভমুক্তি বোম্বা ৰাইডৰ
নিয়মীয়া বাৰ্তা, ৭ ছেপ্টেম্বৰ: কাঁ চলচ্চিত্র মহোৎসৱত প্রদর্শিত হোৱা মিচিং কথাছবি ‘বোম্বা ৰাইড’ৰ ১৬ ছেপ্টেম্বৰত শুভমুক্তি হ’ব৷ প্রায় নব্বৈ শতাংশ দৃশ্যগ্রহণ গোলাঘাটৰ দেৰগাঁৱত সম্পন্ন হোৱা বোম্বা ৰাইড নামৰ মিচিং কথাছবিখনে আন্তঃৰাষ্ট্রীয় প্রেক্ষাপটত অসমৰ নাম উজলাই তুলিছে৷ কেইবাখনো আন্তঃৰাষ্ট্রীয় চলচ্চিত্র মহোৎসৱৰ লগতে কাঁ চলচ্চিত্র মহোৎসৱত প্রদর্শিত হৈ সমাদৃত হোৱা ছবিখনৰ শিশু অভিনেতা ইন্দ্রজিৎ পেগুৱে নিউ ইয়র্ক ইণ্ডিয়ান ফিল্ম ফেষ্টিভেলত শ্রেষ্ঠ শিশু অভিনেতাৰ মনোনয়নো লাভ কৰিবলৈ সক্ষম হয়৷
গোলাঘাট পৌৰসভাৰ সভাকক্ষত পৰিচালক বিশ্বজিত বৰাই এখন সংবাদ মেলৰ আয়োজন কৰে৷ এই সংবাদ মেলখনত পৰিচালক বিশ্বজিত বৰা, প্রযোজকদ্বয় ক্রমে বিনোদ লাল দাস আৰু লুইত কুমাৰ বর্মন, কার্যবাহী প্রযোজক অসীম কুমাৰ শইকীয়া, প্রযোজনা নিয়ন্ত্রক কুমুদ বৰা, বোম্বা ৰাইডৰ মূল চৰিত্রত অভিনয় কৰা ইন্দ্রজিত পেগু, অভিনেতা হিৰণ্য কুমাৰ পেগু, সদাগৰ দাও আদি কলাকুশলীসকল উপস্থিত থাকে৷ প্রবীণ দাসে আঁত ধৰা সংবাদ মেলখনত পৰিচালকগৰাকীয়ে অৱগত কৰে যে অহা ১৬ ছেপ্টেম্বৰত চিনেমাখনে শুভমুক্তি পাব অসমৰ প্রায় ২৫টা ছবিগৃহত৷ উত্তৰ– পশ্চিম যোৰহাটৰ জনজাতীয় অঞ্চল বৰমুকলি আৰু গোলাঘাট জিলাৰ বকুলি চাপৰিৰ দৰে এটা ভিতৰুৱা অঞ্চল দুটাত কথাছবিখনৰ চিত্রগ্রহণৰ বিভিন্ন অভিজ্ঞতা বর্ণনা কৰি ছবিখনৰ সফলতাত অঞ্চলটোৰ সহজ–সৰল ৰাইজৰ আন্তৰিকতাক তেওঁ কৃতজ্ঞতা জ্ঞাপন কৰি অসমৰ ৰাইজক চিনেমাখন চাবলৈ আহ্বান জনায়৷