নিয়মীয়া বাৰ্তা ১৮ ফেব্ৰুৱাৰীঃ ৰাজ্য চৰকাৰৰ ভৈয়াম জনজাতি আৰু অন্যান্য পিছপৰা কল্যাণ শ্রেণী বিভাগে আজি এক নির্দেশযোগে বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদখন গঠন কৰি দিছে৷ অন্তর্ৱর্তীকালীনভাৱে গঠন কৰা এই স্বায়ত্তশাসিত পৰিষদখনত অধ্যক্ষ–মুখ্য কার্যবাহী সদস্যসহ অন্তর্ভুক্ত হৈছে মুঠ ১৪জন পাৰিষদ৷ ৰাজ্যপালৰ নির্দেশনামর্মে গঠিত অন্তর্ৱর্তীকালীন পৰিষদখনৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে গোলাঘাট জিলাৰ গম্বৰু মুছাহাৰীক৷ সৃজন বসুমতাৰীক উপাধ্যক্ষ হিচাপে নিযুক্তি দিয়া অন্তর্ৱর্তীকালীন স্বায়ত্তশাসিত পৰিষদখনৰ মুখ্য কার্যবাহী সদস্য আৰু উপ–মুখ্য কার্যবাহী সদস্য হৈছে ক্রমে ধেমাজিৰ মিহিনিশ্বৰ বসুমতাৰী আৰু গোলাঘাটৰ ৰমি’ নার্জাৰী৷ বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদখনৰ কার্যবাহী সদস্যসকল হ’ল– অনিল বসুমতাৰী, অমিয় কুমাৰ বসুমতাৰী, বিনোদ বসুমতাৰী, প্রণৱ বড়ো, মথুৰা বসুমতাৰী, মহিপাল বড়ো, ৰাজেশ চ’র্খি, প্রদীপ স্বর্গীয়াৰী, জয়ন্ত বড়ো আৰু দশৰথ বড়ো৷ উল্লেখ্য যে বি টি আৰক বাদ দি ৰাজ্যৰ বিভিন্ন স্থানত বসবাস কৰা বড়ো কছাৰীসকলক সামৰি এই স্বায়ত্তশাসিত পৰিষদখন গঠন কৰা হৈছে৷