বৰক্ষেত্ৰীৰ নাও দুৰ্ঘটনাত নিখোজ ছাত্ৰৰ চেঙাৰ ৰৌমাৰী পাথাৰত মৃতদেহ উদ্ধাৰ
নলবাৰী জিলাৰ বৰক্ষেত্ৰী ৰাজহ চক্ৰৰ অন্তৰ্গত গোৰাক্ষাট্টাৰীত যোৱা ১৯ জুনত সংঘটিত শোকাবহ নাও দুৰ্ঘটনাত নিখোজ হৈ থকা দুগৰাকী ছাত্ৰৰ ভিতৰত আজি এগৰাকী ছাত্ৰৰ মৃতদেহ উদ্ধাৰ হয় ৷
বৰক্ষেত্ৰীৰ চৰাঞ্চলৰ পৰা ব্ৰহ্মপুত্ৰৰ সুঁতিৰে নদিয়া- পেৰাধৰা পাৰঘাটত অভিমুখে অত্যধিক যাত্ৰী কঢ়িয়াই আহি থকা এখন যন্ত্ৰচালিত নাও দুৰ্ঘটনাত পতিত হৈ নিখোজ হৈ পৰিছিল দুগৰাকী ছাত্ৰসহ এগৰাকী স্বাস্থ্যকৰ্মী৷
নৈৰ সুঁতিত চাৰিটা দিনে এন.ডি.আৰ.এফ, এছ.ডি.আৰ.এফ বাহিনীয়ে যৌথভাৱে অভিযান চলাই সন্ধানহীন স্বাস্থ্যকৰ্মী আব্দুৰ গফুৰৰ মৃতদেহ উদ্ধাৰ কৰিছিল যদিও ছাত্ৰদ্বয় সন্ধানহীন হৈ আছিল৷
বৰপেটা জিলাৰ তাৰাবাৰী থানা তথা চেঙা ৰাজহ চক্ৰৰ অন্তৰ্গত ৰৌমাৰী পাথাৰ গাঁৱৰ মাজেৰে বৈ যোৱা ব্ৰহ্মপুত্ৰৰ সুঁতিত আজি পুৱাই ওপঙি উঠে এগৰাকী ছাত্ৰৰ মৃতদেহ ৷ বিদ্যালয়লৈ আহি থাকোঁতে নাও দুৰ্ঘটনাত পতিত হৈ বাৰটা দিনে নৈৰ বুকুত সন্ধানহীন হৈ থকা ১৬ বছৰীয়া মাজিদুল ইছলামৰ মৃতদেহ আজি উদ্ধাৰ হয়৷
বৰক্ষেত্ৰীৰ ৰামপুৰস্থিত জনতা হাইস্কুলৰ নৱম শ্ৰেণীৰ ছাত্ৰ আছিল মাজিদুল ইছলাম ৷ ৰৌমাৰী পাথাৰৰ নৈৰ সুঁতিত স্থানীয় লোকে আজি পুৱা মৃতদেহটো প্ৰত্যক্ষ কৰি স্থানীয় গাঁওপ্ৰধান আৰু আৰক্ষীক খবৰ দিয়ে৷ মৃতদেহ উদ্ধাৰৰ ঘটনা বিয়পি পৰাৰ পিছতেই মাজিদুল ইছলামৰ পৰিয়ালৰ লোক ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো মাজিদুল ইছলামৰ বুলি চিনাক্ত কৰে৷
ঘটনাস্থলীত দৌলাশাল আৰক্ষী আৰু তাৰাবাৰী আৰক্ষী উপস্থিত হয়। তাৰাবাৰী আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰোণত্তোৰ পৰীক্ষাৰ বাবে বৰপেটা ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয় হস্পিতালয়লৈ প্ৰেৰণ কৰে।
দুৰ্ভগীয়া ছাত্ৰ মাজিদুল ইছলামৰ মৃতদেহ উদ্ধাৰ হোৱাত অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে। মাজিদুল ইছলামে অধ্যয়ন কৰা ৰামপুৰস্থিত জনতা হাইস্কুলৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক পদ্মধৰ দাসে মাজিদুল ইছলামৰ অকাল বিয়োগত শোক প্ৰকাশ কৰাৰ লগতে ছাত্ৰীগৰাকীৰ বিদেহ আত্মাৰ সদগতি কামনা কৰে।
অন্যহাতে নাও দুৰ্ঘটনাত নিখোজ হৈ থকা আন এগৰাকী ছাত্ৰ আৰিয়ান আলীৰ আজিও সন্ধান নাই ৷ ৰামপুৰস্থিত উদীয়মান জাতীয় বিদ্যালয়ৰ তৃতীয় শ্ৰেণীৰ ছাত্ৰ হৈছে আৰিয়ান আলী ৷
নিয়মীয়া বাৰ্তা, দৌলাশাল : Date of published : 1 July, 2025