বাৰ্তা ব্যৰো, বৰপেটা, ১৫ ফেব্ৰুৱাৰীঃ নিষিদ্ধ ড্ৰাগছৰ প্ৰচলন ৰোধ কৰাৰ বাবে অসম আৰক্ষীৰ অভিযান অব্যাহত আছে ৷ বৰপেটাত শুকুৰবাৰে মাজ নিশা আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হৈছে বৃহৎ পৰিমানৰ নিচাযুক্ত নিষিদ্ধ টেবলেট আৰু কফ চিৰাফৰ বটল। বৰপেটাৰ আৰক্ষী অধীক্ষক সুৃশান্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত শুকুৰবাৰে মাজনিশা বাটগাওত তাৰাবাৰী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মৃণাল শৰ্মাৰ নেতৃত্বত আৰক্ষীয়ে এটা ড্ৰাগছ সৰবৰাহকাৰীৰ পৰা বৃহৎ পৰিমাণৰ নিচাযুক্ত টেবলেট আৰু কফ চিৰাফ’ৰ বটল জব্দ কৰে৷ আৰক্ষীৰ অভিযানত ধৃত ড্ৰাগছ সৰবৰাহকাৰীটোৰ নাম প্ৰসেনজিৎ দাস। এক গোপন সুত্ৰৰ পৰা পোৱা তথ্যৰ ভিত্তিত আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত বহৰিৰ তাৰাবাৰী আৰক্ষীয়ে শুকুৰবাৰে নিশা অভিযান চলাইছিল বাটগাঁৱত৷ আৰু এই অভিযানতে বাটগাঁৱৰ প্ৰসেনজিৎ দাসৰ ঘৰৰ পৰা প্ৰায় ২৯ হাজাৰ ট্ৰমাডল হাইড্ৰ’ক্ল’ৰিক টেবলেট, ৬০০ নাইট্ৰাজেপাম টেবলেট, ১২০ বটল ক’ডাইন ফছফেট, নগদ ৬৮,৫৭০ টকা আৰু এটা মোবাইল ফোন জব্দ কৰে আৰক্ষীয়ে। ড্ৰাগছ ব্যৱসায়ত ব্যৱহাৰ কৰা AS 01 BJ 2567 নম্বৰৰ হুণ্ডাই ইয়’ন চাৰিচকীয়া বাহন এখনো জব্দ কৰে আৰক্ষীয়ে। উল্লেখ্য যে প্ৰসেনজিৎ দাস পূৰ্বৰে পৰা ড্ৰাগছ ব্যৱসায়ৰ সৈতে জড়িত। ইতিপূৰ্বে বৰপেটা আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱা প্ৰসেনজিৎ দাসে জেলৰ পৰা ওলাই পুনৰ ড্ৰাগছ ব্যৱসায়ৰ সৈতে জড়িত হৈ পৰিছিল।
প্ৰেৰক নৱজিত বায়ন