নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এছিয়ান গেমছত ছেমিত প্ৰৱেশ বক্সাৰ নিখাত জৰীনৰ

বিশেষ বাৰ্তা, ২৯ ছেপ্টেম্বৰঃ ভাৰতীয় খেলুৱৈসকলৰ উৎকৃষ্ট প্ৰদৰ্শন এছিয়ান গেমছ ২০২৩ত অব্যাহত গৈছে। এতিয়া ভাৰতৰ তাৰকা বক্সাৰ নিখাত জৰিনে মহিলাৰ ৪৫ৰ পৰা ৫০ কেজি শাখাৰ কোৱাৰ্টাৰ ফাইনেল মেচত জয়লাভ কৰি ছেমিফাইনেলত স্থান নিশ্চিত কৰিছে। ইয়াৰ লগে লগে এতিয়া এই ইভেণ্টতো পদক নিশ্চিত হৈছে। জৰ্ডানৰ হানান নাছাৰৰ সৈতে কোৱাৰ্টাৰ ফাইনেল মেচত নিখাত জৰীনে একপক্ষীয় প্ৰদৰ্শন দেখুৱাইছিল। এই বিজয়ৰ জৰিয়তে নিখাটে ২০২৪ চনত পেৰিছত অনুষ্ঠিত হ’বলগীয়া অলিম্পিক গেমছৰ স্থানো নিশ্চিত কৰিছে। কোৱাৰ্টাৰ ফাইনেল খেলখনত আৰম্ভণিৰে পৰাই নিখাত জৰীনক অতি আক্ৰমণাত্মক দেখা গৈছিল। মাত্ৰ ৫৩ ছেকেণ্ডত নিখাটে প্ৰথম ৰাউণ্ডত জয়লাভ কৰে। নিখাতৰ খেলৰ সন্মুখত সম্পূৰ্ণ অসহায় যেন লাগিছিল জৰ্ডানৰ খেলুৱৈগৰাকীক। মাত্ৰ ১২৭ ছেকেণ্ডত খেলখন সমাপ্ত কৰি নিখাতে ছেমিফাইনেলত নিজৰ স্থান নিশ্চিত কৰে। ১৯সংখ্যক এছিয়ান গেমছত এইপৰ্যন্ত ভাৰতে মুঠ ৩২টা পদক লাভ কৰিছে। ইয়াৰ ভিতৰত আছে ৮টা স্বৰ্ণ, ১২টা ৰূপ আৰু ১২টা ব্ৰঞ্জৰ পদক।

You might also like