নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গোলাঘাটত অসমীয়াৰ ওপৰত অনা-অসমীয়াৰ আক্ৰমণ

বিশেষ বাৰ্তা ১৮ অক্টোবৰঃ পুনৰ অসমীয়াৰ ওপৰত অনা অসমীয়াৰ আক্ৰমণৰ এক ঘটনা সংঘটিত হ’ল গোলাঘাটত। গোলাঘাট নগৰৰ মাজমজিয়াত কালি নিশা ইয়াকে লৈ এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ ঘটনা বিৱৰণী অনুসৰি,নগৰৰ মাজমজিয়াত থকা Hasty Tasty নামৰ মিঠাই দোকানৰ স্বতাধিকাৰগৰাকীয়ে দোকানৰ এগৰাকী কৰ্মচাৰী (চিকিৰউটি গাৰ্ড)ক প্ৰহাৰ কৰাক কেন্দ্ৰ কৰি তীব্ৰ উত্তেজনা সৃষ্টি হয়৷ কৰ্মচাৰীগৰাকীৰ অভিযোগ নিশা দোকানৰ স্বত্বাধিকাৰী ৰমেশ গুপ্তাই সুৰাসক্ত অৱস্থাত ভোলা চাহানী নামৰ সহযোগী এজনৰ সৈতে মিলি সামান্য কথাতে ৰাজীৱ বৰা নামৰ চিকিউৰিটি গাৰ্ডজনক মাৰধৰ কৰে৷ তাৰ পিছতেই কৰ্মচাৰী ৰাজীৱ বৰাই গোলাঘাট থানাত উপস্থিত হৈ এজাহাৰ দাখিল কৰে৷ বৰ্তমান ঘটনা সন্দৰ্ভত গোলাঘাট আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ৷ আনহাতে পূৰ্বতেও এইগৰাকী ব্যৱসায়ীৰ বিৰুদ্ধে কেইবাটাও অভিযোগ আছিল৷ ঘটনা সংঘটিত হোৱাৰ পিছত আজি গোলাঘাটৰ কেইবাটাও জাতীয় দল-সংগঠনে কৰ্মচাৰীগৰাকীক প্ৰহাৰ কৰাৰ বাবে স্বতাধিকাৰগৰাকীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰক্ষীক দাবী জনাই আৰু Hasty Tasty নামৰ দোকাখন বন্ধ কৰাৰ দাবী তোলে। ঘটনা সন্দৰ্ভত কেইবাটাও দল সংগঠনে গোচৰ ৰুজু কৰিছে বিতৰ্কিত ব্যৱসায়ী ৰমেশ গুপ্তাৰ বিৰুদ্ধে। আৰক্ষীৰ তদন্তৰ পিছতহে ঘটনাৰ প্ৰকৃত সত্য পোহৰলৈ আহিব।

প্ৰেৰক দিগন্ত কুমাৰ বৰা

You might also like