নিয়মীয়া বাৰ্তা, ১৪ মে’ : পশ্চিম কামৰূপৰ উচ্চ শিক্ষানুষ্ঠান নগৰবেৰাস্থ বিমলা প্ৰসাদ চলিহা মহাবিদ্যালয়ত আজি সদ্যঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত শিক্ষানুষ্ঠানখনৰ পৰা প্ৰথম বিভাগত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলৰ উপৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ আন্তঃমহাবিদ্যালয় ভলীবল টুৰ্নামেণ্ট ’২৪ত ৰানাৰ্ছআপৰ খিতাপ দখল কৰা বি প্ৰ চ মহাবিদ্যালয় ভলীবল দলটিক মহাবিদ্যালয় প্ৰাংগণত সম্বৰ্ধনা জনোৱা হয় | অধ্যক্ষ ড° কমল পাঠকে পৌৰোহিত্য কৰা সভাত মহাবিদ্যালয় শিক্ষক গোটৰ সভাপতি অনিতা কেওট, আই কিউ এ চিৰ সমন্বয়ক অৰুণ সৰকাৰ, মহাবিদ্যালয়ৰ শিক্ষক ৰঘুদেৱ দাস, ভূমিজা বৰ্মন কলিতা, বসন্ত কলিতা আদি উপস্থিত থাকে | আজিৰ এই সম্বৰ্ধনা পৰ্বত মহাবিদ্যালয়ৰ উঃ মাঃ পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱাৰ উপৰি ভলীবল দলটিৰ ১২গৰাকীকৈ খেলুৱৈ আৰু প্ৰশিক্ষক আব্দুল বাতেন (প্ৰাক্তন ছাত্ৰ)ক সম্বৰ্ধনা জনোৱা হয় | স্মৰ্তব্য যে মহাবিদ্যালয়খনৰ পৰা সদ্যঘোষিত উঃ মাঃ চূড়ান্ত বৰ্ষৰ পৰীক্ষাত দুগৰাকীয়ে ডিষ্টিংচন, চাৰিগৰাকীয়ে ষ্টাৰ নম্বৰ পোৱাৰ উপৰি প্ৰথম বিভাগত উত্তীৰ্ণ মুঠ ২৫গৰাকী শিক্ষাৰ্থীলৈ মহাবিদ্যালয়ৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয় |
প্ৰেৰক সঞ্জীৱ কুমাৰ দাস