বিপিএফৰ কোকৰাঝাৰ আৰু দৰং-ওদালগুৰি সমষ্টিৰ প্ৰাৰ্থী ঘোষণা
নিয়মীয়া বাৰ্তা, ১৬ মাৰ্চ : বিপিএফ দলে আজি কোকৰাঝাৰ লোকসভা আৰু দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ বাবে দলীয় প্ৰাৰ্থীৰ নাম ঘোষণা কৰে। চিৰাং জিলাৰ শ্যামথাইবাৰীস্থিত বাথৌ খেৰাই ফেমিলি ৰিজৰ্টত অনুষ্ঠিত ৮৫সংখ্যক কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভাৰ পাছতে আজি বিয়লিৰ ভাগত বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে কোকৰাঝাৰ লোকসভা সমষ্টিৰ বাবে দলীয় প্ৰাৰ্থী হিচাপে খাম্পা বৰগয়াৰী আৰু দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ বাবে পানেৰী বিধানসভা সমষ্টিৰ বৰ্তমানৰ বিধায়ক দুৰ্গা দাস বড়োই ২০২৪ৰ সাধাৰণ নিৰ্বাচনত প্ৰতিদ্বন্দীতাত অৱতীৰ্ণ হ’ব বুলি আনুষ্ঠানিকভাৱে ঘোষণা কৰে। হাগ্ৰামা মহিলাৰীয়ে লগতে ঘোষণা কৰে যে বিপিএফ দলে লোকসভা নিৰ্বাচনত মুঠ পাঁচটা সমষ্টিত দলীয় প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। আন তিনিটা সমষ্টি ক্ৰমে শোণিতপুৰ লোকসভা সমষ্টি, গুৱাহাটী লোকসভা সমষ্টি আৰু বৰপেটা লোকসভা সমষ্টিত বিপিএফ দলে দলীয় প্ৰাৰ্থী প্ৰক্ষেপ কৰিব বুলি আজি ঘোষণা কৰে যদিও আগন্তুক তিনি দিনৰ ভিতৰত প্ৰাৰ্থীৰ নাম ঘোষণা কৰিব বুলি মন্তব্য কৰে। সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত বিপিএফ দলে কোকৰাঝাৰ লোকসভা সমষ্টিৰ লগতে দৰং-ওদালগুৰি লোক সভা নিৰ্বাচনত নিশ্চিতভাবে বিজয়ী হোৱাৰ লগতে অন্য তিনিটা সমষ্টিতো বিপিএফ দলে প্ৰাৰ্থীত্ব প্ৰদান কৰা প্ৰতিগৰাকীয়ে বিজয়ী হ’ব বুলি দৃঢ়তাৰে ঘোষণা কৰে। শোণিতপুৰৰ দুজন,গুৱাহাটীৰ তিনিজন আৰু বৰপেটাৰ পৰা মুঠ চাৰিজনে বিপিএফ দলৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দীতাত অংশগ্ৰহণ কৰাৰ বাবে যোগাযোগ অব্যাহত ৰাখিছে বুলিও মন্তব্য প্ৰকাশ কৰে। উল্লেখ্য যে বিপিএফ দলৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে আজি সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত জিভা পিছলি যোৱা বাবে বিপিএফৰ পৰিৱৰ্তে বিজেপি দল বুলি বক্তব্য আৰম্ভ কৰে যদিও তৎ মুহূৰ্ততে ‘বিজেপি নহয়, বিপিএফ’ দল বুলি শুধৰাই লয়।
প্ৰেৰক বিপুল কুমাৰ দাস