নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হাগ্রামাৰ সংগ এৰিলে কার্যকৰী সভাপতি বিশ্বজিৎ দৈমাৰীয়ে

বিটিচি নির্বাচনৰ পূর্বে বিপিএফত মোক্ষম আঘাত

নিয়মীয়া বাৰ্তা ১২ নৱেম্বৰঃ অহা ডিচেম্বৰ মাহৰ প্রথম ভাগত হ’বলগীয়া বিটিচি নির্বাচনৰ প্রাক্ক্ষণত হাগ্রামা মহিলাৰীৰ বি পি এফ দলত মোক্ষম আঘাত৷ দলটোৰ অন্যতম থিংকটেংক, কার্যকৰী সভাপতি, ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীয়ে বুধবাৰে আনুষ্ঠানিকভাৱে দলৰ দায়িত্বভাৰৰ পৰা পদত্যাগ কৰে৷ এই সম্পর্কত তেওঁ বুধবাৰে মহানগৰীৰ হোটেল লিলিত আয়োজিত এখন সংবাদ মেলত তেওঁৰ পদত্যাগ–পত্র দলৰ সভাপতি হাগ্রামা মহিলাৰীলৈ প্রেৰণ কৰাৰ বিষয়ে জানিবলৈ দি কয় যে দলীয় বিষয়বাব এৰিলেও তেওঁ এতিয়ালৈ প্রাথমিক সদস্য পদৰ পৰা পদত্যাগ কৰা নাই৷ ইয়াৰ কাৰণ হৈছে দলৰ এজন সাংসদ হিচাপে সংসদীয় আইন অনুসৰি কিছু কাম সম্পন্ন কৰিব লাগিব৷ সেইখিনি সম্পন্ন হোৱাৰ লগে লগে তেওঁ প্রাথমিক সদস্য পদৰ পৰা পদত্যাগ কৰিব আৰু বিজেপিত যোগদান কৰিব৷ বি পি এফ এৰাৰ প্রসংগত তেওঁ কয় যে দলটোৰ কিছু কাম–কাজ আৰু পলিচীৰ ক্ষেত্রত বিগত দিনকেইটাত হাগ্রামা মহিলাৰীৰ সৈতে তেওঁৰ কিছু দ্বিমত হৈছে৷ বিটিচি অঞ্চলৰ ৰাইজৰ সমস্যা সমাধানৰ ক্ষেত্রত দলটোৰ পৰিকল্পনা নাই৷ যোৱা ২৭ জানুৱাৰীত স্বাক্ষৰিত বি টি আৰ চুক্তিত সাক্ষী হিচাপে হাগ্রামা মহিলাৰীয়ে স্বাক্ষৰ কৰিলে৷ কিন্তু সেই বি টি আৰ চুক্তি ৰূপায়ণৰ ক্ষেত্রত এতিয়া বাধা প্রদান কৰিবলৈ আৰম্ভ কৰিছে৷ বিটিচিত বি পি এফে চৰকাৰ কৰিলে বি টি আৰ চুক্তি ৰূপায়ণ নকৰে বুলিও ক’বলৈ আৰম্ভ কৰিছে৷ এই প্রসংগতে তেওঁ কয় যে নাঙলেৰে হাল বাই কোনোবাই চাৰি মোন ধান পাই সন্তুষ্ট হোৱাৰ পাছত তেওঁৰ চোতালত গৈ ট্রেক্টৰেৰে কিয় হাল নাবালে, উন্নত পদ্ধতিৰে কিয় খেতি নকৰিলে বুলি গালি পাৰি লাভ কি? বিটিচিত বড়ো–বড়োৰ সংঘাত নিৰাময়ৰ বাবেও বি পি এফে কোনো ব্যৱস্থা নল’লে৷ অঞ্চলটোত বসবাস কৰা অনাবড়ো ৰাইজে কিয় শংকা কৰি আহিছে সেই বিষয়ে বি পি এফে বুজাৰো চেষ্টা নকৰিলে আৰু নিৰাময়ৰো ব্যৱস্থা নকৰিলে৷ একেদৰে বি টি আৰ চুক্তি অনুসৰি বিটিচিৰ বাহিৰত বসবাস কৰা বড়ো কছাৰীসকলক লৈ বড়ো কছাৰী কল্যাণ স্বায়ত্ত পৰিষদ গঠনৰ যি ব্যৱস্থা গ্রহণ কৰা হয়, বি পি এফে তাত প্রাচীৰ হিচাপে থিয় দিয়ে৷ বি পি এফৰ বাধাৰ বাবেই যোৱা ৩১ আগষ্টত অসম বিধানসভাত সেই বিধেয়কখন উত্থাপন নহ’ল৷ অথচ বিগত দিনসমূহত বিটিচিৰ বাহিৰত থকা বড়ো কছাৰীসকলেও বি পি এফৰ লগতে আছিল৷ তৎসত্ত্বেও বি পি এফে বড়ো কছাৰী কল্যাণ স্বায়ত্ত পৰিষদ গঠনত বাধা দিলে৷ বি পি এফৰ এনে আচৰণৰ বাবেই ইউ বি পি অ’ই বিজেপিত যোগদান কৰে৷ আনহাতে, বিটিচিত মাটি–বাৰী ক্রয়–বিক্রয়ৰ ক্ষেত্রতো যি শংকা, অনিশ্চয়তাত জনসাধাৰণ ভুগি আছে, সেয়া নিৰাময়ৰ বাবে বি পি এফে কোনো ব্যৱস্থা নল’লে৷ এই সম্পর্কত তেওঁ বহুবাৰ হাগ্রামা মহিলাৰীক অঞ্চলটোৰ প্রতিটো চক্র বিষয়াৰ কার্যালয়ত ভূমি ক্রয়–বিক্রয়ৰ ক্ষেত্রত থকা চৰকাৰী নির্দেশনা আঁৰি দিবলৈ ক’লে যদিও সেয়া ৰূপায়ণ নকৰিলে৷ ইয়াৰ বাবেই মাটি ক্রয়–বিক্রয়ৰ ক্ষেত্রত চৰকাৰী বিভাগৰ পৰা এক–ডেৰ বছৰলৈ অনুমতিৰ আদেশেই প্রকাশ নাপায়৷ একেদৰে অঞ্চলটোত ভাষাক লৈ হোৱা শংকা, চাকৰি–বাকৰিৰ ক্ষেত্রত ওপজা সন্দেহ আদি নির্মূল কৰাৰ ক্ষেত্রতো বি পি এফে কোনো ব্যৱস্থা নল’লে৷ বি পি এফৰ মন্ত্রী, বিটিচিৰ কার্যবাহী সদস্যক সময়ে সময়ে তেওঁ এই বিষয়বোৰ কৈ আহিছে যদিও কোনো গুৰুত্ব নিদিলে৷ ইয়াৰ পৰিপ্রেক্ষিততে তেওঁ সময় আৰু বিভিন্ন পৰিস্থিতিৰ বাবে বি পি এফ ত্যাগ কৰাৰ সিদ্ধান্ত গ্রহণ কৰে৷ তেওঁ আৰু কয় যে বি টি আৰ চুক্তি স্বাক্ষৰ হোৱাৰ পাছত অঞ্চলটোত সমস্যাৰ প্রায় সমাধান হৈছে৷ এতিয়া জনগণৰ কাম কৰাৰ সময়৷ ৰাষ্ট্রীয় প্রেক্ষাপটত ৰাষ্ট্রীয় মূলসুঁতিত গৈ দেশৰ কাম কৰিব লাগে৷ তাৰ বাবেই তেওঁ ৰাষ্ট্রীয় দল বিজেপিত যোগদানৰ সিদ্ধান্ত লৈছে৷ আসন্ন বিটিচি নির্বাচনত তেওঁ ব্যক্তিগতভাৱে বিজেপিৰ হৈ প্রচাৰ চলাব বুলি জানিবলৈ দিয়ে৷

ইপিনে বিটিচি নির্বাচনক লৈ বিজেপি আৰু বি পি এফ দলৰ মাজত আৰম্ভ হোৱা ৰাজনৈতিক আক্রমণ–প্রত্যাক্রম পাছত দল দুটাৰ মাজত মিত্রতা থাকিব নে নাই, সেই সম্পর্কে সাংবাদিকে সোধা প্রশ্ণৰ উত্তৰত দৈমাৰীয়ে কয় যে কথাবোৰ সহজভাৱে ল’লে থাকিব পাৰে, সহজভাৱে নল’লে নাথাকিব পাৰে৷ সকলো কথা মানি থাকিলে কাজিয়া কৰিও থাকিব পাৰে৷ সংবাদ মেলখনত দৈমাৰীয়ে কয় যে বি পি এফ ত্যাগ কৰিলেও দলটোৰ কার্যকর্তাসকলৰ প্রতি তেওঁৰ কোনো আক্ষেপ নাই৷ এতিয়া তেওঁ ঘৰৰ পৰা যিহেতু ওলাই আহিছে, দলৰ আনসকলকো সুধিব, তেওঁলোকো ওলাই আহিব নে হাগ্রামাৰ লগতে থাকিব৷ ওলাই আহিলে আহিব আৰু থাকিলেও থাকিব৷ বি পি এফ দল জীয়াই থাকিব লাগে বুলি মত প্রকাশ কৰি তেওঁ কয় যে অনাগত দিনত কেতিয়াবা ভাল দিন আহিব৷ দললৈ ভাল নেতৃত্ব আহিব লাগে৷

You might also like