নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বি আৰ মেধি উচ্চতৰ মাধ্যমিকৰ প্ৰাক্তন ছাত্র-ছাত্ৰী সমাৰোহৰ সামৰণি

🔹 লক্ষ্য-একাগ্ৰতাৰেহে জীৱনত আগবাঢ়িব পাৰি : নৰেশ কলিতা 
নিয়মীয়া বাৰ্তা, ২৫ ডিচেম্বৰ : “মনৰ স্থিতি অটল থাকিলে বাধাৰ সৃষ্টি হ’ব নোৱাৰে । জীৱনত প্ৰতিষ্ঠা লাভ কৰিবলৈ অকল মেধাই সৰ্বস্ব নহয়। লক্ষ্য সদায় স্থিৰ হৈ থাকিব লাগিব । লক্ষ্য আৰু একাগ্ৰতাৰেহে জীৱনত আগবাঢ়িব পাৰি।”- এই মন্তব্য ‘নিয়মীয়া বাৰ্তা’ কাকতৰ সম্পাদক নৰেশ কলিতাৰ । নলবাৰী জিলাৰ বড়িদতৰাত অৱস্থিত ঐতিহ্যমণ্ডিত বিষ্ণু ৰাম মেধি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দুদিনীয়া প্ৰাক্তন ছাত্র-ছাত্ৰী সমাৰোহৰ আজি সামৰণি পৰে। এই উপলক্ষে প্ৰাক্তন ছাত্র-ছাত্ৰী সমাৰোহ উদযাপন সমিতিৰ সভাপতি তথা বিশিষ্ট শিক্ষাবিদ ফণীধৰ ডেকাৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত উপস্থিত থাকি বিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ তথা জ্যেষ্ঠ সাংবাদিক নৰেশ কলিতাই ছাত্ৰ-ছাত্ৰীসকলক নিজৰ অধ্যয়নৰ লগতে জীৱনত লক্ষ্য স্থিৰ কৰিবলৈ আহ্বান জনায় । এটি গ্ৰামাঞ্চলৰ কৃষক পৰিয়ালৰ সন্তান হৈ বিদ্যালখনত অধ্যয়ন কৰা দিনৰ স্মৃতি ৰোমন্থন কৰি শিক্ষাগুৰুসকলৰ অশেষ ত্যাগ, উৎসাহ, শিকন প্ৰণালী আৰু আদৰ্শসমূহ ভাষণত দাঙি ধৰে । জীৱনত বাধা আহিব পাৰে আৰু এই বাধা বা প্ৰত্যাহ্বান অতিক্ৰম কৰি যাব লাগিব বুলিও সাংবাদিক কলিতাই কয়। ভাষণত তেওঁ‌ ঐতিহ্যমণ্ডিত বিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলক ভৱিষ্যত দিনলৈ একগোট হৈ থাকিবলৈ এটি ব্যৱস্থা কৰিবলৈও আহ্বান জনায় । ইয়াৰ মাজতে তেওঁ‌ কয়- নলবাৰী মেডিকেল কলেজৰ বাবে এই বৃহত্তৰ অঞ্চলটোক চিনাকি দিবলৈ সহজ হৈ পৰিছে । এই সভাতে প্ৰাক্তন ছাত্র তথা বিশিষ্ট প্ৰসূতি চিকিৎসক ডা: গোপাল কলিতা আৰু প্ৰাক্তন ছাত্র তথা বিদ্যালয় পৰিদৰ্শক মইনুল হক চৌধুৰীৰ সম্পাদনাত প্ৰকাশিত  স্মৃতিগ্ৰন্থ ” বিষ্ণু জ্যোতি” উন্মোচন কৰে প্ৰবীণ সাংবাদিক হাইদৰ হুছেইনে। স্মৃতিগ্ৰন্থ উন্মোচন কৰি তেওঁ কয়- জাতিটোক আগবঢ়াই নিয়াৰ একাংশ লোকে অহৰহ চেষ্টা অব্যাহত ৰাখিছে। সাম্প্ৰতিক সময়ত ৰাজহুৱা অনুষ্ঠানত ৰাইজৰ অংশীদাৰিত্ব হ্ৰাস পাইছে। অনুষ্ঠান-প্ৰতিষ্ঠান ধৰি ৰখা ব্যাক্তিসকল হ’ল সমাজৰ দুখীয়া শ্ৰেণীৰ লোক। সমাজৰ কৃষক আৰু দুখীয়া শ্ৰেণীৰ লোকসকলেই ৰাজহুৱা অনুষ্ঠানত জড়িত হৈ প্ৰাণৱন্ত কৰি ৰাখিছে বুলি তেওঁ‌ কয় ।
উদযাপন সমিতিৰ সম্পাদক তথা বিদ্যালয়ৰ অধ্যক্ষ ঘনশ্যাম কলিতাই সম্পাদকীয় প্ৰতিবেদন পাঠ কৰা অনুষ্ঠানত প্ৰবীণ সাংবাদিকগৰাকীয়ে কয়- তাহানিৰ দিনত ৰাজহুৱা শিক্ষানুষ্ঠানসমূহ স্থানীয় নেতৃত্বৰ দ্বাৰা পৰিচালিত হৈছিল। এতিয়া সমাজখন নেতৃত্বহীন হৈছে। সমাজৰ ৰূপান্তৰ সাধিবলৈ হ’লে প্ৰতিজনে ঘৰখন মোৰ, বিদ্যালয়খন মোৰ, সমাজখন মোৰ মনোভাবেৰে আগবাঢ়িব লাগিব। বিদ্যালয়ৰ বিষয় শিক্ষক জয়ন্ত ডেকাই উদ্দেশ্য ব্যাখ্যা কৰা সভাত তেওঁ কয় যে স্মৃতিগ্ৰন্থই একোটা অঞ্চলৰ সকলো দিশ প্ৰতিফলন কৰে। মুকলি সভাত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি নলবাৰী মেডিকেল কলেজৰ অধ্যক্ষ ডাঃ বাবুল বেজবৰুৱাই কয়- এখন শিক্ষানুষ্ঠানৰ সতীৰ্থ সন্মিলনে শিক্ষানুষ্ঠানখনক উজ্জ্বল কৰে। তেওঁ কয় যে শিক্ষানুষ্ঠানসমূহক সেই শিক্ষানুষ্ঠানখনত অধ্যয়ন কৰি কোনোমতে জীৱন নিৰ্বাহ কৰা স্থানীয় প্ৰাক্তনসকলে বুকুত বান্ধি উজলাই ৰাখে। এই ক্ষেত্ৰত মেধাৱীসকল কৰ্তব্যৰ তাগিদাত আঁতৰি যায়। তাৎপৰ্যপূৰ্ণভাৱে এই বিদ্যালয়ৰ পৰা চিকিৎসক, অভিযন্তা হোৱা প্ৰাক্তনসকলে এই বিদ্যালয়ক পাহৰি যোৱা নাই। তেওঁ এইসকলৰ লগতে প্ৰতিগৰাকী প্ৰাক্তন ছাত্র-ছাত্ৰীৰ শলাগ লয়। অনুষ্ঠানত প্ৰাক্তন ছাত্র তথা অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যাৱস্থাপনা বিভাগৰ অৱসৰপ্ৰাপ্ত বিত্তীয় উপদেষ্টা দেৱেন শৰ্মা, প্ৰাক্তন ছাত্র তথা বিশিষ্ট প্ৰসূতি চিকিৎসক ডাঃ গোপাল কলিতা, বনভাগ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ যোগেন্দ্ৰ কলিতাকে ধৰি ভালেসংখ্যক বিশিষ্ট লোক উপস্থিত থাকে। উল্লেখ্য যে সমাৰোহ উপলক্ষে পুৱা এক বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাই সমগ্ৰ অঞ্চলটো মুখৰিত কৰি তোলে। উল্লেখ্য যে দুদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা প্ৰাক্তন ছাত্র-ছাত্ৰী সমাৰোহত কালি সমাৰোহৰ পতাকা উত্তোলন, বিদ্যালয়ৰ পতাকা উত্তোলন, বন্তি প্ৰজ্বলন, স্মৃতি তৰ্পণ, বৃক্ষৰোপণৰ পিছত ১৯৫৪ চনৰ পৰা প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলৰ সতীৰ্থ সন্মিলনত ভালেসংখ্যক প্ৰাক্তন ছাত্ৰ-ছাত্ৰী উপস্থিত হৈ নষ্টালজিক হৈ পৰে। অনুষ্ঠানত প্ৰাক্তন ছাত্র-ছাত্ৰীৰ উপৰি অৱসৰপ্ৰাপ্ত শিক্ষাগুৰুসকল উপস্থিত থাকে।
প্ৰেৰক শ্বাহ আলম আহমেদ
You might also like