নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৩-৪ ফেব্ৰুৱাৰীত ব্ৰহ্মপুত্ৰ মিউজিক ফেষ্টিভেল-২০২৪

শিল্পী শিৱচৰণ দাস আৰু কুমাৰ সুৰেশৰ পৰিয়াল বৰ্গক আগবঢ়াব আৰ্থিক সাহাৰ্য্য

বিশেষ বাৰ্তা, ২০ জানুৱাৰী : চাহ জনগোষ্ঠীৰ জনপ্ৰিয় শিল্পী ‘অকলশৰীয় মই এটি ছায়া’খ্যাত বৰেণ্য শিল্পী শিৱচৰণ দাস আৰু ‘হাৱাই উড়েলা এমিনি তৰে আঁচল’খ্যাত সদ্য প্ৰয়াত কুমাৰ সুৰেশৰ পৰিয়ালক আৰ্থিক সাহাৰ্য্য আগবঢ়োৱা কাৰ্য্যক সন্মুুখত ৰাখি ডিব্ৰুগড়ৰ কেইগৰাকীমান সচেতন আৰু সামাজিক দায়বদ্ধতাৰে কাম কৰি‌ অহা কেইগৰাকীমান উদীয়মান যুৱকৰ উদ্যোগত অহা ৩ আৰু ৪ ফেব্ৰুৱাৰীত ডিব্ৰুগড় মানকটা খেলপথাৰত ব্ৰহ্মপুত্ৰ মিউজিক ফেষ্টিভেল-২০২৪ শীৰ্ষক এক বৰ্ণাঢ্য সাস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰিছে। উক্ত মিউজিক ফেষ্টিভেল ৪ ফেব্ৰুৱাৰীত যুৱ প্ৰজন্মৰ মাজত বিশেষভাৱে সমাদৰ লাভ কৰা বলীউডৰ জনপ্ৰিয় কণ্ঠশিল্পী আৰমান মালিকে সুললিত কণ্ঠেৰে সংগীত পৰিৱেশন কৰিব। আনহাতে ৩ ফেব্ৰুৱাৰীত চাহ জনগোষ্ঠীৰ জনপ্ৰিয় শিল্পী তথা পদ্মশ্ৰী দুলাল মানকি, ‘জ্যোতিৰূপা চিনে এৱাৰ্ড’ বিজয়ী জনপ্ৰিয় কণ্ঠশিল্পী সুবিল বাগ, নৱ প্ৰজন্মৰ জনপ্ৰিয় কণ্ঠশিল্পী কমল নাগ আৰু পপলিন ছেত্ৰীয়ে সংগীত পৰিৱেশন কৰিব। চাহ জশগোষ্ঠী সমাজত প্ৰথমবাৰৰ বাবে আয়োজন‌ কৰা ব্ৰহ্মপুত্ৰ ফেষ্টিভেলে সাংস্কৃতিক চৰ্চা কৰা আৰু সমাজখনৰ শিল্পীসকলক বহুখিনি উৎসাহিত আৰু অনুপ্ৰাণিত কৰিব বুলি আশা কৰা হৈছে । ইতিমধ্যে ব্ৰহ্মপুত্ৰ ফেষ্টিভেল-২০২৪ সফল কৰিবলৈ উদ্যোক্তাসকলে প্ৰতিখন চাহ বাগিছা আৰু বাগিছা অধ্যুষিত অঞ্চলত ব্যাপক প্ৰচাৰ অব্যাহত ৰাখিলেও উক্ত অনুষ্ঠানলৈ সকলো শ্ৰেণী ৰাইজৰ উপস্থিতি একান্তৰে কামনা কৰিছে উদ্যোক্তাসকলে। উল্লেখ্য যে উক্ত ব্ৰহ্মপুত্ৰ মিউজিক ফেষ্টিভেল ‘২০২৪ ত শিল্পীৰ লগতে বহু কেইগৰাকী বিশিষ্ট সাহিত্যিক শিল্পীয়ে অংশ গ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে ।

প্ৰেৰক দীপাংকৰ পাল

You might also like