নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰুভূমি হৈ পৰিব নেকি ব্ৰহ্মপুত্ৰ!

🔴ঢকুৱাখনাত অস্বাভাৱিকভাৱে হ্ৰাস পাইছে মহাবাহুৰ জলস্তৰ

🔴ব্ৰহ্মপুত্ৰৰ জলস্তৰ হ্ৰাসৰ অন্তৰালত ৰঙা চীনৰ হাতোৰা!

নিয়মীয়া বাৰ্তা, ১ নৱেম্বৰঃ সংকটত পৰিছে অসমীয়া জাতিৰ আয়ুসৰেখা মহাবাহু ব্ৰহ্মপুত্ৰ৷ উদ্বেগজনকভাবে হ্রাস পাইছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ।নৈপৰীয়াৰ শংকা, নি:শেষ হ’ব সকলো।ব্ৰহ্মপুত্ৰৰ পাৰত বাস কৰা লাখ-লাখ লোকৰ জীৱন-জীৱিকালৈ ভাবুকি কঢ়িয়াই দ্ৰুতগতিত উজনিৰ পৰা নামনিলৈ শুকাইছে মহাবাহু ব্ৰহ্মপুত্ৰ৷অত্যাধিক প্ৰদূষণ আৰু বনধ্বংসৰ ফলত হোৱা বতৰ আৰু জলবায়ুৰ পৰিৱৰ্তনৰ বাবে চিন্তনীয়ভাবে তললৈ নামি গৈছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ। ফলত শদিয়াৰ পৰা ধুবুৰীলৈকে বালিৰে মৰুভূমি সদৃশ হৈ পৰিছে ব্ৰহ্মপুত্ৰৰ বক্ষ। শুকান বালি চৰৰ মাজত যেন হেৰাই গৈছে চিৰ প্ৰবাহমান মহাবাহুৰ প্ৰকৃত ৰূপ। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ঢকুৱাখনাতো উদ্বেগজনকভাবে হ্রাস পাইছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ।ঢকুৱাখনাৰ বিভিন্ন অঞ্চলত নৈখন প্রত্যক্ষ কৰিলে দৃশ্যমান হয় কেৱল বালিময় পৰিৱেশ৷ব্ৰহ্মপুত্ৰৰ কাষৰীয়া টেকেলিফুটা, মাতমৰা,খেৰকটা,পূৱ ঢকুৱাখনা আদি নৈপৰীয়া অঞ্চলত বুকুত দেখা গৈছে কাহানিও নেদখা এক পৰিৱেশ।ভৰ বাৰিষা ফেনে ফোটোকাৰে ওফন্দি উঠা ব্ৰহ্মপুত্ৰত এতিয়া নাই পানী।ক্ৰমাৎ বাম হৈ আহিছে ব্ৰহ্মপুত্ৰৰ ভূ-গৰ্ভ। চাৰিওফালে এতিয়া কেৱল বালি আৰু বালি চৰ। বিশাল এলেকাত বাৰিষাৰ দিনত সাগৰসদৃশ পৰিৱেশে বিৰাজ কৰাৰ বিপৰীতে খৰালিত মৰুভূমিসদৃশ পৰিবেশে বিৰাজ কৰিছে। এফালৰ পৰা শুকাই গৈছে ব্ৰহ্মপুত্ৰ। ব্ৰহ্মপুত্ৰ এনে অস্বাভাৱিক পৰিবৰ্তন, নদীৰ বুকু তৰাং হৈ পৰা মৃত্যমুখী অৱস্থাই চিন্তিত আৰু উদ্বিগ্ন কাঢ়ি তুলিছে ঢকুৱাখনাবাসীক। অস্বাভাৱিকভাৱে নৈৰ পানী হ্ৰাস পোৱাত জৈৱ-বৈচিত্ৰ্য আৰু জনজীৱনক লৈ বিৰূপ প্ৰভাৱ পৰাৰ নিশ্চিত আশংকাই দেখা দিছে।তদুপৰি মাত্ৰাধিক হাৰত ব্ৰহ্মপুত্ৰৰ বুকুত সৃষ্টি হৈছে বালিচৰ, গজিছে ঘাঁহ-বন৷ পূৰ্বতে যি স্থানত চলিছিল নাও সেই স্থানত এতিয়া চলিছে যান-বাহন।জলস্তৰ হ্ৰাস হোৱাত দিচাং-টেকেলিফুটা পাৰঘাটত ফেৰী চলাচলত সৃষ্টি হৈছে সমস্যা।নদীৰ বালিচৰত সঘনাই লাগি যাত্ৰীবাহী ফেৰী লাগি আবদ্ধ হোৱা ঘটনা সংঘটিত হৈছে। বিশাল ব্ৰহ্মপুত্ৰৰ এনে পয়ালগা অৱস্থাক লৈ স্বাভাৱিকতেই শংকিত হৈ পৰিছে নৈপৰীয়া। নৈপৰীয়া পশু পালকৰ লগতে মৎস্যজীৱীলৈও নামি আহিছে ঘোৰ অন্ধকাৰ।ভয়ংকৰ খৰাঙে প্ৰত্যাহ্বান কঢ়িয়াইছে ব্ৰহ্মপুত্ৰৰ বুকুত থকা জীৱকুললৈও।উল্লেখ্য যে পূৱ ঢকুৱাখনা, মাতমৰা আৰু খেৰকটা পঞ্চায়তৰ নৈপৰীয়া লোকসকলৰ বাবে ব্ৰহ্মপুত্ৰ নদীখন জীৱন আৰু জীৱিকাৰ উৎস ।বাৰিষা খৰালি সকলো সময়তেই ব্ৰহ্মপুত্ৰৰ বুকুত মাছ ধৰি, উটি অহা কাঠ বিক্ৰী কৰি পৰিয়াল পোহপাল দিছিল বহুতেই।কিন্তু বিগত কেইবছৰমানৰ পৰা খৰালিত ব্ৰহ্মপুত্ৰৰ অস্বাভাৱিক পৰিৱৰ্তনত নৈপৰীয়াই মূৰে-কপালে হাত দিছে।উল্লেখ্য যে তিব্বতত থকা ব্ৰহ্মপত্ৰৰ উৎপক্তিস্থলী “য়াৰলুং জাংব’ত চীনে নির্মাণ কৰিবলৈ আৰম্ভ কৰিছে বৃহৎ জলবিদ্যুৎ প্রকল্প। এই জলবিদ্যুৎ প্রকল্পক লৈ এতিয়া সংকট নামি আহিছে চীন সংলগ্ন ভাৰতৰ অসম তথা উত্তৰ-পূব আৰু ছিকিমলৈ। ২০১৪ চনৰ জুন মাহত চীনে এই বৃহৎ জলবিদ্যুৎ প্রকল্পটােৰ কাম আৰম্ভ কৰাৰ পিছতেই উদ্বেগজনকভাৱে ব্ৰহ্মপুত্ৰৰ জলস্তৰ হ্ৰাস পাবলৈ ধৰিছে । ক্ৰমাৎ তৰাং হৈ যোৱা ব্ৰহ্মপুত্ৰত খনন চলোৱাৰ কথা বিভিন্ন সময়ত চৰকাৰে উল্লেখ কৰি আহিছে যদিও বাস্তৱত সেয়া সম্ভৱ হৈ উঠা নাই । ব্ৰহ্মপুত্ৰত খনন কাৰ্য চলাই জলপথৰ ব্যৱসায়-বাণিজ্যক নতুন গতি প্ৰদান কৰাৰ বাবে চৰকাৰে বিভিন্ন অভিলাষী পৰিকল্পনা গ্ৰহণ কৰিছে যদিও বাস্তৱত সেয়া কিমানদূৰ কাৰ্যকৰী হ’ব তাক লৈ প্ৰশ্ন উত্থাপন হৈছে।কিন্তু ইয়াৰ মাজতেই যুগে যুগে সমন্বয়ৰ বাৰ্তা দি অহা বুঢ়া লুইতৰ এনে অৱস্থাই অতি সোনকালে মাতি আনিব পাৰে ভয়ঙ্কৰ দিনৰ আগজাননী।

প্ৰেৰক পুলকজ্যোতি বৰা

You might also like