নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

খেৰকটীয়া নৈৰ কাঠৰ দলং ভাঙি যাতায়াত ব্যাহত সোণাৰি চাপৰি-নয়াবজাৰ পথত

নিয়মীয়া বাৰ্তা, ১২ জুনঃ সোণাৰি চাপৰি নয়াবজাৰ পথৰ মাজুলীৰ সীমাৰেখা খেৰকটীয়া নদীৰ ওপৰত এখন স্থায়ী দলং নিৰ্মাণ নোহোৱাত পুনৰ যাতায়ত ব্যাহত হোৱাত তীব্ৰ ক্ষোভ আৰু অসন্তুষ্টি ব্যক্ত কৰিছে অঞ্চলৰ জনসাধাৰণে৷ দেশে স্বাধীনতা লাভ কৰাৰ ৭৭ বছৰৰ পিছতো চৰকাৰী আৰু ক’ৰ্ট কাছাৰীৰ কাম কাজৰ বাদে বাকী সকলো ধৰণৰ কাম কাজ যেনে স্বাস্থ্য ও চিকিৎসা, বজাৰ সমাৰ, শিক্ষা, দৈনন্দিন নিত্য প্ৰয়োজনীয় সামগ্ৰী ক্ৰয়কে ধৰি সকলো ধৰণৰ কাম কাজৰ বাবে মাজুলীৰ নয়াবজাৰলৈ সঘনে অহাযোৱা কৰিব লগা হোৱা ৭৭নং ঢকুৱাখনা বিধানসভা সমষ্টিৰ অন্তগত ব্‌হত্বৰ কেকুঁৰি পমুৱা, দাংধৰা আদি অঞ্চলৰ ৰাইজ আৰু কণ কণ শিক্ষাৰ্থী সকলে জৰাজীৰ্ণ এখন কাঠৰ দলঙৰ ওপৰেৰে বিপদসংকুলভাৱে অহাযোৱা কৰি অহাৰ দুখ দুৰ্দশা অন্ত নৌহওঁতেই দলংখন ভাগি পৰাত যাতায়তৰ ক্ষেত্ৰত পুণৰ দুৰ্ভোগৰ সন্মুখিন হৈছে কণ কণ শিক্ষাৰ্থীসকল৷ বিশেষকৈ ঢকুৱাখনা আৰু মাজুলীৰ সীমাৰেখা খেৰকটীয়া নদীৰ ওপৰত ঢকুৱাখনা মাজুলী সংযোগী পথত নিৰ্মাণ কৰিব লগা দলংখন মাজুলীৰ অংশত পৰাৰ বাবেই মাজুলীৰ বিধায়কে গুৰুত্ব নিদিয়াত জৰাজীৰ্ণ কাঠৰ দলংখন মাজতে ভাগি পৰিল বুলি অভিযোগ তুলি দৈব্যক্ৰমে কোনো লোকৰ হানি বিঘিণি ন’হল বুলিও জানিবলৈ দিয়ে স্বানীয় ৰাইজে৷ বৃহত্তৰ কেকুঁৰি পমুৱা, দাংধৰা আদি অঞ্চলৰ জনসাৰণে ঢকুৱাখনা সদৰৰ পৰিৱতে মাজুলীৰ নয়াবজাৰৰ ওপৰতেই অধিক নিৰ্ভৰশীল হব লগা হোৱাত উক্ত পথটো ঢকুৱাখনা সমষ্টিবাসীৰ বাবে অতি গুৰুত্বপূৰ্ণ পথ হিচাপে চিহ্নিত হৈ অহাত অঞ্চলৰ জনসাধাৰণে স্বানীয় বিধায়ক নৱ কুমাৰ দলেক বহুবাৰ আবেদন নিবেদন জনাই অহাৰ পিছতো কোনো ফল নধৰাত উপায়ন্ত হৈ ঢকুৱাখনা মাজুলী সংযোগী সীমাৰ খেৰকটীয়া নদীৰ ওপৰত এখন স্বায়ী দলং নিৰ্মাণৰ কৰি অঞ্চলৰ জনসাধাৰণৰ লগতে কণ কণ শিক্ষাৰ্থী সকলৰ ভবিষ্যত সুৰক্ষিত কৰিবলৈ ৰাজ্যৰ জনদৰদী মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক দাবী জনাইছে ঢকুৱাখনা আৰু মাজুলীৰ দুই সমষ্টি বাসীয়ে ৷

প্ৰেৰক ৰাজেশ বুঢ়াগোহাঞি

You might also like