নিয়মীয়া বাৰ্তা, ১৯ জুলাই : দেশে স্বাধীনতা লাভ কৰা ৭৬ বছৰৰ পিছতো যাতায়তৰ ক্ষেত্ৰত নাৰক যান্তনা ভোগ কৰি অহা সোৱণশিৰি মৰনৈ চাপৰি, পমুৱা, বাঘগাঁও, গৰৈমাৰী চুক আদি অঞ্চলৰ জনসাধাৰণে মৰা কঢ়া নদীৰ ওপৰত বাঁহৰ দলং নিৰ্মাণ কৰি যাতায়ত অব্যাহত ৰাখিব লগা হোৱাত নিজকে স্বাধীন দেশৰ নাগৰিক হয়নে বুলিও প্ৰশ্ন তুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক এখন স্থায়ী দলঙৰ নিৰ্মাণৰ দাবী জনাইছে অঞ্চলৰ জনসাধাৰণৰ লগতে শিক্ষাৰ্থীসকলে ৷ ঢকুৱাখনা ঘুণাসুতী পথৰ শংকৰদেৱ হাইস্কুলৰ কাষেৰে পাঘালি-পাতিৰচুক হৈ গোগামুখলৈ যাতায়ত কৰিব পৰা অতি চমু পথটোৰ মৰা চামপৰা নদীৰ ওপৰত এখন স্বায়ী দলং নিৰ্মাণৰ বাবে অঞ্চলৰ জনসাধাৰণে বছৰ বছৰ ধৰি আবেদন নিবেদন জনাই অহাৰ পিছতো ৰাজ্য চৰকাৰ বা লোক নিৰ্মাণ বিভাগে কোনো ধৰণৰ গুৰুত্ব নিদিয়াত প্ৰতিটো বাৰিষাতে অঞ্চলৰ ৰাইজে গাঠিৰ ধন ভাঙি, ৰাজহুৱা শ্ৰম দানেৰে বাঁহ কাঠ গোটাই বাঁহৰ দলং নিৰ্মাণ কৰি যাতায়ত কৰিব লগা হয় ৷ খৰালি নদীৰ শুকান বুকুৰে আৰু প্ৰতিটো বাৰিষাতে ৰাইজে গাঠিৰ ধন ভাঙি নিৰ্মাণ কৰি লোৱা বাঁহৰ দলঙেৰে বিপদসংকুল যাতায়ত কৰিব লগা হয় অঞ্চলটোৰ শিক্ষাৰ্থীসকলে৷ ঢকুৱাখনা সমষ্টিৰ জনসাধাৰণক কেৱল আশা দি কলীয়া পানীলৈ পৰ্যবেক্ষিত কৰা প্ৰাক্তন মন্ত্ৰী তথা বিধায়ক ভৰত নৰহে অঞ্চলটোৰ জনসাধাৰণৰ দুখ দুদৰ্শাৰ প্ৰতি তিলমানো গুৰুতৰ নিদিয়াত সীমাহীন সমস্যাৰে যাতায়ত অব্যাহত ৰখা দুদৰ্শাগ্ৰস্থ ৰাইজে পৰিৱতনকামী ৰাজ্য চৰকাৰৰ প্ৰাক্তন মন্ৰী তথা ঢকুৱাখনাৰ বিধায়ক নৱ কুমাৰ দলেৰ মুখলৈ অধিৰ আগ্ৰহেৰে চাই আহিছিল যদিও দিন অতিবাহিত হোৱাৰ লগে লগেই ৰাইজৰ আস্থা আৰু বিশ্বাস হেৰুৱাৰ উপক্ৰম হৈছে বুলিও তীব্ৰ ক্ষুভ ব্যক্ত কৰিছে জনসাধাৰণে ৷ তদুপৰি পথটোৰ মৰা চামপৰা নদীৰ ওপৰত এখন স্বায়ী দলং নিৰ্মাণ কৰি যাতায়ত ব্যৱস্থাৰ সুচল কৰি দিলে ব্হত্বৰ অঞ্চলৰ জনসাধাৰণ উপক্ত হোৱাৰ উপৰিও দুৰ দুৰণিবটীয়া সত্ৰ দৰ্শনাৰ্থী সকলেও অতি কম সময়তে গোগামুখৰ পৰা বৰদৈ-পাতিচুক-পাঘালি হৈ ঐতিহাসিক বাসুদেৱ থান নৰোৱা সত্ৰৰ দৰ্শন লাভ কৰিব পাৰিব বুলিও জানিবলৈ দি এইক্ষেত্ৰত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই বিশেষ পদক্ষেপ গ্ৰহণ কৰি শিক্ষাৰ্থীসকলৰ জীৱন সুনিশ্চিত কৰি তুলিবলৈকো দাবী জনাইছে শিক্ষাৰ্থীসকলৰ লগতে সমগ্ৰ অঞ্চলবাসীয়েও ৷
প্ৰেৰক ৰাজেশ কুমাৰ বুঢ়াগোহাঞি