নিয়মীয়া বাৰ্তা, ১০ অক্টোবৰ : পৰিৱৰ্তনৰ নামত ৰাজ্য চৰকাৰে ৰঙীণ বিজ্ঞাপন দি উন্নয়নৰ জয়গান গাই থকাৰ সময়তে ঢকুৱাখনা সমষ্টিৰ গ্ৰামাঞ্চলত উন্নয়ন বিচাৰি হাহাকাৰ কৰিছে ৰাইজে। সমষ্টিটোৰ ঘিলামৰা উন্নয়ন খণ্ডৰ অধীনস্থ দেউলীয়া পঞ্চায়তত কঢ়া নদীৰ আমগুৰি ঘাটত আজি পৰ্যন্ত নিৰ্মাণ নহ’ল এখন দলং। উন্নয়নৰ পৰশ নপৰা অঞ্চলটোৰ ৫-৬খন গাঁৱৰ ৰাইজে কঢ়া নৈৰ ওপৰত থকা এখন বাঁহৰ দলঙেৰে বছৰ বছৰ ধৰি অব্যাহত ৰাখিছে বিপদসংকুল যাতায়াত। মহকুমা সদৰ ঢকুৱাখনাৰ সৈতে সংযোগ কৰা অতিকৈ চমু পথ হিচাপে বিবেচিত আখৈফুটীয়া-ঢকুৱাখনা সংযোগী পথটোৰ আমগুৰি ঘাটত কঢ়া নৈৰ ওপৰত স্থানীয় ৰাইজে বাৰম্বাৰ চৰকাৰক এখন পকী দলং নিৰ্মাণৰ বাবে আবেদন-নিবেদন কৰি আহিছে যদিও চৰকাৰে এইক্ষেত্ৰত কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই। ফলত খৰালি বাঁহৰ দলং আৰু বাৰিষা টুলুঙা নাৱেৰে শ শ স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ লগতে ৰোগীয়েও বিপদসংকুলভাৱে যাত্ৰা কৰিবলগীয়া হয়। ইয়াৰ পিছতো ৰাইজৰ দীর্ঘদিনীয়া সমস্যাটো সমাধানৰ প্ৰতি কাণসাৰ নাই চৰকাৰ তথা স্থানীয় জনপ্ৰতিনিধিৰ। যাতায়াতৰ নামত বছৰ বছৰ ধৰি যমৰ যাতনা ভুগি অহা অঞ্চলটোৰ ৰাইজ সোমবাৰে ওলাই আহিল নৈৰ পাৰলৈ। নৈৰ পাৰত অঞ্চলটোৰ ভুক্তভোগী ৰাইজ একত্ৰিত হৈ পকী দলং আমাক লাগিবই, পকী দলং নিৰ্মাণ কৰক, ন’ দলং ন’ ভোট, আমাৰ দাবী ন্যায্য দাবী আদি শ্ল’গানেৰে উত্তাল কৰি তোলে পৰিৱেশ। ৰাজনৈতিক দলৰ নেতাসকলে কেৱল অঞ্চলটোৰ ৰাইজক লৈ ভোটবেংকৰ ৰাজনীতি কৰি আহিছে বুলি স্থানীয় ৰাইজে ক্ষোভ প্ৰকাশ কৰে। আগন্তুক লোকসভা নিৰ্বাচনৰ পূৰ্বেই আমগুৰি ঘাটৰ কঢ়া নৈৰ ওপৰত পকী দলং নিৰ্মাণ কৰিবলৈ ৰাজ্য চৰকাৰৰ লগতে স্থানীয় বিধায়ক নৱ কুমাৰ দলে আৰু সাংসদ প্ৰদান বৰুৱাক দাবী জনায় স্থানীয় ৰাইজে৷ এইবাৰ দলং নিৰ্মাণ নহ’লে ভোট বৰ্জনৰ হুংকাৰ অঞ্চলটোৰ ৰাইজৰ।
প্ৰেৰক পুলকজ্যোতি বৰা