নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰক্ষেত্ৰীৰ ব্ৰাইট ষ্টাৰ একাডেমীৰ বৰ্বৰ শিক্ষকৰ বেত্ৰাঘাতত আহত শিক্ষাৰ্থী

নিয়মীয়া বাৰ্তা, ১৩ জুন : বৰক্ষেত্ৰী শিক্ষা খণ্ডৰ অন্তৰ্গত ৰামপুৰৰ এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ এগৰাকী পঞ্চম শ্ৰেণীৰ ছাত্ৰক বিদ্যালয়খনৰ এগৰাকী শিক্ষকে অমানুসিকভাৱে শাৰীৰিক নিৰ্যাতন চলোৱা কাৰ্যক সকলোৱে একমুখে ধিক্কাৰ দিছে। ৰামপুৰ গাঁৱত স্থাপন কৰা ব্ৰাইট ষ্টাৰ ইংলিছ একাডেমী নামৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়খনৰ পঞ্চম শ্ৰেণীৰ কণমানি ছাত্ৰগৰাকীক অতি বৰ্বৰভাৱে প্ৰহাৰ কৰি পলায়ন কৰা শিক্ষকগৰাকীৰ নাম হৈছে দিগন্ত বৈশ্য। ছাত্ৰগৰাকীয়ে বেঞ্চত লিখাৰ অপৰাধত তেওঁক বৰ্বৰভাৱে প্ৰহাৰ কৰিলে শিক্ষক দিগন্ত বৈশ্যই। শিক্ষকগৰাকীৰ বৰ্বৰ প্ৰহাৰত ছাত্ৰগৰাকীৰ গোটেই শৰীৰটোৱে বখলা বখলি দি উখহি আছে। আহত ছাত্ৰগৰাকীক পৰিয়ালৰ লোকে ততাতৈয়াকৈ মুকালমুৱা মহকুমা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱাই যদিও চিকিৎসকে তেওঁক উন্নত চিকিৎসাৰ বাবে বৰপেটা মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰে। ঘটনা সংঘটিত কৰিয়ে বৰ্বৰ শিক্ষকীয়ে গোপনে বিদ্যালয়ৰ পৰা পলায়ন কৰে। আনহাতে, ভুক্তভোগী ছাত্ৰগৰাকীৰ পৰিয়ালৰ লোকে ঘটনাৰ উচিত তদন্ত বিচাৰি দৌলাশাল আৰক্ষী চকীত শিক্ষকগৰাকীৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰিছে।

প্ৰেৰক প্ৰদীপ কুমাৰ কলিতা

You might also like