ৰহাত দৰিদ্ৰতাৰ হেঙাৰ গুচাই মেধাৰ জ্যোতিৰে জ্যোতিষ্মান কৃতী ছাত্ৰ-ছাত্ৰী।
নিয়মীয়া বাৰ্তা, ৯ জুন: নগাঁও জিলাৰ অন্যতম ঐতিহ্য মণ্ডিত ঠাই ৰহাত বৈছে আনন্দৰ বন্যা। সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈছে ৰহাৰ বহু সংখ্যক কৃতি ছাত্ৰ-ছাত্ৰী। অন্য সকলৰ তুলনাত সামান্য পৃথক এই ছাত্ৰ-ছাত্ৰী সকলৰ ফলাফলে পিতৃ-মাতৃ তথা পৰিয়ালৰ চকুত বিৰিঙাইছে আনন্দৰ চকুলো। কাৰণ এই সকলে একাগ্ৰতা আৰু অধ্যৱসায়ৰ বাবে সকলো বাধাক নেওচি উপনীত হৈছে নিজ লক্ষ্যো। তেওঁলোকে প্ৰমাণ কৰিছে, শিক্ষা অৰ্জনত অন্তৰাই নহয় দৰিদ্ৰতা। কেৱল লাগিব নিজৰ অধ্যৱসায় আৰু চেষ্টা। এই প্ৰচেষ্টাৰে সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৯৪ শতাংশ নম্বৰে উজলিল ৰহাৰ ঔম প্ৰকাশ বনিয়া নামৰ এজন ছাত্ৰ। পিতৃ নৃপেন বনিয়া পেছাত এজন অট’চালক। দিনৰ দিনটো যাত্ৰীৰ ভাড়া মাৰি অট’চলাই উপাৰ্জন কৰা টকাৰে কোনোমতে ঘৰ চলোৱা পিতৃ নৃপেন বনিয়া আৰু বৰ্ণালী বনিয়াৰ একমাত্ৰ পুত্ৰ ঔম প্ৰকাশ বনিয়াক পঢ়াৰ ক্ষেত্ৰত দিব পৰা নাছিল পৰ্যাপ্ত পৰিমাণৰ যোগাৰ। এফালেদি পৰিয়াল পোহপালনৰ দায়িত্ব, আৰু আনফালেদি একমাত্ৰ পুত্ৰ ঔম প্ৰকাশক পঢ়া শুনাত সুবিধা দিয়াৰ দায়িত্ব। যাৰ বাবে বৰ্হিৰাজ্যতো শ্ৰমিক হিচাপে কাম কৰিবলৈ বাধ্য হৈছিল পিতৃ। সময়ৰ তাগিদাত পুত্ৰক পঢ়া শুনাত সময় দিবলৈ তাতো বেছিদিন থাকিব নোৱাৰি ঘৰলৈ ওভতি আহি ভাড়ালৈ এখন টেম্পু চলাই। পাছলৈ এখন পুৰণা টেম্পু নিজে ক্ৰয় কৰি পৰিয়ালৰ খৰছ উলিয়াই। টিউচন দিবলৈ হাতত নাই ধন। তথাপিও টিউচনৰ নামত কেইদিনমানৰ বাবে এজন শিক্ষকৰ ওচৰত ইংৰাজী বিষয়ৰ টিউচন কৰিছিল। কেৱল পঢ়াত ব্যস্ত ঔম প্ৰকাশে কেতিয়া ঘৰৰ বাৰান্দাত, কেতিয়াবা দেউতাকৰ অট’ৰিক্সাত বহি নাইবা কেতিয়াবা ঘৰৰ পাছফালে গছৰ তলতো বহি নিজৰ পঢ়াশুনা কৰিছিল। এনে কষ্টৰ ফলত ঔম প্ৰকাশে ৫৬৮ নম্বৰ লাভেৰে ৰহাৰ নাম জিলিকাবলৈ সক্ষম হয়। ৰহা শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ ছাত্ৰ ঔম প্ৰকাশে অসমীয়া বিষয়ত-৮৬; ইংৰাজীত-৯৫; গণিতত-১০০; বিজ্ঞানত-১০০; সমাজ বিজ্ঞানত-৯৬ আৰু সংস্কৃতত-৯১ নম্বৰ লাভ কৰে। ঔম প্ৰকাশৰ ইচ্ছা ভৱিষ্যতে এজন চিকিৎসক হোৱা। দেউতাকৰো ইচ্ছা, পুত্ৰক যিমান পাৰি সহায় কৰা। পিছে আৰ্থিক অভাৱৰ বাবে বাৰে বাৰে থমকি ৰৈছে পিতৃ নৃপেন বনিয়া। অন্যহাতে চাপৰমুখ চেন্ট বেচিল একাডেমীৰ ছাত্ৰ মাধুৰ্য প্ৰতীম কোঁৱৰে ৯১ শতাংশ নম্বৰ লাভেৰে ৰহালৈ গৌৰব কঢ়িয়াইছে। ব্যৱসায়ী ডিম্বেশ্বৰ কোঁৱৰৰ একমাত্ৰ পুত্ৰ মাধুৰ্য প্ৰতীমে অসমীয়া বিষয়ত-৮৫; ইংৰাজীত-৯১; গণিত-৯৮; বিজ্ঞানত-৮৯; সমাজ বিজ্ঞানত-৮৬ আৰু সংস্কৃতত-১০০ নম্বৰ লাভ কৰে। ক্ৰিকেট খেলৰ প্ৰতি আগ্ৰহী মাধুৰ্যই ভৱিষ্যতে এগৰাকী চিকিৎসক হোৱাৰ সপোনেৰে বিজ্ঞান বিভাগত নামভৰ্তি কৰিছে। অন্যহাতে দৰিদ্ৰতাৰ হেঙাৰ গুচাই ৰহাৰ নাম উজলাবলৈ সক্ষম হৈছে ৰিমঝিম বৰদলৈ নামৰ ছাত্ৰী গৰাকী। পিতৃ দিগেন বৰদলৈ পেছাত এজন ইলেকট্ৰিচিয়ান। আৰ্থিক সমস্যাৰ মাজেৰে নিজৰ সন্তানক শিক্ষা লাভৰ ক্ষেত্ৰত আগুৱাই নি ভৱিষ্যতে এগৰাকী চিকিৎসক ৰূপে গঢ় দিয়াৰ সপোন। কালি ঘোষণা কৰা ফলাফলত ৰিমঝিমে বৰদলৈয়ে গণিত, বিজ্ঞান আৰু সমাজ বিজ্ঞানত লেটাৰ নম্বৰ সহ ৭৮ শতাংশ নম্বৰে ষ্টাৰ মাৰ্ক লাভ কৰিবলৈ সক্ষম হৈছে।
প্ৰেৰক ভৱজ্যোতি ডেকা