গুপ্তধনৰ সন্ধান ! সোণাৰিৰ নাফুক চাহ বাগিচাত ব্ৰিটিছ যুগৰ সমাধিক্ষেত্ৰ লণ্ডভণ্ড কৰিলে দুষ্কৃতিকাৰীয়ে
বিশেষ বাৰ্তা, ২৭ মে’ : সোণাৰি নগৰৰ পাৰ্শ্বৱৰ্তী নাফুক চাহ বাগিচাত ব্ৰিটিছ যুগৰ এটা সমাধিস্থল দু্ষ্কৃতিকাৰীয়ে ভাঙি লণ্ড-ভণ্ড কৰাত বাগিচাখনত চাঞ্চল্যৰ সৃষ্টি হৈছে৷ জানিব পৰা মতে, বাগিচাখনত ১৯০৯ চনতে মৃত্যু হোৱা এগৰাকী ব্ৰিটিছ মহিলাক সমাধিষ্ঠ কৰা সমাধিটো কালি নিশা কোনো দুষ্কৃতিকাৰীয়ে খন্দাৰ লগতে ভাঙি লণ্ড-ভণ্ড কৰে৷ উল্লেখ্য, চৰাইদেউ জিলাৰ সদৰ সোণাৰি নগৰৰ পাৰ্শ্বৱতী নাফুক চাহ বাগিচাত ব্ৰিটিছ আমোলত পৰিচালক হিচাপে কাৰ্যনিৰ্বাহ কৰা এগৰাকী ব্ৰিটিছ চাহ বাগিচা পৰিচালকৰ পত্নী লিলিয়ান কেথৰিন ইন্দ্ৰেইনৰ ১৯০৯ চনৰ ২০ জুলাইত মৃত্যু হোৱাত চাহ বাগিচাখনতে মহিলাগৰাকীক সমাধিষ্ঠ কৰা হৈছিল ৷ পৰৱৰ্তী সময়ত ভাৰত স্বাধীন হোৱাৰ পাছত ব্ৰিটিছসকল অসম তথা দেশৰ পৰা আঁতৰি যোৱাৰ পাছতো ব্ৰিটিছ মহিলাগৰাকীৰ স্মৃতি যুগমীয়া কৰি ৰাখিবৰ বাবে নাফুক চাহ বাগিচা কৰ্তৃপক্ষই বিগত ১১৩ বছৰ ধৰি সুৰক্ষিত কৰি ৰখাৰ লগতে আন বহু কেইজন ব্ৰিটিছ চাহাবৰ সমাধি বাগিচাখনত সংৰক্ষিত কৰি ৰখা হৈছে৷ ঐতিহাসিক সমল হিচাপে চিহ্নিত হোবা ব্ৰিটিছ যুগৰ উক্ত সমাধিসমুহ দৰ্শন কৰিবৰ বাবে বহু গৱেষক অহাৰ লগতে পৰ্যটকৰো আকৰ্ষণৰ কেন্দ্ৰ বিন্দু আছিল৷ কিন্তু কালি নিশা কোনো দুষ্কৃতিকাৰীয়ে ব্ৰিটিছ যুগৰ গৌৰৱোজ্বল ঐতিহ্য বহন কৰা সমাধিক্ষেত্ৰ লণ্ড-ভণ্ড কৰা কাৰ্যক স্থানীয় ৰাইজে তীব্ৰ গৰিহণা দিয়াৰ লগতে ঘটনাটোৰ উচিত তদন্ত বিচাৰি নাফুক চাহ বাগিচা কৰ্তৃপক্ষ আৰু বাগিচাৰ শ্ৰমিক ৰাইজে চফ্ৰাই থানাত এজাহাৰ দাখিল কৰিছে৷ আনহাতে, ঘটনাস্থলীত চফ্ৰাই আৰক্ষী উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে যদিও এই পৰ্যন্ত ঘটনাৰ সৈতে জড়িত কোনো লোকক আটক কৰিবলৈ সক্ষম হোৱা নাই৷ ইফালে, ব্ৰিটিছ যুগৰ স্মৃতি বিজড়িত সমাধিক্ষেত্ৰ ধ্বংস কৰা কাৰ্যক চৰাইদেউ জিলাৰ সচেতন মহলে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ লগতে দোষীক কৰায়ত্ব কৰি উপযুক্ত শাস্তি প্ৰদান কৰিবলৈ দাবী জনাইছে৷ ইপিনে দুস্কৃতিকাৰীয়ে কিবা গুপ্তধনৰ সন্ধানত সমাধিক্ষেত্ৰ খন্দা বুলিও জিলাখনৰ সকলোৰে মুখে মুখে চৰ্চিত হৈছে ।
প্ৰেৰক দীপাংকৰ পাল