নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিমলুগুৰিত ভগ্ন কালভাৰ্টে জ্বলাকলা খুৱাইছে ৰাইজক

নিয়মীয়া বাৰ্তা, ৫ জুলাইঃ লখিমপুৰৰ নাৰায়ণপুৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত শিমলুগুৰিত অলপতে প্ৰলয়ংকাৰী বানে ভাঙিলে এটি গুৰুত্বপূৰ্ণ পথৰ ওপৰত থকা কালভাৰ্ট৷ যাৰবাবে পথচাৰীয়ে দূৰ্ভোগ ভুগিবলগীয়া পৰিবেশৰ সৃষ্টি হৈছে৷ জানিব পৰা মতে, শিমলুগুৰিৰ পৰা নতুন দাধৰা হৈ পানীগাঁও সংযোগী গুৰুত্বপূৰ্ণ পথৰ ওপৰত থকা এটি কালভাৰ্টৰ দুয়োটা মূৰ চেঁচানদীৰ বাঢ়নী পানীয়ে উতুৱাই নিয়ে ৷ ফলত ৰাইজৰ মাজত যোগাযোগ বিচ্ছিন্ন হৈ আছে৷ কালভাৰ্টটো তললৈ বহি যোৱাৰ লগতে দুয়োটা পাৰ পানীয়ে খহাই দিয়াত জীয়াতু ভূগিছে ৰাইজে৷ গাড়ী, মটৰ চাইকেল, চাইকেলটো দূৰৈৰ কথা খোজকাঢ়ি যাবলৈও ব্যৱস্থা নাই ৷ ৰাইজে অতি সোনকালে কালভাৰ্টটি বিজ্ঞানসন্মতভাবে নিৰ্মাণ কৰি যাতায়াতৰ ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষক সুচল কৰি তুলিবৰ বাবে আহ্বান জনাইছে৷ অন্যথা ভয়ংকৰ দূৰ্ঘটনা সংঘটিত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে ৷স্মৰ্তব্য, উল্লেখিত পথটোৰ কেইবা ঠাইত যোৱা বৰ্ষৰ বাৰিষা বানপানীয়ে চিঙি নিয়াৰ ফলত খৰালি পথাৰৰ মাজেৰে কোনোমতে ৰাইজ অহাযোৱা কৰাৰ বিপৰীতে এতিয়া চিঙা অংশত এখন বাঁহৰ দলং দি যাতায়াত কৰি আহিছিল৷ কিন্তু পুণৰ উল্লেখিত কালভাৰ্টো ভাঙি যোৱাৰ পথত অন্য ঠাইৰ লগত যোগাযোগ বিচিন্ন হৈ পৰে৷ উল্লেখ্য স্থানীয় বিধায়ক অমিয় কুমাৰ ভূঞাই ৯ এপ্ৰিলত উল্লেখিত পথছোৱাৰ লগতে কালভাৰ্ট নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰিছিল যদিও আজি পৰ্যন্ত ঠিকাদাৰক দেখা পোৱা নাই ৰাইজে ৷ যাৰবাবে ক্ষোভ প্ৰকাশ কৰিছে ৰাইজে ৷

 

প্ৰেৰক দেৱজ্যোতি কাকতি

You might also like