🔹 মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশকো কেৰেপ নকৰে একাংশ গাঁওপ্ৰধানে
নিয়মীয়া বাৰ্তা, ২৩ জুন : মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশকো কেৰেপ নকৰে একাংশ গাঁওপ্ৰধানে।এইবাৰ দালালিত নামিছে খোদ গাঁওপ্ৰধান। মাটি-বাৰীৰ কাম-কাজ আৰু প্ৰমাণ-পত্ৰ দিয়াৰ বাবদ দালালি কৰাৰ অভিযোগ উত্থাপন হৈছে কামৰূপৰ নগৰবেৰা ৰাজহ চক্ৰৰ ২/৩নং টুপামাৰী গাঁৱৰ গাঁওপ্ৰধান মাজিদা বেগমৰ বিৰুদ্ধে |
মাটিৰ কাম-কাজ আৰু প্ৰমাণ-পত্ৰৰ বাবদ ধন লোৱাৰ অভিযোগ উত্থাপন হৈছে গাঁওপ্ৰধানগৰাকীৰ বিৰুদ্ধে । একাংশ সহজ-সৰল, দুখীয়া লোকে উত্থাপন কৰিছে এই অভিযোগ।মাটি-বাৰীৰ কাম-কাজৰ বাবে প্ৰমাণ-পত্ৰ বিচাৰি গ’লেই তেওঁ নিজেই সেই কাম কৰি দিব বুলি কৈ বিচাৰে ধন। এজন-দুজনৰ নহয়, বহুসংখ্যক লোকৰ পৰা ধন লৈও কাম নকৰাৰ অভিযোগ উত্থাপন হৈছে তেওঁৰ বিৰুদ্ধে।
সেয়ে গাঁওপ্ৰধান মাজিদা বেগমৰ কাৰ্যকলাপত ক্ষুণ্ণ হৈ পৰিছে স্থানীয় ৰাইজ। শীঘ্ৰেই গাঁওপ্ৰধানগৰাকীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে স্থানীয় ৰাইজে ।
প্ৰেৰক সঞ্জীৱ কুমাৰ দাস