নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰে’লৱেত চাকৰি দিয়াৰ নামত আমগুৰিত দালালি

🔹  নিবনুৱাৰ ধন লৈ ৰে’লৱে কৰ্মচাৰীৰ পলায়ন 
নিয়মীয়া বাৰ্তা, আমগুৰি, ২৩ ফেব্ৰুৱাৰী : ৰে’ল বিভাগৰ বিভিন্ন পদত চাকৰি দিয়াৰ নামত এজন ৰে’লৱে কৰ্মচাৰীয়ে বৃহৎ পৰিমাণৰ ধন আত্মসাৎ কৰাৰ গুৰুতৰ অভিযোগ উঠিছে। প্ৰাপ্ত তথ্য মতে, আমগুৰি ৰে’লৱে বিভাগত গেটমেন কৰা নাথ উপাধিৰ এজন কৰ্মচাৰীয়ে ৰে’লৱে বিভাগৰ বিভিন্ন পদত চাকৰি দিম বুলি ধন লৈ ভুৱা নিযুক্তি-পত্ৰ দি পলায়ন কৰা বুলি জানিব পৰা গৈছে। প্ৰাপ্ত খবৰ মতে, আমগুৰি ৰে’লৱে বিভাগৰ গেটমেন পদত চাকৰি কৰা এইজন কৰ্মচাৰীয়ে আমগুৰি, জাঁ‌জী, চাৰিং, চেলেংহাট আদি বিভিন্ন অঞ্চলৰ যুৱক-যুৱতীৰ পৰা ৰে’লৱে বিভাগৰ গেং মেন, গেট মেন, ষ্টেচন মাষ্টৰ আদি বিভিন্ন পদত চাকৰি দিম বুলি প্ৰলোভন দি তিনি লাখৰ পৰা দহ লাখ টকা পৰ্যন্ত সংগ্ৰহ কৰাৰ অভিযোগ উঠিছে। জানিব পৰা মতে, দীৰ্ঘদিন ধৰি ৰে’লৱেত চাকৰি দিম বুলি টকা সংগ্ৰহ কৰা এইজন কৰ্মচাৰীয়ে যোৱা ৮ ফেব্ৰুৱাৰীত আমগুৰিৰ পৰা আলিপুৰদুৱাৰলৈ প্ৰশিক্ষণৰ বাবে ৫০জন যুৱকক প্ৰেৰণ কৰিছিল। আলিপুৰদুৱাৰ প্ৰশিক্ষণ কেন্দ্ৰত ইয়াৰ পৰা প্ৰদান কৰা নিযুক্তি-পত্ৰ ভুৱা বুলি জনাই দিয়ে। ভুৱা নিযুক্তি-পত্ৰ বুলি জানিব পাৰি আমগুৰিৰ পৰা যোৱা এইসকল যুৱক ব্যৰ্থ হৈ ঘূৰি আহিব লগা হয়। বহু যুৱক গুৱাহাটীৰ পৰাই ঘূৰি আহে। আমগুৰিৰ পৰা যোৱা যুৱক-যুৱতীসকল ঘূৰি আহি পোৱাৰ আগতেই আমগুৰিৰ এইজন দালাল ৰে’লৱে কৰ্মচাৰী দুদিনৰ ছুটী লৈ আঁতৰি যায়। জানিব পৰা মতে, ১৫ আৰু ১৬ ফেব্ৰুৱাৰীৰ বাবে ছুটী লৈ আজিলৈকে যোগদান কৰা নাই। ঘটনা সংক্রান্তত বিভাগীয় কৰ্তৃপক্ষই যোগাযোগ কৰিবলৈ চেষ্টা কৰিছিল যদিও ফোনৰ ছুইচ অফ আছে বুলি জানিব পৰা গৈছে। আলিপুৰদুৱাৰ আৰু গুৱাহাটীৰ পৰা ঘূৰি আহি চাকৰি বিচৰা যুৱক-যুৱতীসকলেও এইজন নাথ উপাধিধাৰী কৰ্মচাৰীক বিচাৰি চলাথ কৰিছে। কেইবাগৰাকীও যুৱক-যুৱতীয়ে আৰক্ষীৰ লগতো যোগাযোগ কৰিছে যদিও বহুতেই ধন দি চাকৰি ল’ব বিচৰা কথাটো ৰাজহুৱা কৰিব বিচৰা নাই। জানিব পৰা মতে, কেইবাজনো যুৱকে ঘৰৰ মাটি বিক্ৰী কৰি চাকৰিৰ বাবে ধন দিছিল। এতিয়া নিযুক্তি-পত্ৰসমূহ ভুৱা বুলি জানিব পাৰি ধন দিয়া যুৱক-যুৱতীসকলৰ মূৰত সৰগ ভাগি পৰিছে। ৰে’ল বিভাগত চাকৰি দিয়াৰ নামত কোটি টকা লেনদেন হোৱা বুলি জানিব পৰা গৈছে।
You might also like