নিয়মীয়া বাৰ্তা, ৩০ ছেপ্টেম্বৰ : মৰিগাঁও জিলাৰ লাহৰীঘাটৰ ৰাজহ চক্ৰ কাৰ্যালয়ত দুৰ্নীতি নিবাৰক শাখাৰ অভিযান। দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰে লাট মণ্ডল ৰেৱকান্ত ভূঞা। উৎকোচ লোৱাৰ সময়ত দুৰ্নীতি নিবাৰক শাখাই হাতে-লোটে গ্ৰেপ্তাৰ কৰে ৰেৱকান্ত ভূঞা নামৰ লাট মণ্ডলগৰাকীক । এজন ব্যক্তিৰ পৰা মাটি নামজাৰিৰ নামত ৫০০০ টকা উৎকোচ লওঁতে দুৰ্নীতি নিবাৰক শাখাই গ্ৰেপ্তাৰ কৰে। পূৰ্বে আগধন হিচাপে ৩৫০০০ হাজাৰ টকা লৈছিল। আজি বাকী থকা ৫০০০ টকা লওঁতে হাতে-লোটে গ্ৰেপ্তাৰ কৰে দুৰ্নীতি নিবাকৰ শাখাই। লাট মণ্ডলজনৰ লগত থকা নেকবৰ আলী নামৰ দালাল এজনকো গ্ৰেপ্তাৰ কৰে দুৰ্নীতি নিবাৰক শাখাই।
প্ৰেৰক আবুল কালাম