বজালীত নিৰ্মাণ হ’ব কামেশ্বৰ দাসৰ ব্ৰঞ্জৰ প্ৰতিমূৰ্তি
নিয়মীয়া বাৰ্তা, ১ মাৰ্চঃ “অসমৰ এগৰাকী বিদগ্ধ পণ্ডিত, বজালী তথা অসমী আইৰ সুযোগ্য সন্তান একেধাৰে বিশিষ্ট শিক্ষাবিদ, আইনজ্ঞ, গণিতজ্ঞ, ৰাজনীতিবিদ, মুক্তি যুঁজাৰু, অসম লোকসেৱা আয়োগৰ প্ৰথমগৰাকী অসমীয়া অধ্যক্ষ প্ৰয়াত কামেশ্বৰ দাসৰ এটি ব্ৰঞ্জৰ প্ৰতিমূৰ্তি অনাগত সময়ত নিৰ্মাণ কৰি বজালীৰ কোনো বিশেষ স্থানত স্থাপন কৰা হব৷” এই ঘোষণা মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ৷ আজি পাঠশালাত ৮ কোটি টকা ব্যয় সাপেক্ষে বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়নৰ নিৰ্মাণ কাৰ্যৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে৷ ইয়াৰ পিছতে অনুষ্ঠিত এখন সভাত মন্ত্ৰীগৰাকীয়ে উক্ত মন্তব্য কৰি কয় যে অসমৰ দুখনকৈ আগশাৰীৰ শিক্ষানুষ্ঠান ক্ৰমে বৰপেটাৰ মাধৱ চৌধুৰী মহাবিদ্যালয় আৰু বজালী মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ প্ৰয়াত কামেশ্বৰ দাসৰ বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয় স্থাপনৰ ক্ষেত্ৰটো অতি গুৰুত্বপূৰ্ণ অৰিহণা আছে৷ অসমৰ শিক্ষানুষ্ঠানসমূহৰ ভিতৰত এক অন্যতম স্থান দখল কৰা বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ আন্তঃগাঠনি উন্নয়নৰ আধাৰশিলা স্থাপনৰ সময়ত শিক্ষানুষ্ঠানখনৰ স্থাপনাৰ অন্যতম হোতা স্বনামধন্য পণ্ডিত কামেশ্বৰ দাসৰ স্মৃতিচাৰণ কৰি কয় যে কামেশ্বৰ দাসৰ দৰে মহান ব্যক্তিত্বক অনুকৰণ কৰিবলৈ সকলোকে আহ্বান জনায়৷ এনেকুৱা এগৰাকী পুৰোধালৈ শ্ৰদ্ধাঞ্জলি জনাই এক মিনিট মৌনতা অৱলম্বনেৰে আৰম্ভ কৰা সভাত মন্ত্ৰীগৰাকীয়ে আজি শিক্ষানুষ্ঠানখনৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰি নথৈ আনন্দিত হোৱা বুলি ব্যক্ত কৰি কয় যে উত্তৰ-পূব বিশেষ আন্তঃগাঁথনি উন্নয়ন আঁচনিৰ অন্তৰ্গত অসমৰ বিদ্যালয়সমূহৰ ৰূপান্তৰকৰণৰ অধীনত মুঠ ৮ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ হ’বলগীয়া এই আন্তঃগাঁথনিয়ে বিদ্যালয়খনৰ সৰ্বাংগীণ বিকাশৰ লগতে ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক উত্তৰণত বিশেষ অৰিহণা যোগাব৷ বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক হেমাংগ চৌধুৰীয়ে আঁত ধৰা অনুষ্ঠানত বজালী জিলাৰ আয়ুক্ত মৃদুল কুমাৰ দাসে ভাষণ প্ৰদান কৰি শিক্ষানুষ্ঠানখনৰ গুণ গৰিমাৰ কথা উল্লেখ কৰি কয় যে শতিকা গৰকিবলৈ আগবঢ়া ১৯২৬ত স্থাপন হোৱা বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ে যদিও গুণগতভাৱে ভাল ফলাফল প্ৰদৰ্শন কৰি আহিছে কিন্তু বিভিন্ন ব্যক্তিগতখণ্ডৰ শিক্ষানুষ্ঠানৰ তুলনাত ইয়াৰ আন্তঃগাঠনি দুৰ্বল হৈ আছিল৷ এতিয়া আঠ কোটি টকা ব্যয় সাপেক্ষ তিনিমহলীয়া অট্টালিকা নিৰ্মাণৰ এই আঁচনিয়ে শিক্ষানুষ্ঠানখনৰ এই অভাবো দুৰ কৰিব বুলি মন্তব্য কৰি শিক্ষাৰ সতে জড়িত বহু গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াই কয় যে জ্ঞানৰ অন্বেষণ হৈছে এক গতিশীল প্ৰক্ৰিয়া, সেয়েহে ভাল শিক্ষক হবলৈ আজিৰ প্ৰতিদিনে সলনি হৈ থকা জগতত আমি নিজকে আপদেট কৰি ৰাখিব লাগিব৷ তেতিয়াহে আমাৰ জ্ঞানক শিক্ষাৰ্থীসকলে সন্মান জনাব৷ আমি অধিক জ্ঞানী হ’লেহে ছাত্ৰ ছাত্ৰীৰ বাবে আদৰ্শ হব পাৰিম বুলি তেওঁ শিক্ষাৰ সতে জড়িত সমাজক জ্ঞানান্বেষণৰ অসীম যাত্ৰা অব্যাহত ৰাখিবলৈ আহ্বান জনায়৷ অনুষ্ঠানত বিশিষ্ট শিক্ষাবিদ তথা অৱসৰপ্ৰাপ্ত অধ্যাপক মুনীন্দ্ৰ নাৰায়ন গোস্বামীয়ে ভাষণ প্ৰদান কৰি শিক্ষানুষ্ঠানখনৰ ঐতিহ্যৰ ওপৰত আলোকপাত কৰে৷ বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ ৰঞ্জন চক্ৰৱৰ্তীয়ে শলাগৰ শৰাই আগবঢ়োৱা অনুষ্ঠানটোত অসম সৌৰভ কৃষ্ণ ৰয়, অগপৰ বজালী সমষ্টি সমিতিৰ সভাপতি জিণ্টু চৌধুৰী, পাঠশালা পৌৰ সভাৰ পৌৰপতি জলি চৌধুৰী, বজালী জিলা পৰিষদৰ প্ৰাক্তন সভাপতি ৰঞ্জিত শালৈ, পাঠশালা বজাৰ সমিতিৰ সভাপতি গিৰিধৰ চৌধুৰী, প্ৰাক্তন ছাত্ৰ তথা বিশিষ্ট বিজ্ঞানী ভাস্কৰ চৌধুৰী আদি বিশিষ্ট লোক উপস্থিত থাকি ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠানখনৰ আন্তঃগাঠনিৰ উন্নয়নৰ ক্ষেত্ৰত চৰকাৰে গ্ৰহণ কৰা পদক্ষেপক আদৰণি জনায়৷
প্ৰেৰক কল্যাণ কলিতা